সমললৈ যাওক

ভানু‌ভক্ত ‌আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভানুভক্ত আচাৰ্য
জন্ম ১৩ জুলাই, ১৮১৪
চুন্দী ৰামঘা (Chundi Ramgha), তনহুঁ জিলা, নেপাল
মৃত্যু ১৮৬৮ (বয়স ৫৩–৫৪)
চেতিঘাট (Setighat), তনহুঁ জিলা, নেপাল
পেচা কৱি
ভাষা নেপালী
ৰাষ্ট্ৰীয়তা নেপালী
বংশদ্ভূত হিন্দু
নাগৰিকত্ব নেপাল
সময় ভানুভক্ত যুগ
সন্তান ৰামনাথ (পুত্ৰ)
আত্মীয়-স্বজন শ্ৰীকৃষ্ণ আচাৰ্য্য (ককাদেউতাক)

ভানুভক্ত আচাৰ্য (নেপালী: भानुभक्त आचार्य, ইংৰাজী: Bhanubhakta Acharya) (১৮১৪—১৮৬৮ খ্ৰীষ্টাব্দ, ১৮৭১—১৯২৫ বঙ্গাব্দ) এগৰাকী নেপালী লেখক, কবি, আৰু অনুবাদক আছিল। তেওঁক নেপালী ভাষাৰ আটাইতকৈ পুৰণি কবি হিচাপে বৰ্তমানে গণ্য কৰা হয়, আৰু সেয়ে তেওঁক 'আদিকবি'ও বোলা হয়। তেওঁৰ সৰ্বাধিক জনপ্ৰিয় কৰ্ম হৈছে সংস্কৃতৰ পৰা নেপালীলৈ কৰা ৰামায়ণৰ সৰ্বপ্ৰথম নেপালী অনুবাদ। প্ৰাথমিকভাৱে তেওঁৰ ৰামায়ণৰ অনুবাদ মৌখিক ৰূপত জনপ্ৰিয় হৈছিল আৰু পাছত ১৯শ শতিকাৰ শেষৰফালে মতিৰাম ভট্টই সেয়া সংগ্ৰহ কৰি প্ৰকাশ কৰে যি 'ভানুভক্ত ৰামায়ণ' নামেৰে জনাজাত।

জন্ম, বংশ পৰিচয় আৰু শিক্ষা

[সম্পাদনা কৰক]

ভানুভক্ত আচাৰ্যই ১৮১৫ চনত নেপালৰ তানাহু জিলাৰ ৰামঘা গাঁৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃ ধনঞ্জয় আচাৰ্য আৰু একমাত্ৰ পুত্ৰ ৰামনাথ। তেওঁৰ ককাক হৈছে শ্ৰীকৃষ্ণ আচাৰ্য।[1]

ভানুভক্ত আচাৰ্যৰ জন্ম হৈছিল ১৩ জুলাই ১৮১৪ (২৯ আহাৰ, ১৮৭১ বিক্ৰম সম্বত) চুন্দি ৰামঘা গ্ৰামত, তানাহুন জিলাৰ, নেপালত ধনঞ্জয় আচাৰ্য আৰু ধৰ্মৱতী আচাৰ্যৰ গৃহত।[2] তেওঁৰ পিতা ধনঞ্জয় আচাৰ্য এজন চৰকাৰী কৰ্মচাৰী আছিল। ভানুভক্তই তেওঁৰ দেউতাকৰ পৰা ঘৰতে সংস্কৃতৰ প্ৰাথমিক শিক্ষা লৈছিল আৰু পৰৱৰ্তী কালত বাৰাণসীত শিক্ষা গ্ৰহণ কৰিছিল [3][4][5]

চাকৰি জীৱন

[সম্পাদনা কৰক]

১৮৫০ চনত ভানুভক্ত ৰাজকাৰ্যত নিযুক্ত হয়।[6]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

নেপালী ভাষাকে ধৰি দক্ষিণ এছীয় ভাষাসমূহ সেই সময়ছোৱাত বেশিভাগ মৌখিক বা গ্ৰাম্য কথোপকথনতে সীমাবদ্ধ আছিল আৰু লিখিত প্ৰসংগ তথা সাহিত্যিক প্ৰভাৱ কম আছিল। দক্ষিণ এছিয়াৰ অধিকাংশ লিখিত পাঠ্য হৈছে মুখ্যতঃ সংস্কৃত নিৰ্ভৰ, সেয়েহে সাধাৰণ জনতাৰ বাবে প্ৰবেশ্যতা কম আছিল। সাধু-সন্ত আৰু ব্ৰাহ্মণসকলে সমাজত শিক্ষক, গৱেষক আৰু পূজাৰীৰ ভূমিকা পালন কৰিছিল। সেয়েহে সংস্কৃত শিক্ষা তথা ধৰ্মীয় শাস্ত্ৰ আৰু অন্যান্য সাহিত্যিক ৰচনা পঢ়াৰ সুযোগ সাধাৰণ মানুহৰ বাবে সীমাবদ্ধ আছিল। সমকালীন কবিসকলে সংস্কৃতত কবিতা লিখিছিল যদিও আচাৰ্যই নেপালী ভাষাত লিখা আৰম্ভ কৰিছিল যিয়ে ভাষাটো জনপ্ৰিয় কৰাৰ উপৰিও তেওঁক শাসনকৰ্তা ৰাণাসকলৰ পৃষ্ঠপোষকতা লাভ কৰাত সহায় কৰিছিল।

তেওঁৰ জীৱনৰ দুই সাহিত্যিক কৰ্ম আছিল ভানুভক্ত ৰামায়ণ আৰু তেওঁ কাৰাগাৰত থাকোঁতে ৰজাৰ প্ৰধানমন্ত্ৰীলে কিখা এখন চিঠি। কোনো ভুল বুজাবুজিৰ কাৰণে তেওঁক কাৰাদণ্ড দিয়া হৈছিল। তাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁ কবিতাৰ ৰূপত প্ৰধানমন্ত্ৰীলৈ এখন দৰ্খাস্ত লিখে [7]। ই পৰৱৰ্তীকালত তেখেতৰ এক অনবদ্য সাহিত্যকৰ্ম হিচাপে স্বীকৃতিলাভ কৰাৰ উপৰিও তেওঁৰ মুক্তিলাভ আৰু ৰজাঘৰৰ পৃষ্ঠপোষকতা লাভৰ পাথেয় হয়।

ৰামচন্দ্ৰৰ বীৰোচিত কাৰ্য্যৰ প্ৰতি আসক্ত হৈ তেওঁ নেপালী জনসাধাৰণৰ বাবে কবিতাতকৈ বেছি সংগীতোপম হোৱাকৈ আৰু সেই সময়ৰ লোকসংস্কৃতিৰ লগত খাপখোৱাকৈ ৰামায়ণখন সংস্কৃতৰ পৰা নেপালী ভাষালৈ অনুবাদ কৰে [4]। ১৮৪১ চনত পোনতে বালকাণ্ড সমাপ্ত কৰে (১৮৮৪ চনত প্ৰকাশ পায়)। তেওঁ ৰামায়ণৰ একাদিক্ৰম চাৰিটা কাণ্ড (অযোধ্যা, অৰণ্য, কিষ্কিন্ধ্যা, সুন্দৰ) সমাপ্ত কৰে। বাকী ১৮৮৫ চনত আৰু দুটা কাণ্ড (যুদ্ধ আৰু উত্তৰ) অনুবাদ কৰি নেপালী ভাষাত ৰামায়ণৰ পূৰ্ণ ৰূপ দিয়ে।[8]

ইয়াৰ ইপৰিও তেওঁ একাধিক খণ্ড কবিতা (Couplets), কাব্যস্তৱক (Stanza) আৰু কেইখনমান কাব্য গ্ৰন্থ ৰচনা কৰে। ভক্তিমালা, প্ৰশ্নোত্তৰী আৰু বধূশিক্ষা তেওঁৰ মৌলিক কাব্য গ্ৰন্থ।[9]

১৮৮৭ চনত মতিৰাম ভট্টই তেওঁৰ কৰ্মৰাজি উদ্ধাৰ কৰি বেনাৰসলৈ লৈ গৈ প্ৰকাশ কৰে। তেওঁৰ ৰামায়ণৰ নেপালী অনুবাদখন পৰৱৰ্তীকালত ইংৰাজীলৈ অনুবাদ কৰিও নেপালত প্ৰকাশ কৰা হয় [10]

ভানুভক্ত আচাৰ্যৰ সন্মানত প্ৰৱৰ্তিত ডাকটিকট
ভানুভক্ত আচাৰ্য্যৰ সন্মানত প্ৰৱৰ্তিত ডাকটিকট

উল্লেখনীয় কৰ্মৰাজি

[সম্পাদনা কৰক]
  • অমৰাৱতী কান্তিপুৰী নাগৰী
  • ঘান্সী[11]
  • বধূ শিক্ষা
  • ভক্ত মালা
  • খোৱমিত য়েচ গিৰধাৰী লে
  • ৰোজ ৰোজ দৰ্শন পাউঁচু(ভোলী কবিতা)
  • মা ভানুভক্ত
  • বালাজী দেখ্যান
  • প্ৰশ্নোত্তৰ মালা

মতিৰাম ভট্টৰ মতে আচাৰ্য্যক ‌‌আদিকৱি বোলাৰ মূল কাৰণ হৈছে তেখেতে ৰামায়ণৰ মৰ্ম অনুধাৱন কৰি অনুবাদ কৰিব পাৰিছিল [3][5][12]। নেপালী কেলেণ্ডাৰৰ আহাৰ মাহৰ ২৯ তাৰিখে প্ৰতিবছৰে নেপাল চৰকাৰৰ পৃষ্ঠপোষকতাত ভানুভক্ত আচাৰ্য্যৰ জন্মদিনটো ভানু জয়ন্তী হিচাপে পালন কৰা হয়। এই দিনটোত প্ৰমুখ নেপালী কৱি, সহিত্যিক, লিখক তথা শিক্ষাবিদৰ সমাগমত বিভিন্ন সাহিত্যিক অনুষ্ঠান, আলোচনাচক্ৰ আদি আয়োজন কৰা হয় [13][5][14][15][16]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. অসমীয়া আৰু অসমৰ জাতি-জনগোষ্টী:প্ৰসঙ্গ-অনুসঙ্গ,উপেন ৰাভা হাকাৰাম,পৃষ্ঠা ২৩২
  2. "Bhanu Bhakta Acharya: 5 reasons why a poet became a household name in Nepal" (en-GB ভাষাত). OnlineKhabar. 13 July 2021. https://english.onlinekhabar.com/bhanu-bhakta-acharya-nepal-aadikavi.html। আহৰণ কৰা হৈছে: 2021-07-20. 
  3. 3.0 3.1 Ācārya, Naranātha; Śivarāja Ācārya; Sāmbkslo thiyoarāja Ācārya; Jayaraj Acharya (1979). Ādikavi Bhānubhakta Ācāryako saccā jı̄vanacarittra. প্ৰকাশক Tanuṅa: Naranātha Ācārya. OCLC 10023122. 
  4. 4.0 4.1 आचार्य, काशीराज (2020-07-13). "किन सम्झने भानुलाई" (ne ভাষাত). The Annapurna Post. https://annapurnapost.com/news/kin-smjhne-bhaanulaaii-161113। আহৰণ কৰা হৈছে: 2022-07-28. 
  5. 5.0 5.1 5.2 "Adikabi Bhanubhakta Acharya" (en ভাষাত). প্ৰকাশক Kathmandu: Boss Nepal. Archived from the original on 22 February 2019. https://web.archive.org/web/20190222151947/http://bossnepal.com/adikabi-bhanubhakta-acharya/। আহৰণ কৰা হৈছে: 22 February 2019. 
  6. অসমীয়া আৰু অসমৰ জাতি-জনগোষ্টী:প্ৰসঙ্গ-অনুসঙ্গ,উপেন ৰাভা হাকাৰাম,পৃষ্ঠা ২৩২
  7. आचार्य, जयराज (2021-07-10). "भानुभक्तीय रामायण : दृष्टिविहीनलाई पनि" (ne ভাষাত). Gorkhapatra. Archived from the original on 2022-07-28. https://web.archive.org/web/20220728181652/https://beta.gorkhapatraonline.com/featured/2021-07-10-41602। আহৰণ কৰা হৈছে: 2022-07-28. 
  8. অসমীয়া আৰু অসমৰ জাতি-জনগোষ্টী:প্ৰসঙ্গ-অনুসঙ্গ,উপেন ৰাভা হাকাৰাম,পৃষ্ঠা ২৩২,২৩৩
  9. অসমীয়া আৰু অসমৰ জাতি-জনগোষ্টী:প্ৰসঙ্গ-অনুসঙ্গ,উপেন ৰাভা হাকাৰাম,পৃষ্ঠা ২৩৩
  10. Adhikary, Dhruba H. (2022-07-08). "A Nepali Ramayana For English Readers". Gorkhapatra CorporationThe Rising Nepal. https://risingnepaldaily.com/news/13638। আহৰণ কৰা হৈছে: 2022-07-29. 
  11. "NEP: SASEC Mugling–Pokhara Highway Improvement Phase 1 Project". Asian Development Bank. পৃষ্ঠা: 44. https://www.adb.org/sites/default/files/project-documents/52097/52097-002-iee-en.pdf। আহৰণ কৰা হৈছে: 20 July 2020. 
  12. Bishnu K.C. (14 July 2006). "Bhanubhakta: The First Poet Of Nepali language" (en ভাষাত). Oh My Newsl. Archived from the original on 6 November 2019. https://web.archive.org/web/20191106025354/http://english.ohmynews.com/articleview/article_view.asp?no=304833&rel_no=1। আহৰণ কৰা হৈছে: 22 February 2019. 
  13. Sundas, Jacob (2022-07-07). "Why do Gorkhas celebrate Bhanu Jayanti as their Cultural Festival?". The Morung Express. https://morungexpress.com/why-do-gorkhas-celebrate-bhanu-jayanti-as-their-cultural-festival। আহৰণ কৰা হৈছে: 2022-07-09. 
  14. "Development Boards for Kami, Damai, Sarki announced" (en ভাষাত). প্ৰকাশক Darjeeling. 14 July 2016. https://www.mungpoo.org/2016/07/development-boards-kami-damai-sarki.html. 
  15. "PM Oli urges new generation to follow ideals of Bhanubhakta" (en ভাষাত). প্ৰকাশক Kathmandu. 13 July 2018. https://thehimalayantimes.com/kathmandu/pm-oli-urges-new-generation-to-follow-ideals-of-bhanubhakta. 
  16. "Morning procession to mark Bhanu Jayanti" (en ভাষাত). প্ৰকাশক Kathmandu. 13 July 2018. https://kathmandupost.ekantipur.com/news/2018-07-13/morning-procession-to-mark-bhanu-jayanti-in-photos.html.