সমললৈ যাওক

ব্লু ৰে ডিস্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ব্লু ৰে ডিক্সৰ পৰা পুনঃনিৰ্দেশিত)
ব্লু ৰে ডিস্ক
ব্লু ৰে ডিস্ক এখনৰ পিছফাল
মিডিয়াৰ প্ৰকাৰ উচ্চ তথ্য ঘনত্বৰ আলোক (অপ্টিকেল) ডিস্ক
এনক’ডিং H.262/MPEG-2 Part 2
H.264/MPEG-4 AVC
VC-1
ক্ষমতা ২৫ জিবি (একক-প্ৰলেপ)
৫০ জিবি (দ্বৈত-প্ৰলেপ)
১০০/১২৮জিবি (BDXL)
ব্লকৰ আকাৰ ৬৪কেবি ইচিচি
পঢ়ন প্ৰক্ৰিয়া 405 nm diode laser:
 @ 36 Mbit/s (4.5 MB/s)
বিকাশ কৰিছে ব্লু-ৰে ডিস্ক এচ’ছিয়েচন[1]
মাত্ৰা ১২০ মিমি ব্যাস
১.২ মিমি ডাঠ[2]
ব্যৱহাৰ তথ্য সংৰক্ষণ
হাই ডেফিনেশ্বন ভিডিঅ’ (১০৮০পিক্সেল)
ইন্টেল হাই ডেফিনেশ্বন অ’ডিঅ’
ষ্টেৰিঅ’স্ক’পিক 3D (ত্ৰিমাত্ৰিক)
প্লে ষ্টেচন গেমসমূহ

ব্লু ৰে ডিস্ক (ইংৰাজী: Blu-ray Disc) হৈছে হাই ডেফিনেশ্বন (HD) ভিডিঅ’ আৰু বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এবিধ আলোকীয় (অপ্টিকেল) ডিস্ক। ই চিডি বা ডিভিডি এখনৰ সৈতে সমান আকাৰৰ, এখন চিডিয়ে ৭০০ এম বি আৰু এখন ডিভিডিয়ে ৪.৭ জিবি সংৰক্ষণ কৰিবৰ পৰাৰ বিপৰীতে এখন ব্লু ৰে ডিস্কে প্ৰতিটো তৰপ(প্ৰলেপ)ত ২৫ জিবি তথ্য সংৰক্ষণ কৰিব পাৰে। দ্বৈত প্ৰলেপৰ এনে এখন ডিস্কে ৫০জিবি পৰ্যন্ত তথ্যা সংৰক্ষণ কৰিব পাৰে। ই প্ৰায় চাৰি ঘন্টাৰ HD ভিডিঅ’ সংৰক্ষণ কৰিব পাৰে। তিনিটা আৰু চাৰিটা প্ৰলেপ থকা এনে ডিস্ক এখনে ক্ৰমে ১০০ আৰু ১২৮ জিবি তথ্য ৰাখিব পাৰে, ব্লু ৰে ডিস্কত সংৰক্ষিত শব্দ বজাব(প্লে কৰিব)ৰ বাবে BD-ROM প্লেয়াৰ এটাই ড’লবি ডিজিটেল, ডি টি এছ(DTS) আৰু ৰৈখিক এম টি এছ (MTS) সমৰ্থন কৰাতো উচিত। ব্লু ৰে ডিস্ক এখনক পঢ়িবৰ বাবে প্ৰয়োজন হোৱা নীলা-বেঙুণীয়া লেজাৰ ৰশ্মিৰ পৰা এই ডিস্কৰ "ব্লু ৰে" শব্দ দুটা আহিছে। আনহাতেদি ডিভিডি এখন পঢ়িবৰ বাবে তুলনামূলক ভাবে অধিক তৰংগদৈৰ্ঘৰ ৰঙা লেজাৰ ব্যৱহাৰ কৰা হয়। নীলা লেজাৰক কম ঠাইতেই অভিসাৰিত কৰিবৰ পৰাৰ বাবে, ডিভিডিৰ তুলনাত এনে ডিস্কত অধিক ঘনত্বত তথ্য সংৰক্ষণ কৰিব পৰা যায়। ডাৰ্ক নাইট নামৰ ব্লু ৰে ডিস্ক বিধ মুক্তিৰ প্ৰথম সপ্তাহতে এক নিযুত খন বৃদ্ধি হোৱা প্ৰথমবিধ এনে ডিস্ক আছিল। ই ডিভিডিত কৈ অধিক দাগ ৰোধী।

প্ৰকাৰ ব্যাস
(ছে.মি.)
প্ৰলেপ(তৰপ) ক্ষমতা
বাইট জিবি
মান আকাৰৰ ডিস্ক, একক প্ৰলেপ১২২৫,০২৫,৩১৪,৮১৬২৫.০
মান আকাৰৰ ডিস্ক, দ্বৈত প্ৰলেপ১২৫০,০৫০,৬২৯,৬৩২৫০.১
মান আকাৰৰ ডিস্ক, XL ৩টা প্ৰলেপ[3]১২১০০,১০৩,৩৫৬,৪১৬১০০.১
মান আকাৰৰ ডিস্ক, XL ৪টা layer[3]১২১২৮,০০১,৭৬৯,৪৭২১২৮.০
সৰু আকাৰৰ (মিনি) ডিস্ক, একক প্ৰলেপ৭,৭৯১,১৮১,৮২৪৭.৮
সৰু আকাৰৰ (মিনি) ডিস্ক, দ্বৈত প্ৰলেপ১৫,৫৮২,৩৬৩,৬৪৮১৫.৬


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Blu-ray FAQ. Blu-ray.com. Retrieved on 2010-12-22.
  2. http://www.blu-ray.com/faq/#bluray_vs_dvd_comparison
  3. 1 2 Hughsnews.ca, The Authoritative Blu-Ray Disc FAQ, section 9.2

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]