বেলজিয়ামৰ নাৰী
বেলজিয়ামৰ মহিলাসকল হৈছে বেলজিয়ামত বাস কৰা বা বেলজিয়ামৰ পৰা অহা ইউৰোপীয় মহিলা। প্ৰজন্মৰ পিছত প্ৰজন্মধৰি বেলজিয়ামৰ মহিলাসকলে "বৃত্তিগত লিংগৰ ব্যৱধান" প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মৰ মহিলাসকলৰ বাবে "সেৱাত অংশকালীন চাকৰি"ৰ উপলব্ধতা বৃদ্ধি পোৱাৰ বাবেই এনে হৈছে। ১৯৯৯ চনত এগৰাকী বেলজিয়ামৰ মহিলাৰ গড় উপাৰ্জন আছিল এজন বেলজিয়ামৰ পুৰুষৰ দৰমহাৰ ৯১ শতাংশ। যেতিয়া বেলজিয়ামৰ মহিলাসকল অংশকালীন কামত জড়িত নহয়, তেতিয়াও তেওঁলোকে মহিলা আৰু পুৰুষ সংগীৰ মাজত হোৱা চুক্তিৰ ওপৰত নিৰ্ভৰ কৰি "ঘৰুৱা কাম অধিক কৰে"৷[1]
ইউৰোপৰ আন বেছিভাগ দেশৰ দৰেই পৰিয়াল আইনেও পৰম্পৰাগতভাৱে স্বামীক আইনী কৰ্তৃত্ব প্ৰদান কৰিছে; কিন্তু ২০ শতিকাৰ দ্বিতীয়াৰ্ধত ইয়াৰ সংস্কাৰ ঘটিছে। ১৯৫৮ চনত স্বামীৰ বৈবাহিক ক্ষমতা বিলুপ্ত কৰা হয় যদিও সম্পত্তিৰ আইনসমূহৰ সংস্কাৰ ১৯৭০ চনতহে কৰা হয়, যেতিয়া স্বামী-স্ত্ৰীৰ মাজত আইনী লিংগ সমতা স্থাপন কৰা হয়।[2] ১৯৭৯ চনত ব্ৰাছেলছৰ আপিল আদালতে বৈবাহিক ধৰ্ষণক স্বীকৃতি দি পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ গুৰুতৰ হিংসাত জড়িত হোৱা স্বামীক ধৰ্ষণৰ অপৰাধমূলক অপৰাধত দোষী বুলি বিবেচনা কৰে। আদালতৰ যুক্তি আছিল যে, যদিও স্বামীৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ ‘অধিকাৰ’ আছিল, তথাপিও তেওঁ হিংসাৰ ব্যৱহাৰ কৰি সেইটো দাবী কৰিব নোৱাৰে৷ কিয়নো বেলজিয়ামৰ আইন অনুসৰি মানুহক হিংসাৰ দ্বাৰা নিজৰ অধিকাৰ লাভ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। [3][4]১৯৮৭ চনত ব্যভিচাৰক অপৰাধমুক্ত কৰা হয়।[5] ১৯৮৯ চনত বৈবাহিক ধৰ্ষণক আইনৰ অধীনত অন্যান্য ধৰ্ষণৰ দৰেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।[6] ২০০৩ চনত বেলজিয়ামত সমলিংগ বিবাহ বৈধ ঘোষণা কৰা হয়।২০০৭ চনৰ ছেপ্টেম্বৰ মাহত বেলজিয়ামত বিবাহ বিচ্ছেদ আইন উদাৰীকৰণ কৰা হয়। একবিংশ শতিকাত বিবাহ আৰু প্ৰজননৰ মাজৰ সম্পৰ্ক হ্ৰাস পাইছে আৰু ২০১২ চনত ৫২.৩% জন্ম বিবাহ-বৰ্হিভূত হিচাপে গণ্য কৰা হৈছিল।[7]
১৯৯৫ চনৰ পৰা সংসদত মহিলাৰ প্ৰতিনিধিত্ব ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।[8] ২০০৭ চনত সংসদীয় নবীকৰণৰ পিছত নিম্ন বা একক সদনত মহিলাসকলে ৫৫খন আসন গ্ৰহণ কৰিছে আৰু এয়া মুঠ আসনৰ ৩৬.৭%৷[8] ২০১৪ চনত সেই সংখ্যা সামান্য বৃদ্ধি পাই ৫৭ হয় আৰু নিম্ন বা একক সদনত শতাংশ ৩৮লৈ বৃদ্ধি হয়।[9] ২০০৭ চনত সংসদৰ উচ্চ সদনত মহিলাৰ সংখ্যা ৭১ গৰাকীৰ ভিতৰত ২৭ গৰাকী আছিল, যিটো আছিল মুঠ শতাংশৰ ৩৮।[8] সেই সংখ্যা ২০১৪ চনত উচ্চ সদনত মুঠ ৫০% মহিলালৈ বৃদ্ধি পায়।[9] বেলজিয়ামত এখন আইন আছে য’ত ৰাজনৈতিক দলসমূহে কমেও ৩৩ শতাংশ মহিলাক মনোনীত কৰিব লাগিব৷ লক্ষ্য পূৰণ নকৰা দলসমূহে নিষেধাজ্ঞাৰ সন্মুখীন হয়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ De Lannoy, Jean and Ruben A. Lombaert. "Belgium". Advameg, Inc.. http://www.everyculture.com/A-Bo/Belgium.html। আহৰণ কৰা হৈছে: 26 October 2013.
- ↑ The Oxford Encyclopedia of Women in World History, by Bonnie G. Smith, pp 332.
- ↑ "Country Details". Lawschool.cornell.edu. http://www.lawschool.cornell.edu/womenandjustice/Legal-and-Other-Resources/DisplayCountry.cfm?CountryID=7। আহৰণ কৰা হৈছে: 2013-06-15.
- ↑ Corps de femmes: sexualité et contrôle social. https://books.google.com/books?id=TEqZlC3bNiYC। আহৰণ কৰা হৈছে: 2013-06-15.
- ↑ "Document législatif n° 4-162/1". senate.be. http://www.senate.be/www/?MIval=/publications/viewPub.html&COLL=S&LEG=4&NR=162&VOLGNR=1&LANG=fr। আহৰণ কৰা হৈছে: 17 June 2016.
- ↑ "Legislation Dans Les Etats Membres du Conseil de L'Europe en Matiere de Violence A L'Egard des Femmes". http://www.coe.int/t/dghl/standardsetting/violence/EG%282009%29%203_Legislation_F.pdf। আহৰণ কৰা হৈছে: 2009-12-20.
- ↑ "Eurostat - Tables, Graphs and Maps Interface (TGM) table". europa.eu. http://ec.europa.eu/eurostat/tgm/table.do?tab=table&plugin=1&language=en&pcode=tps00018। আহৰণ কৰা হৈছে: 17 June 2016.
- ↑ 8.0 8.1 8.2 8.3 "Women in Parliament in 2007: The Year in Perspective." Ipu.org. Inter-Parliamentary Union, 2008. Web. 24 July 2017.
- ↑ 9.0 9.1 "Women in National Parliaments." Women in Parliaments: World Classification. 1 July 2017. Web. 24 July 2017.