বে'লৰ পৰিঘটনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
09:10, 16 February 2018-ত Gitartha.bordoloi (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (নতুন পৃষ্ঠা: thumb|right|ছাৰ [[চাৰ্লছ বে'ল]] '''বে'লৰ পৰিঘটনা''' (বা '''palpebral oculogyric re...)
ছাৰ চাৰ্লছ বে'ল

বে'লৰ পৰিঘটনা (বা palpebral oculogyric reflex[1]) এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন য'ত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল।[2] এই পৰিঘটনাটোক স্কটিছ শল্য চিকিৎসক আৰু শৰীৰতত্ববিদ চাৰ্লছ বে'লৰ নামেৰে নামকৰণ কৰা হৈছে।

প্ৰায় ৭৫% লোকৰ ক্ষেত্ৰত বে'লৰ পৰিঘটনা দেখা যায়। চকু জপাওঁতে বা আশংকা হ'লে (যেনে ব্যক্তিজনৰ কৰ্নিয়া স্পৰ্শ কৰিবলৈ কৰা চেষ্টা) এই ৰক্ষামূলক প্ৰতিৱৰ্তী কৌশল পোৱা যায়। গিয়া বাৰী ছীন্দ্ৰ'মত (Guillain–Barré syndrome) বা আন ৰোগত দ্বিপাক্ষিক বে'লৰ পক্ষাঘাত হ'লে অৰ্বিকুলাৰিছ অকুলি পেশী দুৰ্বল হৈ পৰে আৰু তেতিয়া এই পৰিঘটনা লক্ষণীয় হয়। স্বাস্থ্যবান মানুহে চকু জোৰেৰে জপালে পতাৰ পাছফালে হোৱা এই ঘটনাক অৱশ্যে ৰোগৰ চিহ্ন বুলি গণ্য কৰিব নালাগে।

তথ্যসূত্ৰ

  1. Francis Fraco IC. "BELL'S PHENOMENON: A STUDY OF 508 PATIENTS". Australian and New Zealand Journal of Ophthalmology খণ্ড 12: 15–21. doi:10.1111/j.1442-9071.1984.tb01119.x. 
  2. Jones D. H (2001). "Bell's phenomenon should not be regarded as a pathognomonic sign". BMJ খণ্ড 323 (7318): 935. doi:10.1136/bmj.323.7318.935. 
  • Smith J, Henderson B (2001). "(Minerva.)". BMJ খণ্ড 323: 118. doi:10.1136/bmj.323.7304.118. 
  • Basic Ophthalmology: Page 110, Ocular and Orbital Injuries, Vasim Lala.