বৰোং নৃত্য
বৰোং নৃত্য | |
---|---|
বৰোং আৰু কৃষ নৃত্য | |
বাদ্যযন্ত্ৰ | গামেলন, গং, খেনদাং |
উদ্ভাৱক | বালিন |
উৎপত্তিমূল | ইণ্ডোনেছিয়া |
বৰোং নৃত্য (ইংৰাজী: Barong Dance) ইণ্ডোনেছিয়াৰ বালিত পৰিৱেশিত বালিন ভাষাৰ এক নৃত্য শৈলী৷ এই নৃত্যত পৌৰাণিক কালত জীৱ-জন্তুৰ অতিপ্ৰাকৃতিক শক্তিৰে মানুহক সুৰক্ষা দিব পৰা শক্তিৰ বিষয়ে বৰ্ণনা কৰা হয়৷ বৰোং আত্মাৰ ৰজা, সততাৰ নেতা, তেওঁ বালিৰ পৌৰাণিক পৰম্পৰাগত দানৱ ৰাণী ৰংদাৰ শত্ৰু৷ দানৱ ৰাণী ৰংদা সকলো আত্মাৰ ৰক্ষকৰ মাতৃ৷[1] বৰোং নৃত্যত সৎ আৰু অসতৰ মাজৰ চিৰন্তন যুদ্ধক প্ৰতিনিধিত্ব কৰি বৰোং আৰু ৰংদাৰ মাজত যুদ্ধ কৰা দেখুওৱা হয়৷[2]
বালিৰ বৰোং নৃত্য
[সম্পাদনা কৰক]বালিৰ জনপ্ৰিয় নৃত্য বৰোং হৈছে এক ধৰণৰ পৌৰাণিক সিংহ৷ এই নৃত্যৰ উৎপত্তিস্থল বালিৰ গিয়ানিয়াৰ অঞ্চল, য’ত বালিৰ এই জনপ্ৰিয় নৃত্য চাবলৈ পৰ্যটকে উবুদ নামে ঠাইত ভিৰ কৰেহি৷ কেলং আৰেঙ (নৃত্য-নাটিকা)ৰ মাজত বৰোঙৰ আবিৰ্ভাৱ হয়, আৰু ৰংদাই প্ৰয়োগ কৰা যাদুকৰী নিয়ন্ত্ৰণৰ প্ৰতি সঁহাৰি দিয়ে আৰু ভাৰসাম্য ৰক্ষা কৰিবলৈ তাইক বধ কৰে৷ পৰম্পৰাগত বৰোং নৃত্য প্ৰদৰ্শনত ৰংদাৰ বিপক্ষে বৰোঙৰ সংঘৰ্ষ চিত্ৰিত কৰা হয়, যি বালিন সংস্কৃতিৰ এক জনপ্ৰিয় অংগ৷ ইয়াৰ পিছত পৌৰাণিক জীৱটোৱে কেলং আৰেঙৰ পথত নৃত্য কৰে৷ এজন পুৰোহিতে তেওঁৰ ওপৰত পৱিত্ৰ পানী ছটিয়াই দিব৷ এই নৃত্যৰ আৰম্ভণিতে এটা শান্তিপূৰ্ণ পৰিৱেশত দুটা বান্দৰে বাৰোঙক জোকাই থকা দেখা যায়৷[1]
কেৰিচ নৃত্য
[সম্পাদনা কৰক]বালিৰ বৰোং নৃত্যৰ কেৰিচ নৃত্য এটা অংশ৷ বৰোং নৃত্যত বৰোং আৰু ৰংদাৰ মাজত হোৱা যুদ্ধৰ নৃত্য প্ৰদৰ্শনত নৃত্যশিল্পীসকলে কৃচক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ যাদুকৰী ঐতিহ্য থকাৰ কাৰণে কেৰিচ নৃত্যক এক পৱিত্ৰ নৃত্য হিচাপে বিৱেচনা কৰা হয়৷
দৃশ্যটো প্ৰদৰ্শনৰ সময়ত ৰংদা আৱিৰ্ভাৱ হয় আৰু এয়াৰ লংগাৰ যুঁজাৰুক প্ৰতিনিধিত্ব কৰা পুৰুষ নৃত্যশিল্পীসকলৰ ওপৰত ক’লা যাদু প্ৰয়োগ কৰে, আৰু তেওঁলোকক আত্মহত্যা কৰিবলৈ নিৰ্দেশ কৰে৷ আনহাতে, বৰোং আৰু পুৰোহিতে তেওঁলোকৰ ওপৰত সুৰক্ষামূলক যাদু ছটিয়ায় যাতে তেওঁলোক তীক্ষ্ন অস্ত্ৰৰ পৰা ৰক্ষা পৰে৷[1] এটা সমাধিত যোদ্ধাসকলে নিজৰ কেৰিচেৰে নিজক আঘাত কৰে যদিও তেওঁলোক আঘাতপ্ৰাপ্ত নোহোৱাকৈ থাকে৷
কেৰিচ নৃত্যই সাম্ভাৱ্য দূৰ্ঘটনাৰ আশংকা বহন কৰে৷ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত বালিত ৰংদা নৃত্য প্ৰদৰ্শনৰ সময়ত ডেনপাছাৰ বালিৰ পেমেকুটান কাজাৰ বেঞ্জাৰ ব্লং গেডেত ১৬ বছৰীয়া পুৰুষ নৃত্যশিল্পী এজনৰ কেৰিচৰ আঘাতত মৃত্যু হৈছিল৷[3]
ৰংদা বনাম বৰোং
[সম্পাদনা কৰক]এটা সময়ত নৃত্য অন্ত পৰে বৰোং আৰু ৰংদাৰ মাজত হোৱা চূড়ান্ত যুঁজত বৰোঙৰ জয়ৰ সৈতে৷ ৰংদা পলাই যায়৷ দুষ্টৰ বিনাশ হয় আৰু স্বৰ্গীয় ব্যৱস্থা পুনৰুদ্ধাৰ হয়৷
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Ardee. "Tari Barong Keris, Pesan Harmoni dalam Pertunjukan Massal yang Memukau : Kesenian - Situs Budaya Indonesia" (id ভাষাত). IndonesiaKaya. https://www.indonesiakaya.com/jelajah-indonesia/detail/tari-barong-keris-pesan-harmoni-dalam-pertunjukan-massal-yang-memukau। আহৰণ কৰা হৈছে: 2021-02-06.
- ↑ indo.com (2001). "The Barong Dance of Bali". indo.com. http://www.indo.com/culture/barong.html। আহৰণ কৰা হৈছে: 2012-01-17.
- ↑ Firizqi Irwan. "Kronologi Remaja 16 Tahun Tewas saat Menari Rangda, Tertusuk Keris Tepat di Bagian Jantung". In Endra Kurniawan (id ভাষাত). Tribunnews.com. https://www.tribunnews.com/regional/2021/02/06/kronologi-remaja-16-tahun-tewas-saat-menari-rangda-tertusuk-keris-tepat-di-bagian-jantung। আহৰণ কৰা হৈছে: 2021-02-06.