ভাৰতত মহিলা শিক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্কুলত এগৰাকী ছাত্ৰী, যোধপুৰ, ৰাজস্থান

ভাৰতত নাৰী শিক্ষা (ইংৰাজী: female education in India)-ৰ শিপাডাল প্ৰাচীন কালৰে পৰা আছে। ভাৰতত বৈদিক যুগৰ পৰা আৰম্ভ হোৱা আনুষ্ঠানিক শিক্ষাৰ সময়ত পুৰুষৰ লগতে মহিলা সকলকো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা দিয়া হৈছিল।

মহিলা শিক্ষা হৈছে ছোৱালী আৰু মহিলাৰ বাবে শিক্ষা (প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, তৃতীয় পৰ্যায়ৰ শিক্ষা আৰু বিশেষকৈ স্বাস্থ্য শিক্ষা) সম্পৰ্কীয় এক জটিল বিষয় আৰু এক বিতৰ্কৰ অভিধা।[1][2] ছোৱালীৰ শিক্ষা বা মহিলাৰ শিক্ষা বুলি কওঁতে লিংগ সমতা আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

বৈদিক যুগ[সম্পাদনা কৰক]

বৈদিক যুগত বেছিভাগ নাৰীকে বিশেষ বাধা নোহোৱাকৈ শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। মহিলাৰ শিক্ষা, পৰৱৰ্তী সময়ছোৱাতো অৱহেলিত হোৱা নাছিল। এই সময়ছোৱাৰ বহুতো মহিলা পণ্ডিতৰ উদাহৰণ আছে। এই সময়ৰ শিক্ষাবিদসকলে নাৰীক দুটা ভাগত বিভক্ত কৰিছিল – ব্ৰহ্মবাদিনী আৰু সদ্যোদ্বাহ। ব্ৰহ্মবাদিনীসকল আজীৱন দৰ্শন আৰু ধৰ্মতত্ত্বৰ ছাত্ৰী আছিল। সদ্যোদ্বাহসকলে বিয়া নোহোৱালৈকে পঢ়া-শুনা চলাই গৈছিল। বৈদিক যুগত আপালা, ঘোষা, বিশ্ববৰা, সুলভা মৈত্ৰেয়ী, গাৰ্গী আদি বহুকেইগৰাকী নাৰী কবি, দাৰ্শনিক আছিল।

ব্ৰিটিছ ভাৰত[সম্পাদনা কৰক]

লণ্ডন মিছন বাংলা গাৰ্লছ স্কুল, কলিকতা (এল এম এছ, ১৮৬৯, পৃষ্ঠা ১২)[3]

দক্ষিণ ভাৰতত চাৰ্চ মিছনেৰী ছ’চাইটিয়ে অধিক সফলতাৰ মুখ দেখা পাইছিল। ১৮২১ চনত তিৰুনেলভেলীত ছোৱালীৰ বাবে প্ৰথমখন বৰ্ডিং স্কুলৰ সৃষ্টি হয়। ১৮৪০ চনলৈকে স্কটিছ চাৰ্চ ছ'চাইটিয়ে ২০০ গৰাকী হিন্দু ছোৱালীৰ যৌথ শক্তিৰে ছখন বিদ্যালয় নিৰ্মাণ কৰে। শতিকাৰ মাজভাগত মাদ্ৰাজৰ মিছনেৰীসকলে ইয়াৰ কলেৱৰত ৮ হাজাৰ ছোৱালীক অন্তৰ্ভুক্ত কৰিছিল। ১৮৫৪ চনত ইষ্ট ইণ্ডিয়ান কোম্পানীৰ প্ৰগ্ৰেম: উডছ ডিস্পেচৰ দ্বাৰা মহিলাৰ কৰ্মসংস্থাপন আৰু শিক্ষাৰ স্বীকৃতি লাভ কৰে। লাহে লাহে তাৰ পিছত নাৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি ঘটিছিল যদিও প্ৰথম অৱস্থাত ই প্ৰাথমিক বিদ্যালয় পৰ্যায়ত কেন্দ্ৰীভূত হোৱাৰ প্ৰৱণতা আছিল আৰু সমাজৰ ধনী শ্ৰেণীৰ সৈতে ইয়াৰ সম্পৰ্ক অধিক আছিল। মহিলাসকলৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ ১৮৮২ চনত ০.২%ৰ পৰা ১৯৪৭ চনত ৬%লৈ বৃদ্ধি পায়।[4]

পশ্চিম ভাৰতত জ্যোতিৰাও ফুলে আৰু তেওঁৰ পত্নী সাৱিত্ৰীবাই ফুলে ১৮৪৮ চনত পুনেত ছোৱালীৰ বাবে এখন বিদ্যালয় আৰম্ভ কৰি নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক হৈ পৰে।[5] পূব ভাৰতত ৰাজা ৰাম মোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে বিশিষ্ট ভাৰতীয় সমাজ সংস্কাৰকসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ উপৰিওজন ইলিয়ট ড্ৰিংকৱাটাৰ বেথুনে ১৯ শতিকাৰ ভাৰতত নাৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল। ৰামগোপাল ঘোষ, ৰাজা দক্ষিণৰঞ্জন মুখাৰ্জী আৰু পণ্ডিত মদন মোহন তৰ্কলংকাৰৰ দৰে সমমনা সমাজ সংস্কাৰকসকলৰ অংশগ্ৰহণেৰে তেওঁ ১৮৪৯ চনত কলিকতাৰ (বৰ্তমান কলকাতা) ছোৱালীৰ বাবে প্ৰথমখন ধৰ্মনিৰপেক্ষ বিদ্যালয় প্ৰতিষ্ঠা কৰে যাৰ নাম নেটিভ ফিমেল স্কুল ৰখা হৈছিল। এইখন বিদ্যালয়ে পিছলৈ বেথুন স্কুল নামেৰে পৰিচিত হয়।[6][7] ১৮৭৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে জড়িত বেথুন কলেজ স্থাপন কৰা হয় যিখন এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়।

১৮৭৮ চনত কলিকতা বিশ্ববিদ্যালয়খনে ডিগ্ৰীৰ বাবে মহিলা স্নাতকক নামভৰ্তিৰ সুবিধা প্ৰদান কৰা প্ৰথম ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অন্যতম হৈ পৰে, তাৰ আগতে কোনো ব্ৰিটিছ বিশ্ববিদ্যালয়েও এনে কাম কৰিবলৈ আৰম্ভ কৰা নাছিল। এই কথাটো পিছলৈ ১৮৮৩ চনৰ ইলবাৰ্ট বিলক লৈ হোৱা বিতৰ্কৰ সময়ত উত্থাপন কৰা হৈছিল। ভাৰতৰ এংলো-ইণ্ডিয়ান সম্প্ৰদায়ে এই বিধেয়কখনৰ বহুলাংশে বিৰোধিতা কৰি দাবী কৰিছিল যে ভাৰতীয়সকল (পুৰুষ আৰু মহিলা উভয়) বহুলাংশে অশিক্ষিত আৰু সেয়েহে ইউৰোপীয় অপৰাধীক আদালতত বিচাৰ কৰিবলৈ অনুপযুক্ত। বিধেয়কখনক সমৰ্থন কৰা ভাৰতীয় মহিলাসকলে ইয়াৰ উত্তৰত লক্ষ্য কৰিছিল যে বিধেয়কখনৰ বিৰোধিতা কৰা এংলো-ভাৰতীয় মহিলাসকলতকৈ তেওঁলোক অধিক শিক্ষিত, সেয়ে আঙুলিয়াই দিয়া হৈছিল যে ভাৰতত যুক্তৰাজ্যত বাস কৰা মহিলাসকলতকৈ অধিক মহিলাই শৈক্ষিক ডিগ্ৰী লাভ কৰিছে।[8]

স্বাধীন ভাৰত[সম্পাদনা কৰক]

ভাৰত বৰ্ষৰ চৰকাৰী আঁচনিৰ অধিনত বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত শিক্ষাৰ মান উন্নত কৰাৰ বাবে পৰামৰ্শ দিবলৈ বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰা হয়। কিন্তু তেওঁলোকৰ প্ৰতিবেদনে মহিলা শিক্ষাৰ বিৰুদ্ধেহে কথা কৈছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে: "মহিলাৰ বৰ্তমানৰ শিক্ষা তেওঁলোকে কটাবলগীয়া জীৱনৰ সৈতে সম্পূৰ্ণ অপ্ৰাসংগিক। ই কেৱল অপচয় নহয়, প্ৰায় এক নিশ্চিত অক্ষমতা।" [9]

কিন্তু স্বাধীনতাৰ পিছত মহিলাৰ সাক্ষৰতাৰ হাৰ ৮.৯% লৈ বৃদ্ধি হৈছিল। এইদৰে ১৯৫৮ চনত চৰকাৰে মহিলা শিক্ষাৰ ওপৰত এখন ৰাষ্ট্ৰীয় সমিতি গঠন কৰে, আৰু ইয়াৰ অধিকাংশ পৰামৰ্শ গ্ৰহণ কৰা হয়। পৰামৰ্শৰ মূল কথাটো আছিল মহিলা শিক্ষাক ল'ৰাৰ বাবে আগবঢ়োৱাৰ দৰে একে স্তৰলৈ অনা।[10]

তাৰপিছতে শিক্ষাৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ সমতাৰ হৈ মাত মতা সমিতি গঠন হ’ল। উদাহৰণস্বৰূপে, ল’ৰা আৰু ছোৱালীৰ পাঠ্যক্ৰমৰ পাৰ্থক্যৰ ওপৰত এখন সমিতিয়ে (১৯৫৯) তেওঁলোকৰ শিক্ষাৰ বিভিন্ন পৰ্যায়ত সমতা আৰু উমৈহতীয়া পাঠ্যক্ৰমৰ পৰামৰ্শ দিছিল। শিক্ষা ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে অধিক প্ৰচেষ্টা চলোৱা হয় আৰু ১৯৬৪ চনত শিক্ষা আয়োগ গঠন কৰা হয়, য’ত বহুলাংশে নাৰী শিক্ষাৰ কথা কোৱা হয় লগতে চৰকাৰে প্ৰস্তুত কৰিবলৈ ৰাষ্ট্ৰীয় নীতিৰ পৰামৰ্শ দিয়া হয়। ১৯৬৮ চনত সম্পন্ন হোৱা আয়োগৰ ফলত মহিলা শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল।[11]

বৰ্তমানৰ নীতিসমূহ[সম্পাদনা কৰক]

স্বাধীনতাৰ পূৰ্বে আৰু পিছত ভাৰতে মহিলাৰ মৰ্যাদা আৰু শিক্ষাৰ দিশত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৮৬ সংখ্যক সাংবিধানিক সংশোধনী আইন, ২০০১ চনত বিশেষকৈ মহিলাসকলৰ শিক্ষাৰ বিকাশৰ দিশত থকা বাধাৰ এক পথ ভংগকাৰী পদক্ষেপ। এই আইন অনুসৰি প্ৰাথমিক শিক্ষা ৬ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ শিশুৰ বাবে এক মৌলিক অধিকাৰ। চৰকাৰে এই শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে সেই বয়সৰ লোকৰ বাবে বাধ্যতামূলক কৰাৰ দায়িত্ব লৈছে। এই উদ্যোগটো সৰ্বশিক্ষা অভিযান (SSA) নামেৰে অধিক পৰিচিত।

তেতিয়াৰ পৰাই এছ এছ এয়ে সামগ্ৰিকভাৱে ভাৰতীয় শিক্ষাৰ সৰ্বাংগীণ বিকাশৰ লগতে মহিলাৰ বাবে একচেটিয়া বহুতো আঁচনি উলিয়াইছে, য’ত মহিলা শিক্ষাৰ বৃদ্ধিত সহায়ক হোৱা আঁচনিও অন্তৰ্ভুক্ত। এই আঁ‌চনি সমূহৰ ভিতৰত আছেঃ মহিলা সমখ্যা কাৰ্যসূচী,[12] কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আঁচনি (কেজিবিভি), প্ৰাথমিক পৰ্যায়ত ছোৱালীৰ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপিইজিএল)[13] আদি।

সজাগতা বৃদ্ধি[সম্পাদনা কৰক]

কানাডাৰ ষ্টাৰ্ট-আপ ডিকোড গ্ল’বেলে ভাৰতৰ পানীৰ অভাৱ আৰু বিশেষকৈ বস্তি আৰু গ্ৰাম্য অঞ্চলত ছোৱালীৰ শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামাজিক পৰিৱৰ্তনৰ বাবে এটা মোবাইল গেম গেট ৱাটাৰৰ মুকলি কৰিছে। পানীৰ সহজলভ্য নোহোৱা অঞ্চলত ছোৱালীক প্ৰায়ে স্কুললৈ যোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ বাবে পানী সংগ্ৰহ কৰিবলৈ পঠিয়োৱা হয়।[14]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Усамов, И.Р. (2019-12-18). "DIGITAL TRANSFORMATION OF EDUCATION: CHALLENGES AND PROSPECTS". Вестник ГГНТУ. Гуманитарные и социально-экономические науки খণ্ড 3 (17). doi:10.34708/gstou.2019.17.3.021. ISSN 2686-9721. http://dx.doi.org/10.34708/gstou.2019.17.3.021. 
  2. Osler, Audrey; Vincent, Kerry (2003-12-16). Girls and Exclusion. doi:10.4324/9780203465202. http://dx.doi.org/10.4324/9780203465202. 
  3. London Missionary Society, ed (1869). Fruits of Toil in the London Missionary Society. প্ৰকাশক London: John Snow & Co.. পৃষ্ঠা. 12. https://archive.org/details/fruitsoftoilinth17115gut। আহৰণ কৰা হৈছে: 12 September 2016. 
  4. "Educational Development of Girls and Women". Archived from the original on 2011-10-22. https://web.archive.org/web/20111022012638/http://www.education.nic.in/cd50years/s/3N/EP/3NEP0401.htm। আহৰণ কৰা হৈছে: 2023-03-28. 
  5. Chandra, Shefali (2012). The sexual life of English : caste and desire in modern India. প্ৰকাশক Durham: Duke Univ. Press. পৃষ্ঠা. 22. ISBN 978-0822-352-273. https://books.google.com/books?id=cuhciewLjbUC&q=phule+poona+bhide++girls+school&pg=PP8। আহৰণ কৰা হৈছে: 28 January 2016. 
  6. "Bethune College, Kolkata : History". Archived from the original on 2023-03-21. https://web.archive.org/web/20230321133930/http://bethunecollege.ac.in/bethuneCollege/BethuneCollege.htm। আহৰণ কৰা হৈছে: 2023-03-28. 
  7. Acharya, Poromesh. "Education in Old Calcutta". In Chaudhuri, Sukanta. Calcutta, the Living City. 1. Oxford: Oxford University Press. pp. 86–7. আই.এচ.বি.এন. 0-19-563696-1.
  8. Reina Lewis; Sara Mills (2003), Feminist Postcolonial Theory: A Reader, প্ৰকাশক New York: Taylor & Francis, pp. 451–3, ISBN 978-0-415-94275-1, https://archive.org/details/feministpostcolo0000unse/page/451 
  9. S. P. Agrawal; J. C. Aggarwal (1992). Women's Education in India: 1986-1987. Concept Publishing Company. পৃষ্ঠা. 31. ISBN 9788170223184. https://books.google.com/books?id=bJD4EM2kvt0C&pg=PA31. 
  10. "Achievement since Independence : girls Education". Archived from the original on 2011-10-15. https://web.archive.org/web/20111015082027/http://ssa.nic.in/news/girls-education-in-india-achievements-since-independence-press-release-wednesday-january-23-2008/। আহৰণ কৰা হৈছে: 2023-03-28. 
  11. "Post- Independence Educational". Archived from the original on 2013-02-22. https://web.archive.org/web/20130222012631/http://www.cwds.ac.in/OCPaper/Post-IndependenceEducational.pdf। আহৰণ কৰা হৈছে: 2023-03-28. 
  12. "Sarva Shiksha Abhiyan : Girls Education Schemes". Archived from the original on 2013-01-30. https://web.archive.org/web/20130130004837/http://ssa.nic.in/page_portletlinks?foldername=girls-education। আহৰণ কৰা হৈছে: 2023-03-28. 
  13. "NPEGEL : Brief". http://www.indg.in/primary-education/women-and-education/5._npegel-brief.pdf। আহৰণ কৰা হৈছে: 2019-08-18. [সংযোগবিহীন উৎস]
  14. Shapiro, Jordan (2013-03-22). A Touch-Screen Game That Wants to Save the World, Forbes. Retrieved 2014-03-31. Retrieved 2014-03-31.