ব্যক্তিগত আখ্যান
ব্যক্তিগত আখ্যান (ইংৰাজী: Personal narrative) হৈছে সাধাৰণতে প্ৰথম পুৰুষে (নিজে) কোৱা ব্যক্তিগত অভিজ্ঞতাক সম্পৰ্কীয় গদ্য আখ্যান; ইয়াৰ বিষয়বস্তু অগতানুগতিক।[1] "ব্যক্তিগত" বুলিলে নিজৰ জীৱন বা অভিজ্ঞতাৰ কাহিনীক বুজোৱা হয়। "অগতানুগতিক" বুলিলে আখ্যানৰ সাধাৰণ মাপকাঠীৰ লগত খাপ নোখোৱা সাহিত্যক বুজোৱা হয়।
জীৱন কাহিনী
[সম্পাদনা কৰক]ব্যক্তিগত আখ্যানৰ সৈতে মিল থকা জীৱন কাহিনীৰ বিষয়ে চাৰ্লট লিণ্ডে লিখিছে: "জীৱন কাহিনী হৈছে এজন ব্যক্তিৰ নিজৰ জীৱনকালৰ সকলো কাহিনী বৰ্ণনা কৰা আৰু ইয়াৰ লগত জড়িত ইতিহাস, ব্যাখ্যা আৰু সম্পৰ্ক আদি সম্পৰ্কে দিয়া বক্তৃতা আদিৰে গঠিত।" জীৱন কাহিনীত সন্নিৱিষ্ট কাহিনী আৰু সংশ্লিষ্ট বক্তৃতাসমূহত পৃথিৱীখনৰ অৱস্থাৰ সাধাৰণিকৰণ কৰাৰ সলনি বক্তাৰ কোনো এটা বিন্দুৰ প্ৰাথমিক মূল্যায়নহে সন্নিবিষ্ট হৈ থাকে। এই কাহিনী আৰু বক্তৃতাসমূহ হৈছে ব্যক্তিজনৰ জীৱনৰ প্ৰতিবেদনস্বৰূপ।"[2]
লিণ্ডে জীৱন কাহিনী আৰু আত্মজীৱনীৰ সাদৃশ্য আৰু পাৰ্থক্য আছে বুলিও উল্লেখ কৰিছে: “জীৱন কাহিনী আৰু আত্মজীৱনীৰ পাৰ্থক্যৰ প্ৰাথমিক হৈছে, আত্মজীৱনী মৌখিক নহয়, ই লিখিত ৰূপ। অধিক নিৰ্দিষ্টভাৱে আত্মজীৱনীয়ে ইতিহাস, দাবী আৰু বজাৰৰ সৈতে জড়িত হৈ এক সাহিত্যৰ ধাৰা গঠন কৰে। ’[3] জেফ টড টিটনে ব্যক্তিগত আখ্যানক জীৱন কাহিনীৰ সৈতে অতি মিল থকা বুলিও উল্লেখ কৰিছে। “জীৱন কাহিনী হ’ল, সৰলভাৱে, এজন ব্যক্তিৰ নিজৰ জীৱনৰ কাহিনী বা তেওঁ যিটোক সেই জীৱনৰ এটা উল্লেখযোগ্য অংশ বুলি ভাবে।”[4] টিটনে আৰু কয় যে ব্যক্তিগত আখ্যান কথা-বতৰাৰ পৰাই উদ্ভৱ হয়। লিণ্ডা ডেঘৰ মতে ব্যক্তিগত আখ্যানৰ উদাহৰণ হ’ব “জীৱন ইতিহাসৰ যিকোনো অংশ, য’ত পাৰিবাৰিক জীৱন, বৃত্তি, মনোৰঞ্জন, উদযাপন, ধৰ্ম, সংকট, অসুস্থতা আৰু ভ্ৰমণৰ গুৰুত্বহীন সবিশেষলৈ ডাঙৰ ডাঙৰ টাৰ্নিং পইণ্ট অন্তৰ্ভুক্ত কৰা হয়, এটা আখ্যানলৈ বিশদভাৱে প্ৰকাশৰ বাবে সামগ্ৰী প্ৰদান কৰিব পাৰে।”[5]
জীৱন কাহিনীৰ দুটা সংহতি নীতিৰ দ্বাৰা ব্যক্তিগত আখ্যানক সংগঠিত কৰিব পাৰি: কাৰ্যকাৰণ আৰু ধাৰাবাহিকতা। কাৰণ আৰু ফলাফলৰ মাজৰ সম্পৰ্কক কাৰ্যকাৰণ বোলে। অৰ্থাৎ এটা কৰ্ম আন এটা কৰ্মৰ ফল। ধাৰাবাহিকতা হৈছে কিছু সময়ৰ ভিতৰত কিবা এটাৰ সামঞ্জস্যপূৰ্ণ অস্তিত্ব।[3]
উইলিয়াম লাবভে ব্যক্তিগত আখ্যানক সংজ্ঞায়িত কৰিছে যে “অভিজ্ঞতাক পুনৰ সংক্ষিপ্ত কৰাৰ এক মৌখিক কৌশল, বিশেষকৈ কোনো পৰিঘটনাক সময়ৰ ক্ৰমৰ সৈতে মিলাই আখ্যান নিৰ্মাণৰ কৌশল।”[6] লাবভে যুক্তি আগবঢ়ায় যে আখ্যানক বিমূৰ্ত, অভিমুখীতা, জটিলতা, সমাধান, মূল্যায়ন, আৰু সংকেত আদি উপশ্ৰেণীত বিভক্ত কৰিব পাৰি। সাধাৰণতে কাহিনীএটাৰ আৰম্ভণিৰ সাৰাংশটোৱেই হৈছে বিমূৰ্ত।[6] লাবভে লক্ষ্য কৰিছে যে অভিমুখীতাই (পৰিচয়) শ্ৰোতাক ব্যক্তি, স্থান, সময় আৰু আচৰণৰ পৰিস্থিতিৰ প্ৰতি সন্মান জনাই অভিমুখী কৰাৰ কাম কৰে। অভিমুখীতাই কাহিনীটো কেনেকৈ আৰম্ভ হয় সেই কথা কয়। এটা উদাহৰণ হ’ব “মই ছান ফ্ৰান্সিস্কোৰ ভঁৰাললৈ গৈছিলো।”[6] এটা আখ্যানৰ জটিলতা হ’ল সংঘাত। জটিলতা হৈছে আখ্যানৰ মূল বিভাগ কিয়নো জটিলতা অবিহনে কোনো সমাধান হ’ব নোৱাৰে। লাবভে লিখিছে যে এই জটিলতা নিয়মিতভাৱে এটা ফলাফলৰ দ্বাৰা সমাপ্ত হয়।[6] এই ফলাফলক মূল্যায়ন বুলি কোৱা হয়। মূল্যায়ন তেতিয়া হয় যেতিয়া লেখকে কাহিনীটোত ঘটা পৰিঘটনাসমূহৰ ওপৰত চিন্তা কৰে।[6] ব্যক্তিগত আখ্যানত এইটো সাধাৰণ কথা। সংকেত এটা সিদ্ধান্তৰ আন এটা প্ৰতিশব্দ। সংকেতে সিদ্ধান্তৰ উপনীত হৈ মূল্যায়নৰ সামৰণি মাৰিবলৈ সহায় কৰে। শেষত লাবভে লক্ষ্য কৰিছে যে সাধাৰণতে কোনো বাহ্যিক উদ্দীপকৰ প্ৰত্যুত্তৰ হিচাপে আখ্যানবোৰ কোৱা হয়।[6]
ব্যক্তিগত আখ্যানৰ ক্ষেত্ৰত যেনে পৰিৱেশন আৰু সমাজভাষিক আদি বিভিন্ন পদ্ধতি প্ৰয়োগ কৰিব পাৰি। পৰিৱেশন মানে হৈছে কোনো কাৰ্য্য নিৰ্বাহ কৰা।[7] নতুন আৰু সংহত পদ্ধতি হিচাপে পৰিৱেশনে অধিক পৰম্পৰাগত পদ্ধতিৰ ফলত হোৱা পাঠ্য আৰু প্ৰসংগ বিভাজনক অতিক্ৰম কৰে।[7] ব্যক্তিগত আখ্যানক কথোপকথনমূলক পাৰস্পৰিক ক্ৰিয়া-কলাপ হিচাপে ক’লে লেংগেলিয়াৰে ভাবে যে কাহিনীৰ পাঠ্য হিচাপে ব্যক্তিগত আখ্যান আৰু জীৱন কাহিনী কোৱাৰ মাজত যোগাযোগৰ এক সুকীয়া একক হিচাপে আখ্যানৰ ধাৰণা এটা ভাগ কৰা হয়। কথোপকথনমূলক পাৰস্পৰিক ক্ৰিয়া-কলাপ অৰ্থাৎ মুখামুখিকৈ মৌখিক বৰ্তালাপ বুজায় আৰু কাহিনীৰ পাঠে প্ৰকৃত লিখিত আখ্যানক বুজায়। সামাজিকভাষিক পদ্ধতিসমূহত বিভিন্ন কৌশল উদ্দেশ্য, তুলনা, সম্পৰ্ক, আৰু সামগ্ৰিক মূল্যায়ন আদি অন্তৰ্ভুক্ত কৰা হয়। এটা বিশেষ পৰিঘটনা বিকশিত কৰিবলৈ উদ্দেশ্যসমূহ ব্যৱহাৰ কৰা হয়। তুলনাই প্ৰকৃত পৰিঘটনাটোৰ পৰা আঁতৰি গৈ আৰু কি হ’ব পাৰিলেহেঁতেন সেই বিষয়ে বিবেচনা কৰে। সম্পৰ্কই দুটা পৰিঘটনাক এটা স্বতন্ত্ৰ বাক্যৰে যোগ কৰে। মূল্যায়নে সময়ৰ আগলৈ পিছলৈ যাবলৈ আখ্যানক বাধা দিয়ে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Dolby, Thomas. "The Personal Narrative as an Oral Literary Genre". https://mymasonportal.gmu.edu/webapps/blackboard/execute/content/file?cmd=view&content_id=_5186983_1&course_id=_275740_1.
- ↑ Linde, Charlotte (1993). "What is a Life Story?". Life Stories: The Creation of Coherence. New York: Oxford University Press. pp. 20–50.
- ↑ 3.0 3.1 Linde, Charlotte. "What is a Life Story?". https://mymasonportal.gmu.edu/webapps/blackboard/execute/content/file?cmd=view&content_id=_5187390_1&course_id=_275740_1.
- ↑ Titon, Jeff. "The Life Story". https://mymasonportal.gmu.edu/webapps/blackboard/execute/content/file?cmd=view&content_id=_5115869_1&course_id=_275740_1.
- ↑ Degh, Linda (1985). "When I was 6 We Moved West: The Theory of Personal Experience". NewYork Folklore. https://mymasonportal.gmu.edu/webapps/blackboard/execute/content/file?cmd=view&content_id=_5115867_1&course_id=_275740_1। আহৰণ কৰা হৈছে: 2015-12-04.
- ↑ 6.0 6.1 6.2 6.3 6.4 Labov, William; Waletzky, Joshua (1997). "Narrative Analysis: Oral Versions of Personal Experience". Journal of Narrative and Life History খণ্ড 7 (1–4): 3–38. doi:10.1075/jnlh.7.02nar.
- ↑ 7.0 7.1 Langellier, Kristen (1989). "Personal Narratives: Perspectives on Theory and Research". Text and Performance Quarterly খণ্ড 9 (4): 243–276. doi:10.1080/10462938909365938.
- ↑ De Fina, Anna (2012). "Narrative as Text and Structure". https://mymasonportal.gmu.edu/bbcswebdav/pid-5237234-dt-content-rid-76554533_1/courses/XLSU5201570/gatling054.pdf.[সংযোগবিহীন উৎস]