ব্লকচেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্লকচেইনৰ গঠন: ক'লা ৰঙৰ মূল শৃঙ্খলটো সেউজীয়া ৰঙৰ জেনেচিচ ব্লক বা প্ৰথম ব্লকটো পৰা আৰম্ভ হোৱা সৰ্বাধিক ব্লকৰ অনুক্ৰম, আনহাতে বেঙুনীয়া ৰঙৰ অনাথ ব্লকবোৰ মূল শৃঙ্খলটোৰ বাহিৰত আছে।

ব্লকচেইন (ইংৰাজী: blockchain)[1][2][3] হৈছে ক্ৰমাগত বৰ্ধমান ৰেকৰ্ডৰ এক তালিকা যি ক্ৰিপ্ট'গ্ৰাফিৰ দ্বাৰা সংযুক্ত আৰু সুৰক্ষিত। প্ৰতিটো ৰেকৰ্ডক একো একোটা ব্লক বোলা হয়।[1][4] প্ৰতিটো ব্লক সেই ব্লকটোৰ পূৰ্বৰ ব্লকৰ এটি ক্ৰিপ্ট'গ্ৰাফিক হ্যেচ (cryptographic hash), সময়-মোহৰ (timestamp) আৰু লেনদেনৰ সমন্বিত তথ্যৰে গঠিত হয়।[4]

গঠনগতভাবে ব্লকচেইনৰ তথ্য পৰিবৰ্তনৰোধী। ব্লকচেইন হৈছে "দুটা পক্ষৰ মাজত হোৱা লেনদেনৰ নিপুণ তথা বৈধিকৰণ কৰিব পৰা এক মুক্ত আৰু বিতৰিত স্থায়ী খতিয়ান"।[5] বিতৰিত তথ্যভাণ্ডাৰ (distributed ledger) হিচাপে ব্যৱহাৰৰ বাবে কোনো ব্লকচেইন পিয়েৰ-টু-পিয়েৰ (গ্ৰাহকৰ পৰা গ্ৰাহকলৈ) নেটৱৰ্ক সংগঠনৰ মাধ্যমেৰে ব্যৱস্থাপনা কৰা হয় আৰু ই এটা ব্লকৰ পৰা আন এটা ব্লকলৈ কৰা যোগাযোগ প্ৰক্ৰিয়া আৰু ব্লক বৈধিকৰণৰ প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট নিয়ম মানি চলৈ। এবাৰ কোনো ব্লকত তথ্য অন্তৰ্ভূক্ত কৰাৰ পাছত সেই ব্লকটো সালসলনি কৰিব পাৰা নাযায়। যদিহে সালসলনি কৰিব বিচাৰে, তেন্তে সেই ব্লকৰ অনুক্ৰমত থকা সকলো পৰবৰ্তী ব্লককে সলনি কৰিব লাগিব। সেয়ে ব্লক সালসলনিৰ প্ৰচেষ্ঠাই নেটৱৰ্কটোত বিশৃঙ্খলতা সৃষ্টি কৰে। এনেবোৰ বৈশিষ্ট্যৰ বাবেই ব্লকচেইনক পৰিবৰ্তনৰোধী, সুৰক্ষিত তথা বিকেন্দ্ৰীকৃত বুলিব পাৰি।[6]

২০০৮ চনত বিটকইন নামৰ ক্ৰিপ্ট'কাৰেন্সীৰ ৰাজহুৱা লেনদেনৰ খতিয়ানক সুৰক্ষিতৰূপে সংৰক্ষণ আৰু ব্যৱহাৰ বাবে ছাটোছি নাকামোটো ছদ্মনামৰ ব্যক্তি বা গোষ্ঠীয়ে ব্লকচেইনৰ উদ্ভাৱন কৰে।[1] ছাটোছি নাকামোটোৰ প্ৰকৃত পৰিচয় অজ্ঞাত। ব্লকচেইন উদ্ভাৱনৰ ফলত বিটকইন কোনো বিশ্বস্ত প্ৰতিষ্ঠান অথবা কেন্দ্ৰীয় চাৰ্ভাৰৰ অবিহনে দ্বৈত-খৰচ বা double-spending নামৰ জটিল সমস্যাটোৰ সমাধান কৰা প্ৰথম ডিজিটেল মুদ্ৰা ৰূপে পৰিগণিত হয়। বৰ্তমানে ব্লকচেইনৰ ব্যৱহাৰ বিটকইনতে সীমিত নাথাকি অন্য ক্ৰিপ্ট'কাৰেন্সী আৰু ক্ষেত্ৰলৈও বিয়পি পৰিছে।[7] বাণিজ্যিক ব্যৱহাৰৰ বাবে ব্যক্তিগত ব্লকচেইনৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে।[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Blockchains: The great chain of being sure about things". The Economist. 31 October 2015. Archived from the original on 3 July 2016. https://web.archive.org/web/20160703000844/http://www.economist.com/news/briefing/21677228-technology-behind-bitcoin-lets-people-who-do-not-know-or-trust-each-other-build-dependable। আহৰণ কৰা হৈছে: 18 June 2016. "The technology behind bitcoin lets people who do not know or trust each other build a dependable ledger. This has implications far beyond the crypto currency.". 
  2. Morris, David Z. (15 May 2016). "Leaderless, Blockchain-Based Venture Capital Fund Raises $100 Million, And Counting". Fortune. Archived from the original on 21 May 2016. https://web.archive.org/web/20160521015602/http://fortune.com/2016/05/15/leaderless-blockchain-vc-fund/। আহৰণ কৰা হৈছে: 2016-05-23. 
  3. Popper, Nathan (21 May 2016). "A Venture Fund With Plenty of Virtual Capital, but No Capitalist". The New York Times. Archived from the original on 22 May 2016. https://web.archive.org/web/20160522034932/http://www.nytimes.com/2016/05/22/business/dealbook/crypto-ether-bitcoin-currency.html। আহৰণ কৰা হৈছে: 2016-05-23. 
  4. 4.0 4.1 Narayanan, Arvind; Bonneau, Joseph; Felten, Edward; Miller, Andrew; Goldfeder, Steven (2016). Bitcoin and cryptocurrency technologies: a comprehensive introduction. প্ৰকাশক Princeton: Princeton University Press. ISBN 978-0-691-17169-2. 
  5. Iansiti, Marco; Lakhani, Karim R. (January 2017). "The Truth About Blockchain". Harvard Business Review (Harvard University). Archived from the original on 18 January 2017. https://web.archive.org/web/20170118052537/https://hbr.org/2017/01/the-truth-about-blockchain। আহৰণ কৰা হৈছে: 2017-01-17. "The technology at the heart of bitcoin and other virtual currencies, blockchain is an open, distributed ledger that can record transactions between two parties efficiently and in a verifiable and permanent way." 
  6. Raval, Siraj (2016). "What Is a Decentralized Application?". Decentralized Applications: Harnessing Bitcoin's Blockchain Technology. O'Reilly Media, Inc.. পৃষ্ঠা. 12. ISBN 978-1-4919-2452-5. OCLC 968277125. https://books.google.com/books?id=fvywDAAAQBAJ&pg=PA1। আহৰণ কৰা হৈছে: 6 November 2016. 
  7. "Blockchain may finally disrupt payments from Micropayments to credit cards to SWIFT". dailyfintech.com. 10 February 2018. https://dailyfintech.com/2018/02/10/bitcoin-will-finally-disrupt-the-credit-card-rails/। আহৰণ কৰা হৈছে: 2018-11-18. 
  8. Hampton, Nikolai (5 September 2016). "Understanding the blockchain hype: Why much of it is nothing more than snake oil and spin". Computerworld. Archived from the original on 6 September 2016. https://web.archive.org/web/20160906171838/http://www.computerworld.com.au/article/606253/understanding-blockchain-hype-why-much-it-nothing-more-than-snake-oil-spin/। আহৰণ কৰা হৈছে: 2016-09-05.