বৌদ্ধ আধুনিকতাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৌদ্ধ আধুনিকতাবাদ, আধুনিক বৌদ্ধ ধৰ্ম,[1] বৌদ্ধ ধৰ্ম,[2] নব্য বৌদ্ধ ধৰ্ম[3] বা নৱযানে[4] বৌদ্ধ ধৰ্মৰ আধুনিক পুনৰ্ব্যাখ্যাৰ ওপৰত আধাৰিত আন্দোলনসমূহক বুজায়।[5][6][7] ডেভিড মেকমাহানৰ মতে, বৌদ্ধ ধৰ্মৰ আধুনিকতাবাদ আন ধৰ্মৰ আধুনকতাবাদৰ দৰেই। এই আধুনিকতাবাদৰ উৎস বৌদ্ধ ধৰ্মীয় সম্প্ৰদায় আৰু গুৰুসমূহৰ নতুন সংস্কৃতি আৰু চিন্তাধাৰাৰ সৈতে পৰিচয়, যেনে-পশ্চিমীয়া একেশ্বৰবাদ, যুক্তিবাদ আৰু বৈজ্ঞানিক প্ৰকৃতিবাদ তথা ৰোমাণ্টিক প্ৰকাশবাদ[8] পশ্চিমীয়া একেশ্বৰবাদৰ প্ৰভাৱেৰে বৌদ্ধ দেৱতাসকল পশ্চিমীয়া সমাজত স্বীকৃত হৈছে।[9] বৈজ্ঞানিক প্ৰকৃতিবাদ আৰু ৰোমাণ্টিকতাবাদৰ ফলত বৌদ্ধ ধৰ্মৰ পৰলোকৰ সলনি ইহলোকৰ সৈতে সম্বন্ধিত লাভালাভৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে :- যেনে ব্যৱহাৰিক যুক্তি, তৰ্ক, মানসিক আৰু স্বাস্থ্য-সম্বন্ধীয় লাভ আদি।[10]

পৰম্পৰাগত বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

নব্য-বৌদ্ধ ধৰ্মৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ থেৰবাদ, মহাযান, বজ্ৰযান আদিৰ সৈতে পাৰ্থক্য আছে। পশ্চিমীয়া প্ৰাচ্যবাদী আৰু সংস্কাৰমনা এছিয়ান বৌদ্ধ ধৰ্মাৱলম্বীৰ একেলগে হোৱা উদয়ৰ ফলত বৌদ্ধ আধুনিকতাবাদত বৌদ্ধ ধাৰণাসমূহৰ নতুন ব্যাখ্যা প্ৰদান কৰা হৈছে, আৰু পৰম্পৰাগত তত্ত্ব, ব্ৰহ্মাণ্ডবিজ্ঞান, ৰীতি-নীতি, সত্ৰবাদ, লিপিক শ্ৰেণীবিন্যাস তথা মূৰ্তি পূজাক কম গুৰুত্ব প্ৰদান কৰা হৈছে।[11] কুই ডে লা ভালি পুচিনৰ ১৯১০ চনৰ লেখত পোৱা এই সংজ্ঞা এছিয়ান ধৰ্মৰ ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক অধ্যয়নত ব্যৱহৃত।[12]

উদাহৰণ[সম্পাদনা কৰক]

নব্য বৌদ্ধ ধৰ্মীয় আন্দোলনৰ উদাহৰণ মানৱবাদী বৌদ্ধ ধৰ্ম, ধৰ্মনিৰপেক্ষ বৌদ্ধ ধৰ্ম, নিযুক্ত বৌদ্ধ ধৰ্ম, নৱযান, নিৰিচেন বৌদ্ধ ধৰ্ম যেনে চকা গাক্কাই, গিৰ' চেন'অ'ৰ য়ুথ লীগ ফৰ ৰিভাইটেলাইজিং বুদ্ধিজম, ডবকাই আন্দোলন আৰু ইয়াৰ উত্তৰসূৰী, নতুন কাডাম্পা পৰম্পৰা আৰু তিব্বতী বৌদ্ধ গুৰুসকলৰ পশ্চিমত মিছনাৰী কাৰ্যকালাপ (যেনে ফ্ৰাঞ্চৰ বৌদ্ধ আন্দোলন), বিপশ্যনা আন্দোলন, ত্ৰিৰত্ন বৌদ্ধ সম্প্ৰদায়, ধৰ্ম ডবা পৰ্বত, ফ' গুৱাং শ্বান, ৱন বৌদ্ধ ধৰ্ম, মহান পশ্চিমীয়া যান, জু চি আৰু জুনিপাৰ ফাউণ্ডেচন

টোকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lopez 2002, পৃষ্ঠা. 10.
  2. Prebish & Baumann 2002.
  3. H. L. Seneviratne (1999). The Work of Kings. University of Chicago Press. পৃষ্ঠা. 25–27. ISBN 978-0-226-74866-5. https://books.google.com/books?id=j0IyA_CtW64C. 
  4. "IRICS 2005 / Section: Media systems: their evolution and innovation". www.inst.at. https://www.inst.at/irics/speakers_g_m/kwee.htm. 
  5. McMahan 2008, পৃষ্ঠা. 5–7, 32–33, 43–52.
  6. Christopher W. Gowans (2014). Buddhist Moral Philosophy: An Introduction. Routledge. পৃষ্ঠা. 18–23, 91–94. ISBN 978-1-317-65935-8. https://books.google.com/books?id=8W8KBAAAQBAJ&pg=PA91. 
  7. Christopher W. Gowans (2014). Buddhist Moral Philosophy: An Introduction. Routledge. পৃষ্ঠা. 18–23, 91–94. ISBN 978-1-317-65935-8. https://books.google.com/books?id=8W8KBAAAQBAJ&pg=PA91. 
  8. McMahan 2008, পৃষ্ঠা. 6-10.
  9. McMahan 2008, পৃষ্ঠা. 54.
  10. McMahan 2008, পৃষ্ঠা. 63-68, 85-99, 114–116, 177, 250-251.
  11. McMahan, David L. (2010), Buddhist Modernism, Oxford University Press, doi:10.1093/obo/9780195393521-0041 
  12. de la Vallee Poussin, Louis (1910). "VI. Buddhist Notes: Vedanta and Buddhism". Journal of the Royal Asiatic Society of Great Britain & Ireland (Cambridge University Press) খণ্ড 42 (1): 129–140. doi:10.1017/s0035869x00081697. https://zenodo.org/record/1428646. , Quote: "A historical study of Neo-Buddhism would be very interesting, as an episode of the intellectual conquest of the East by the West and vice versa."

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

অতিৰিক্ত পঠনসামগ্ৰী[সম্পাদনা কৰক]