বৈৰাতী নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৈৰাতী নৃত্য (ইংৰাজী: Bairati dance) পশ্চিমবংগৰ ঠাইবিশেষে প্ৰচলিত এক লোকনৃত্য৷ সাধাৰণতে বিয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি এই নৃত্য নচা হয়৷ পশ্চিম বংগৰ কোচবিহাৰ জিলা এলেকাৰ গ্ৰামীণ জনজীৱনত এই নৃত্যৰ প্ৰভাৱ বেছি৷ আগৰ দিনত বিয়াৰ দিন ঠিক হোৱাৰ পৰা কইনা বিদায়লৈকে বিভিন্ন পৰ্বত এই নৃত্য চলি থাকে৷ এই নৃত্যত কেৱল বিবাহিতা মহিলাসকলেহে অংশ গ্ৰহণ কৰে৷ বিয়াৰ দৰা-কইনা উভয়ৰে সৈতে মিতিৰালি থকা কোনো মহিলাক “বৈৰাতী’’ হিচাপে নিৰ্বাচন কৰা হয়৷ বৈৰাতী হোৱাৰ উপযুক্ত দৰা-কইনাৰ সম্পৰ্কীয় কোনো নাথাকিলে গাঁৱৰ কোনো মহিলাক বৈৰাতী কৰি অনা হয়৷ বৈৰাতীৰ ওপৰতে গোটেই বিয়াখনৰ সকলো সামাজিক আচাৰ-অনুষ্ঠান সুচাৰুৰূপে পালনৰ দায়িত্ব থাকে৷ বিয়াৰ প্ৰতিটো পৰ্বৰে বেলেগ বেলেগ গীত গাই মহিলাসকলে বৈৰাতী নৃত্য পৰিৱেশন কৰে৷ কইনাঘৰত কইনা বৰণ কৰা সময়ত কইনাৰ চাৰিওফালে আৰু দৰা আহিলে, দৰা বৰণৰ সময়ত দৰাক ঘেৰি ধৰি এই নৃত্য নচা হয়৷ সাধাৰণ আৰু পৰিপাটী সাজ পৰিধান কৰি বৈৰাতীয়ে বিয়াঘৰৰ আন মহিলাসকলক লৈ নৃত্য কৰে৷ নাচৰ সময়ত বৈৰাতীৰ হাতত “চাইলন’’ থাকে, অৰ্থাৎ বৰণ-ডলা থাকে৷ সাধাৰণ ডলাতকৈ কাণটো বেছি ওখ এই ডলাত থাকে বৰণৰ সামগ্ৰী, আঠিয়া কল আৰু জ্বলি থকা চাকি৷

বৰ্তমান কালত সচৰাচৰ বিয়াসমূহত বৈৰাতী নৃত্য পৰিৱেশন কৰা দেখা নাযায়৷ বৰ্তমান ই মঞ্চৰ মাধ্যমেৰে সময়ে সময়ে পৰিৱেশন কৰা হয়৷ মঞ্চত পৰিৱেশন কালত দৰা-কইনা বৰণৰ সময়ত হাতত “বৰণ-ডলা’’ লৈ নচা অংশহে দেখুওৱা হয়৷ সাজ-সজ্জাতো নতুনত্ব অনাৰ চেষ্টাত ৰঙা পাৰিৰ শাৰী পিন্ধি নানা অলংকাৰ পৰিধান কৰা হয়৷ আগৰ দিনত বিয়াৰ পৰ্ব বা দৰা-কইনাক ঘেৰি নৃত্য কৰাৰ যি আংগিক তাকো সলনি কৰি গানৰ লগত মিলাই বিভিন্ন নতুন ভংগীমা প্ৰয়োগ কৰি দুটা শাৰীৰ শাৰীবদ্ধ হৈ এই নৃত্য নচা দেখা যায়৷[1] বৈৰাতী নৃত্যক কমলাসুন্দৰী নাচ নামেৰেও জনা যায়৷ এই নাচৰ জনপ্ৰিয় এটি গীত হ’ল;

ভাল কৰিয়া বাজান ৰে ঢাকুৱা
সুন্দৰী কমলা নাচে৷
কমলা সুন্দৰীৰ পেন্দনেৰ শাৰী
ৰৈদে ঝিলমিল কৰে
নাচিতে নাচিতে কমলা সুন্দৰী
হালিয়া হালিয়া পৰে ৰে৷[2]

বৈৰাতী নৃত্যৰ বাদ্যযন্ত্ৰ হ’ল, চাহনাই, কাৰখা, টাসি (ঢোলক), বোম (ড্ৰাম) আদিৰ লগত আন থলুৱা বাদ্য৷ বৰ্তমান মঞ্চ মাধ্যমত বৈৰাতী নৃত্যক বৰণ নাচ নামেৰেও জনা যায়৷ এই নাচৰ যোগেৰে সন্মানীয় আমন্ত্ৰিত ব্যক্তিক বৰণ কৰা হয়৷

চাইলন বাতি চাইলন চায়
ঐনা নাকেৰ নোলোক ঢুল খেলায়
ওকি ও ৰে শ্বশুৰ দুলালী আই মোৰ
আচ্ছা বৰণ বৰিয়া নেও ৰে৷ [3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "কোচবিহাৰেৰ বৈৰাতি নৃত্যে আধুনিকতা, অম্বিকা ভাণ্ডাৰী". https://www.lokogandhar.com/%E0%A6%95%E0%A7%8B%E0%A6%9A%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%AC%E0%A7%88%E0%A6%B0%E0%A6%BE%E0%A6%A4%E0%A7%80-%E0%A6%A8%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%87/। আহৰণ কৰা হৈছে: 10 March 2023. 
  2. ভকত, ড° লাবণ্য (২০২১). কোচ ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃষ্ঠা. ৩২৮. ISBN 978-93-81678-81-7. 
  3. https://ir.nbu.ac.in/bitstream/123456789/1703/10/10_chapter_05.pdf