ভাৰতীয় মানক ব্যুৰো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Logo
ISI-Mark-Logo
Compulsory Registratio Logo

ভাৰতীয় মানক ব্যুৰো (Bureau of Indian Standards) হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় মানক নিৰ্ধাৰণ কৰা সংস্থা। ইয়াৰ প্ৰথমে নাম আছিল ভাৰতীয় মানক স্ংস্থান (ISI), যাক প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৬ চনত। ভাৰতীয় মানক ব্যুৰোক বি আই এছ অধিনিয়মৰ ২০১৬ যোগেদি প্ৰতিষ্ঠা কৰা হয়।

কৰ্পোৰেট সংস্থা হিচাপে সংস্থানটো আৰম্ভ কৰা সময়ত ইয়াত ২৫জন সদস্য আছিল। সদস্যসকলক কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰবোৰৰ পৰা, উদ্যোগসমূহৰ পৰা, বৈজ্ঞানিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু উপভোক্তা সংগঠনসমূহৰ পৰা নিৰ্বাচিত কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্য্যালয় নতুন দিল্লী ত অৱস্থিত। কলকাতা(পূৱৰ), চেন্নাই(দক্ষিণা), মুম্বাই(পশ্চিমা),দিল্লী (কেন্দ্ৰীয়) আৰু ছণ্ডীগড়(উত্তৰা) ত ইয়াৰ ক্ষেত্ৰিয় কাৰ্য্যালয় আছে[1]। ইয়াৰ কেইবাটাও শাখা কাৰ্যালয় আছে; আহ্‌মেদাবাদ, বাঙ্গালোৰ, ভূৱেনেশ্বৰ, ভূপাল, কৈম্বাত'ৰে, দেৰাডুন, ফৰিদাবাদ, গাজিয়াবাদ, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, কোচি, লক্ষ্ণৌ, নাগপুৰ, পাৰৱানো, পাটনা, পুনে, ৰাজকোট, দুৰ্গাপুৰ, জামছেদপুৰ আৰু বিশাখাপট্‌তনম[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]