বেতবাৰী (মৌজা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বেতবাৰী (ইংৰাজী: Betbari) হৈছে শিৱসাগৰ জিলাৰ এক অন্যতম বৃহৎ মৌজা। অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো বেতবাৰী আছে যদিও দিচাংপৰীয়া এইখন বেতবাৰীৰ কথা সুকীয়া। প্ৰবল পৰাক্ৰমী আহোম ৰাজতন্ত্ৰৰ দুখনকৈ ৰাজধানী গড়গাওঁ (হেমেনাবাৰী) আৰু ৰংপুৰ (কলঞ্চুপাৰ) ৰ নিচেই কাষৰীয়া এইখন বেতবাৰীৰ ইতিহাস অতি চহকী। মূলত ‘বেত’ৰ পৰাই বেতবাৰী নামৰ উৎপত্তি হৈছে। বেতবাৰীৰ প্ৰতিটো চুকে–কোণে আহোম ইতিহাসৰ স্বাক্ষৰ বহনকাৰী অসংখ্য এতিয়াও সিঁচৰতিহৈ আছে। সেইবোৰৰ ভিতৰত বাহঁগড়, ধাই আলি, টাইমুৱা আলি, মৌপিয়া পুখুৰী, মিঠাপুখুৰী, তামোলী পুখুৰী, আইদেউ পুখুৰী, টেঙানি পুখুৰী, উধান পুখুৰী, গোধা পুখুৰী, শুকান পুখুৰী, বৰপাত্ৰ দ’ল আৰু পুখুৰী, চিকন সৰিয়হৰ মৈদাম, পাঁচশ বছৰ পুৰণি পৃথিৱীৰ বিৰল প্ৰজাতিৰ উদ্ভিদৰ অন্যতম ‘কেন্দুগছ’, বৰপাত্ৰ ডাঙৰীয়াৰ থান উল্লেখনীয়।

বাঘ ধৰি সেই বাঘক ঘৰচীয়া কৰি বিভিন্ন প্ৰশিক্ষণ দিয়া ‘বাঘ চোৱাল বৰপাত্ৰ’ৰ পৰিয়াল, স্বৰ্গদেউ চক্ৰধ্বজ সিংহক হত্যা কৰি আহোম ৰাজ শাসন নিজৰ দখললৈ নিব বিচৰা ‘চিকন সৰিয়হ’. স্বৰ্গদেউ চাওলুং চুহুংমুঙৰ ৰাজমন্ত্ৰী কনচেং বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, আহোম ৰাজতন্ত্ৰৰ অন্যতম ৰাজনীতিজ্ঞ দিলিহিয়াল দীঘলা বুঢ়াগোহাঁই, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজমন্ত্ৰী, সাহিতজ্ঞ তথা ‘মনিকূট’ পুথিৰ ৰচক লেচেংগীয়াল বৰপাত্ৰ গোহাঁই আদিৰ দৰে আহোম যুগৰ বিশিষ্ট ব্যক্তিসকলৰ জন্মভূমি আছিল এই বেতবাৰী। এই বেতবাৰীৰে ‘মেলামৰা’ হ’ল অসমৰ প্ৰথমখন ‘গছতলৰ বিহু’ মৰা ঠাই। মান- ভগন তথা ব্ৰিটিছৰ দিনতো এই মেলামৰাত গছ তলৰ বিহু বন্ধ হোৱা নাছিল। বিখ্যাত শৰাইঘাট যুঁজত যি আহোম নৌ-সেনাই বৃ্হৎ মোগলক নৌ-সেনাক পৰাস্ত কৰিছিল সেই আহোম নৌ-সেনাৰ সমৰ-সজ্জাৰ অনুশীলনৰ অন্যতম দুখন বিল মেৰবিল আৰু শিঙিবিল এই বেতবাৰীতেই আছে। বিখ্যাত কোৱামৰা সত্ৰ বেতবাৰীৰ আন এক পৰিচয়।

বলিউডৰ বিখ্যাত চাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, অসমৰ প্ৰবীণ মহিলা এথেলিটসকলৰ অন্যতম বুধিমাই থাপা বেতবাৰীৰে সন্তান। শিৱসাগৰ জিলা সদৰৰ পৰা মাত্ৰ পাচঁ কিলোমিটাৰ উত্তৰে অৱস্থিত বেতবাৰীৰ পোষ্ট অফিচ (পোঃ অঃ) মিঠাপুখুৰী। বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেতবাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বেতবাৰী মজলীয়া বিদ্যালয়, বাহগড় উচ্চ মাধ্যমিক বিদ্যালয়, বাহঁগড় ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বাহঁগড় কনিষ্ঠ মহাবিদ্যালয়, শুকানপুখুৰী কনিষ্ঠ মহাবিদ্যালয় এই অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰধান অনুষ্ঠান।

বেতবাৰীৰ চাৰিসীমা: বকতা মৌজা (পূৱ), ৰাজমাই আৰু ডিমৌ (উত্তৰ), পাণবেচা আৰু ধাই আলি (পশ্চিম), হাঁহচৰা আৰু দিখৌ নৈ (দক্ষিণ)।