বেতাল পঞ্চবিংশতি
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। বেতাল পঞ্চবিংশতি বিশ্ব সাহিত্যৰ এক মূল্যৱান ৰচনা। ইয়াত থকা পুৰণি সাধুবোৰ বৰ সুন্দৰ আৰু নীতিশিক্ষামূলক। সেইবাবেই ইয়াৰ জনপ্ৰিয়তা যথেষ্ট। ঘাইকৈ শিৱদাস নামেৰে এজনে এই সাধুবোৰ ৰচনা কৰিছিল বুলি জনা গʼলেও গ্ৰন্থখনৰ লেখক হিচাপে জন্তল ভট্ট আৰু বেতাল ভট্ট নামৰ দুজনৰো উল্লেখ আছে।
ৰচয়িতা
[সম্পাদনা কৰক]বিখ্যাত কাশ্মিৰী লেখক সোমদেৱৰ কথা সৰিৎসাগৰ আৰু আন এজন লেখকৰ আচাৰ্য ক্ষেমেন্দ্ৰৰ বৃহৎ কথামঞ্জৰীতো বেতাল পঞ্চবিংশতিৰ সাধু অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোক আছিল একাদশ শতিকাৰ লেখক। গতিকে বেতাল পঞ্চবিংশতিৰ কাহিনীবোৰ নিশ্চিতভাৱে তাতোকৈ পুৰণি।
বিষয়বস্তু
[সম্পাদনা কৰক]মহাৰাজ বিক্ৰমাদিত্যক বেতালে পঁচিশটা সাধু কৈছিল বুলি গ্ৰন্থখনত উল্লেখ কৰা হৈছে। বেতাল পঞ্চবিংশতিত বেতালৰ সেই পঁচিশটা সাধুৰ বৰ্ণনা আছে। প্ৰত্যেকটো সাধু শেষ কৰি বেতালে বিক্ৰমাদিত্যৰ জ্ঞান আৰু সততাৰ পৰীক্ষা লʼবলৈ এটাকৈ প্ৰশ্ন সুধিছে। বিক্ৰমাদিত্যই তাৰ শুদ্ধ উত্তৰ দিছে। গতিকে কেৱল সাধু কেইটাই নহয়, সেইকেইটা কোৱাৰ ধৰণটোও বেছ কৌশলী আৰু কৌতূহল উদ্দীপক।
মুখ্য চৰিত্ৰ
[সম্পাদনা কৰক]- বিক্ৰমাদিত্য: উজ্জয়িনীৰ ৰজা বিক্ৰমাদিত্য ন্যায় পৰায়ণ, দানী, জ্ঞানী, গুণী, বীৰ, সু-প্ৰজাপালক।
- বেতাল: বেতাল হʼল মৰিশালীৰ মৃতদেহৰ ভিতৰত থকা এক প্ৰেতাত্মা।
- অন্যান্য: ইয়াৰ উপৰিও এজন তান্ত্ৰিকৰ লগতে প্ৰত্যেক সাধুতে নতুন নতুন অলেখ চৰিত্ৰ আ্ছে।
তথ্যৰ উৎস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Vikram & Vetaal - containing the Singhasan Battisi and the Baital Pachisi (Annotated)
- Twenty-Two Goblins সম্পৰ্কীয় তথ্য গুটেনবাৰ্গ প্ৰকল্পত চাওক।: Translation by
- Original Sanskrit text by Somadeva in Harvard-Kyoto transliteration