বৰ্ণালী দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৰ্ণালী দাস (ইংৰাজী: Barnali Das) এগৰাকী অসমৰ যুৱ-জ্যোতিৰ্বিজ্ঞানী৷ তেওঁ তেওঁৰ নিজা অধ্যয়নৰ দ্বাৰা মহাকাশত সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ আঠটা তৰাৰ[1] বিশেষ বৈশিষ্ট্য ধৰা পেলাবলৈ সক্ষম হয়৷[2]

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

বৰ্ণালী দাসৰ জন্ম ১৯৯৩ চনত বৰপেটা জিলাৰ পাটাছাৰকুছিৰ সৰিহ চাকলা গাঁৱত৷ তেওঁৰ পিতৃৰ নাম মুনিন্দ্ৰ নাথ দাস, এগৰাকী প্ৰবক্তা আৰু মাতৃৰ নাম শিৰণ কলিতা, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ বৰ্ণালী দাস এওঁলোকৰ দ্বিতীয় সন্তান৷[3] তেওঁৰ স্বামীৰ নাম সুৰজিৎ মণ্ডল৷ তেওঁ পশ্চিমবংগৰ আৰু এগৰাকী মহাকাশ বিজ্ঞানী৷ বৰ্তমান আমেৰিকাৰ নিউজাৰ্ছিত তেওঁ সূৰ্যৰ বিষয়ে গৱেষণা কৰি আছে৷ বৰ্ণালী দাস আৰু সুৰজিৎ মণ্ডল দুয়ো একেটি শিক্ষানুষ্ঠানতে উচ্চশিক্ষা লাভ কৰিছিল৷[4]

শিক্ষা[সম্পাদনা কৰক]

১৯৯৭ চনত পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনত প্ৰাথমিক শিক্ষা আৰম্ভ হয়৷ ২০০৯ চনত সেই বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান পাই উত্তীৰ্ণ হয়৷ ২০১১ চনত পাঠশালাৰ “কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ’’ৰ পৰা ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰি উচ্চতৰ মাধ্যমিক স্তৰ উত্তীৰ্ণ হয়৷ ২০১৪ চনত দিল্লীৰ “হংসৰাজ কলেজ’’ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০১৬ চনত কানপুৰৰ “ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান’’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷[3]

কৃতিত্ব[সম্পাদনা কৰক]

স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা সময়ত বৰ্ণালী দাসে “NCRA-TIFR(National Centre For Radio Astrophysics-Tata Institute of Fundamental Research)ত VSRP ৰ অধীনত প্ৰকল্প এটাত কাম কৰে আৰু তাৰপাছতেই তেওঁ NCR-TIFRত পি,এইছ,ডি কৰাৰ সুযোগ পায়৷[2] ২০১৮ চনত তেওঁ পূৰ্ণাংগ ৰূপত গৱেষণাৰ কামত নিয়োজিত হৈ সফলতা লাভ কৰিছিল ২০২১ চনত৷[4] ড° পুনম চন্দ্ৰাৰ তত্তাৱধানত গৱেষণা কৰিছিল৷[1]

গৱেষণাৰ বিষয়[সম্পাদনা কৰক]

বৰ্ণালী দাসৰ গৱেষণাৰ মূল বিষয় আছিল, সূৰ্যতকৈ উত্তপ্ত আৰু বৃহৎ চুম্বকীয় গুণৰ তৰাৰ “ৰেডিঅ তৰংগ’’ বিকিৰণৰ বৈশিষ্ট্য ধৰা পেলোৱা৷ প্ৰকৃততে এটি তৰাৰ উষ্ণতাৰ ওপৰত তৰাটিৰ ৰং নিৰ্ভৰ কৰে৷ এই তৰাবোৰে নিজৰ জীৱনকালত নিজ কেন্দ্ৰত হিলিয়াম উৎপন্ন কৰে৷ এই সময়খিনি হ’ল "Main Sequence Phase৷ এই বৈশিষ্ট্যৰ তৰাৰ পৰা ২০০০ চনত বিশেষ ধৰণৰ ৰেডিঅ তৰংগ ধৰা পৰাৰ পিছত এক দশকৰো অধিক কাল তেনে বিকিৰণ দ্বিতীয় এটাৰ পৰা ধৰা পৰা নাছিল৷ গতিকে, এনে বিকিৰণক লৈ ধাৰণা হৈছিল যে, ই অতি বিৰল পৰিঘটনা৷ বৰ্ণালী দাসে ইয়াৰ সন্ধান কৰি ইতিপূৰ্বে আৱিষ্কাৰ কৰা ১১টি উত্তপ্ত তৰাৰ বিশেষ ৰেডিঅ তৰংগ বিকিৰণৰ বৈশিষ্ট্য ৮টি তৰাৰ ক্ষেত্ৰত আৱিষ্কাৰ কৰিছিল৷[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকিল অসম-কন্যা বৰ্ণালী দাস". https://newshealthplus.com/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0/. 
  2. 2.0 2.1 2.2 "জ্যোতিৰ্বিজ্ঞানী ড° বৰ্ণালী দাসৰ সৈতে বাৰ্তালাপ-হৃষিকেশ বৰপূজাৰী". https://muktosinta.org/interview_barnali_das/. 
  3. 3.0 3.1 "বজালীৰ বৰ্ণালী দাসৰ কৃতিত্ব". https://dainikagradoot.in/blog/2021/11/23/%E0%A6%AC%E0%A6%9C%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%A6%E0%A6%BE%E0%A6%B8%E0%A7%B0-%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF/. 
  4. 4.0 4.1 "ইউৰেকা ইউৰেকা বুলি অহা নাছিল সাফল্য". https://aamarasom.com/detail-news/2488.