সমললৈ যাওক

ভঁৱৰী দেৱী (গায়িকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভঁৱৰী দেৱী
ভঁৱৰী দেৱী
ভঁৱৰী দেৱী
পৃষ্ঠভূমি
জন্ম নাম ভঁৱৰী দেৱী
জন্ম ১৯৬৪
ৰাজস্থান, ভাৰত
সংগীতৰ ধৰণ ৰাজস্থানী লোক-সংগীত
পেচা লোক শিল্পী

ভঁৱৰী দেৱী (জন্ম ১৯৬৪) ভাৰতৰ ৰাজস্থানৰ এগৰাকী লোকগায়িকা। তেওঁ ভোপা সম্প্ৰদায়ৰ, আৰু ৰাজস্থানৰ পৰম্পৰাগত আৰু লোক-সংগীত পৰিবেশনৰ বাবে তেওঁ বিস্তৰ স্বীকৃতি লাভ কৰিছে।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাজহুৱা পৰিবেশনত মহিলাৰ প্ৰতি সামাজিক অসন্মতিৰ মাজতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত ব্যাপকভাৱে অনুষ্ঠান পৰিৱেশন কৰা ভোপা সম্প্ৰদায়ৰ প্ৰথম মহিলাসকলৰ ভিতৰত ভঁৱৰী দেৱী আছিল অন্যতম। ৰাজস্থানী সামাজিক ৰীতি অনুসৰি মুখখন ঢাকি ৰাখি ওৰণিৰ আঁৰৰ পৰাই তেওঁ অনুষ্ঠান পৰিৱেশন কৰে।[1][2][3] স্বামী-স্ত্ৰীয়ে একেলগে কৰা ভোপ পৰম্পৰাৰ অংশ হিচাপে প্ৰথমে স্বামীৰ সংগীতেৰে ভক্তিমূলক সংগীত গাইছিল, একেৰাহে পাঁচ ৰাতি ধৰ্মীয় সাহিত্যৰ পৰম্পৰাগত গীত পৰিবেশন কৰিছিল। এই পৰম্পৰাগত অনুষ্ঠানত গীতৰ লগতে ‘ফড়’ বা হাতেৰে অংকন কৰা স্ক্ৰল এটাৰে কাহিনীটোক চিত্ৰিত কৰা কৰা হয়। স্বামীৰ মৃত্যুৰ পিছত তেওঁ ব্যক্তিগতভাৱে অনুষ্ঠান পৰিৱেশন কৰি থাকিল, যিটো এগৰাকী মহিলা ভোপা গায়িকাৰ বাবে অস্বাভাৱিক আছিল। লাহে লাহে তেওঁ তেওঁৰ পৰিবেশনৰ পৰিসৰ সম্প্ৰসাৰণ কৰি ভোপা পৰম্পৰাৰ বাহিৰৰ ৰাজস্থানী লোকগীতসমূহো পৰিবেশন কৰিবলৈ আৰম্ভ কৰে।[4]

ভংৱৰী দেৱীয়ে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ৰাজস্থানী লোকসংগীত পৰিবেশন কৰি বহুল প্ৰশংসা লাভ কৰিছে, আৰু বিভিন্ন পৰম্পৰাৰ লোকশিল্পীৰ সৈতে সহযোগিতা কৰিছে। ২০০৩ চনত দেৱীয়ে হিমাচল প্ৰদেশৰ শিমলাত অনুষ্ঠিত হোৱা সংগীত মহোৎসৱত কণ্ঠদান কৰে আৰু ভাৰতত ৰাজস্থানী লোকসংগীতৰ প্ৰচাৰৰ বাবে কাম কৰা নাগৰিক সমাজৰ সংগঠন জয়পুৰ বিৰাসাত ফাউণ্ডেচনত যোগদান কৰিবলৈ আমন্ত্ৰণ লাভ কৰে।[3] ইয়াৰ পিছত ২০০৪ চনত জয়পুৰ ঐতিহ্য মহোৎসৱত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে।[5] দেৱীয়ে কেইবাবছৰ ধৰি ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় লোক মহোৎসৱত লোক-সংগীত পৰিবেশন কৰি আহিছে।[1][6] ২০০৯ চনত এই মহোৎসৱত গায়িকা ৰেখা ভৰদ্বাজক সংগ দিবলৈ আমন্ত্ৰণ জনোৱা হয়, আৰু তেওঁৰ গায়কীৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। ইয়াৰ পিছত তেওঁ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় লোক মহোৎসৱত প্ৰযোজক ৰাম সম্পাথ আৰু গায়িকা সোনা মহপাত্ৰৰ সৈতে সহযোগিতা কৰে।[2] ২০১১ চনত তেওঁ এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰে আৰু হেৰাল্ড স্কটলেণ্ডে তেওঁৰ পৰিবেশনক “গভীৰভাৱে প্ৰকাশভংগী, সুন্দৰভাৱে অলংকৃত গায়কী”ৰে গঠিত বুলি বৰ্ণনা কৰে।[7][8] এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ পৰিচালক জনাথন মিলছে তেওঁৰ পৰিবেশনক “অতিশয় সঁহাৰি” পোৱাৰ বুলি বৰ্ণনা কৰে।[9]

২০১১ চনত ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় লোক উৎসৱত তেওঁক “জীৱন্ত কিংবদন্তি” হিচাপে অন্তৰ্ভুক্ত কৰা হয় আৰু মেহৰনগড় দুৰ্গৰ ভিতৰৰ ঐতিহাসিক মতি মহল ৰাজপ্ৰসাদত অনুষ্ঠান পৰিৱেশন কৰে।[10] ২০১৩ চনত তেওঁৰ অংশগ্ৰহণক একেটা উৎসৱৰ অন্যতম “...সৰ্বাধিক প্ৰত্যাশিত অভিনয়” বুলি অভিহিত কৰা হয়, য'ত তেওঁ ব্যক্তিগতভাৱে আৰু লগতে ফৰাচী এনচেম্বল জিপ্‌ছি কিংছৰ সহযোগত অনুষ্ঠান পৰিৱেশন কৰে।[11]

২০১৩ চনত তেওঁ সুৰকাৰ আৰু সংগীত প্ৰযোজকৰ সৈতে সহযোগিতা কৰি ভাৰতীয় সংগীতজ্ঞসকলৰ লাইভ ষ্টুডিঅ’ত পৰিবেশন কৰা ভাৰতীয় টেলিভিছন অনুষ্ঠান কোক ষ্টুডিঅ’ত (Coke Studio) ‘কেট্টেই’ নামৰ পৰম্পৰাগত লোকগীতৰ সংস্কৰণ পৰিবেশন কৰে। দেৱীৰ গায়কীৰ সৈতে ব্ৰিটিছ ৰেপাৰ হাৰ্ড কৌৰে (Hard Kaur) ৰেপ গীত পৰিৱেশন কৰিছিল আৰু গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছিল।[12] ২০১৫ চনৰ ভাৰতীয় বৈশিষ্ট্যপূৰ্ণ ছবি 'এংগ্ৰী ইণ্ডিয়ান গডেছেছ'ৰ (Angry Indian Goddesses) দেৱীয়ে গীত পৰিবেশন কৰিছিল।[13] পিছলৈ তেওঁ জিপ্‌ছি কিংছ গোটৰ ৰোমানী সংগীতজ্ঞসকলৰ সৈতে এই গীতটোৰ দ্বিতীয় সংস্কৰণ পৰিবেশন কৰে।[14] সংগীতজ্ঞ কুটলে খানে তেওঁৰ “চাউণ্ডছ ফ্ৰম দ্য ডেজাৰ্টত” (Sounds from the Desert) নামৰ এলবামটো তেওঁ গীত গাই অভিনয় কৰিছিল। এলবামটোত ৰাজস্থান আৰু থৰ মৰুভূমি অঞ্চলৰ লোকসংগীত ৰেকৰ্ডিং কৰা হৈছিল।[15]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সৰুতে ভঁৱৰী দেৱীৰ বিবাহ সম্পন্ন হৈছিল আৰু তেওঁৰ নটা সন্তান আছে, ইয়াৰে এজনে তেওঁৰ লগত বিভিন্ন অঞ্চললৈ গৈ অনুষ্ঠান পৰিৱেশন কৰে।[1] তেওঁৰ দেউতাকো এজন লোকসংগীতজ্ঞ আছিল আৰু দেৱীক অনুষ্ঠান পৰিবেশন আৰু গীত শিকিবলৈ উৎসাহিত কৰিছিল। সৰুতে দেৱীয়ে পিতৃৰ সৈতে পিতৃৰ অনুষ্ঠানসমূহত ঘূৰি ফুৰিছিল।[3] দেৱীয়ে নিজৰ পুত্ৰসকলক গীত গোৱাৰ প্ৰশিক্ষণ দিছে যদিও ছোৱালীক প্ৰশিক্ষণ দিব পৰা নাই, কিয়নো তেওঁলোক পৰিবেশন পৰম্পৰাত অংশগ্ৰহণ কৰাত আপত্তি থকা পৰিয়াললৈ বিয়া সোমাইছে।[3][16]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Gupta, Gargi (2015-11-07). "An equal music" (en ভাষাত). DNA India. https://www.dnaindia.com/analysis/column-an-equal-music-2142809 আহৰণ কৰা হৈছে: 2021-02-25.
  2. 1 2 "A different kind of music" (en-US ভাষাত). The Financial Express. 2015-11-01. https://www.financialexpress.com/entertainment/a-different-kind-of-music/159481/ আহৰণ কৰা হৈছে: 2021-02-25.
  3. 1 2 3 4 Pioneer, The. "Songstresses from the dunes" (en ভাষাত). The Pioneer. Archived from the original on 2023-02-18. https://web.archive.org/web/20230218144828/https://www.dailypioneer.com/2014/vivacity/songstresses-from-the-dunes.html আহৰণ কৰা হৈছে: 2021-02-25.
  4. "Women Musicians of Rajasthan - Jaipur Virasat Foundation" (en ভাষাত). Google Arts & Culture. https://artsandculture.google.com/exhibit/women-musicians-of-rajasthan/mgLCl_MHFhDLKg আহৰণ কৰা হৈছে: 2021-02-25.
  5. "Jazz masters join folk singers at Rajasthan International Folk Festival" (en ভাষাত). Hindustan Times. 2014-11-02. https://www.hindustantimes.com/music/jazz-masters-join-folk-singers-at-rajasthan-international-folk-festival/story-obnhkQC04IvTr4ubGS1cDI.html আহৰণ কৰা হৈছে: 2021-02-25.
  6. Bhatia, Ritika (2015-09-26). "Reggae at RIFF". Business Standard India. https://www.business-standard.com/article/beyond-business/reggae-at-riff-115092501054_1.html.
  7. "The Legendary Music of Rajasthan - Edinburgh Festival". edinburghfestival.list.co.uk. https://edinburghfestival.list.co.uk/event/222427-the-legendary-music-of-rajasthan/ আহৰণ কৰা হৈছে: 2021-02-25.
  8. "The Legendary Music of Rajasthan, National Museum of Scotland" (en ভাষাত). HeraldScotland. https://www.heraldscotland.com/arts_ents/13035507.the-legendary-music-of-rajasthan-national-museum-of-scotland/ আহৰণ কৰা হৈছে: 2021-02-25.
  9. "New music revolution from India's margins" (en ভাষাত). Free Press Journal. Archived from the original on 2023-03-31. https://web.archive.org/web/20230331153515/https://www.freepressjournal.in/webspecial/new-music-revolution-from-indias-margins আহৰণ কৰা হৈছে: 2021-02-25.
  10. "RIFF up the sound system - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/riff-up-the-sound-system/873836/0 আহৰণ কৰা হৈছে: 2021-02-25.
  11. "Memories Unveiled – Backstage with Bhanwari Devi". RIFF Diaries. Archived from the original on 2021-05-17. https://web.archive.org/web/20210517161532/http://riffdiaries.com/memories-unveiled-backstage-with-bhanwari-devi/ আহৰণ কৰা হৈছে: 2021-02-25.
  12. "'Kattey' By Ram Sampath: Rajasthan Learns To Rock" (en-IN ভাষাত). The Coca-Cola Company. https://www.coca-colaindia.com/stories/kattey-by-ram-sampath-rajasthan-learns-to-rock আহৰণ কৰা হৈছে: 2021-02-25.
  13. "'Angry Indian Goddesses' album is a mix of genres" (en ভাষাত). The Times of India. 28 November 2015. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/angry-indian-goddesses-album-is-a-mix-of-genres/articleshow/49947811.cms.
  14. Rabe, Nate. "Tune in to some truly spectacular global gypsy music – with India in its soul" (en-US ভাষাত). Scroll.in. http://scroll.in/article/812317/tune-in-to-some-truly-spectacular-global-gypsy-music-with-india-in-its-soul আহৰণ কৰা হৈছে: 2021-02-25.
  15. "Popular Rajasthani folk musician Kutle Khan speaks about challenges, growth in music and more" (en ভাষাত). www.radioandmusic.com. http://www.radioandmusic.com/entertainment/editorial/interviews/190108-popular-rajasthani-folk-musician-kutle আহৰণ কৰা হৈছে: 2021-02-25.
  16. "Women vocalists mesmerise at Rajasthan folk music festival" (en ভাষাত). DNA India. 2014-10-12. https://www.dnaindia.com/india/report-women-vocalists-mesmerise-at-rajasthan-folk-music-festival-2025422 আহৰণ কৰা হৈছে: 2021-02-25.