সমললৈ যাওক

ভাৰতীয় সেনা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় সেনা দিৱস
Army Day

অমৰ জোৱান জ্যোতি
তাৰিখ জানুৱাৰী ১৫ (15-01)
অন্তৰ বাৰ্ষিক
প্ৰকাৰ সামৰিক

ভাৰতীয় সেনা দিৱস প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে পালন কৰা হয়। ১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে (তেতিয়া লেফটেনেণ্ট জেনেৰেল) অন্তিম ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ ভাৰতৰ ফিল্ড মাৰ্শ্বাল পদলৈ উন্নীত হৈছিল। এই দিৱস বিভিন্ন সেনাৰ কাৰ্য্যালয়ৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিভিন্ন অনুষ্ঠান আৰু পেৰেড অনুষ্ঠিত কৰি পালন কৰা হয়। সেনা দিৱস কেন্দ্ৰীয় ভাবে ইণ্ডিয়া গেটৰ কাষত থকা অমৰ জোৱান জ্যোতিত কেন্দ্ৰীয় ভাবে উদ্‌যাপন কৰা হয়। এই দিৱস দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো ছহিদ সেনা সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ অনুষ্ঠিত কৰা হয়। কে. এম. কাৰীয়াপ্পা ১৯৪২ চনত ইউনিত এটাক কমাণ্ড দিবলৈ যোগ্য বুলি বিবেচিত হোৱা প্ৰথমজন ভাৰতীয় সেনাৰ বিষয়া আছিল।[1]

১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত গোটেই দেশতে দেশ বিভাজন আৰু শৰণাৰ্থীৰ আগমনৰ বাবে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।[2] ইয়াৰ ফলত ভাৰতৰ বিভিন্ন প্ৰশাসনিক সমস্যায়ে মূৰ দাঙি উঠাত ভাৰতীয় সেনা আগবাঢ়ি আহিল।[2] ইয়াৰ পিছত দেশ বিভাজনৰ পিছত শান্তি শৃংখলা বজাই ৰাখিবলৈ এক বিশেষ কমাণ্ডৰ গঠন কৰা হ'ল।[2] কিন্তু সেইসময়ত ভাৰতীয় সেনাৰ অধ্যক্ষ ব্ৰিটিছ মূলৰ আছিল। ১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে পোন প্ৰথমবাৰৰ বাবে কে. এম. কাৰীয়াপ্পা স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় সেনা অধ্যক্ষ হয়।[3] সেই সময়ত ভাৰতীয় সেনাত প্ৰায় দুই লাখ সৈন্য আছিল।[4] তাৰ আগতে এই পদৰ কমাণ্ডাৰ জেনেৰেল ৰয় ফ্ৰান্সিছ বুটচাৰ আছিল। তেতিয়াৰ পৰায়ে প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Team, Editorial (2018-01-08). "Indian Army Day" (en-US ভাষাত). SSBToSuccess. http://www.ssbtosuccess.com/indian-army-day-15th-january/.
  2. 1 2 3 Verma, Bharat; Hiranandani, GM; Pandey, BK (2013) (en ভাষাত). Indian Armed Forces. প্ৰকাশক Atlanta: Lancer Publishers LLC. পৃষ্ঠা. 31. ISBN 9781935501732. https://books.google.co.in/books?id=yXCUeGUW3VQC আহৰণ কৰা হৈছে: 15 January 2018.
  3. "India Celebrates Army Day, Know Important Facts About Indian Army" (अंग्रेजी ভাষাত). india.com. http://www.india.com/news/india/india-celebrates-army-day-know-important-facts-about-indian-army-2843636/ আহৰণ কৰা হৈছে: 15 जनवरी 2018.
  4. "सेना दिवस: आज ही के दिन 'आजाद' हुई थी आर्मी, 2 लाख थे सैनिक". आज तक. https://aajtak.intoday.in/gallery/know-important-facts-about-indian-army-day-tedu-6-18204.html আহৰণ কৰা হৈছে: 15 जनवरी 2018.
  5. चेंगप्पा, बिडंदा (१५ जनवरी २०१८). "Indian Army transitions" (अंग्रेजी ভাষাত). প্ৰকাশক बंगलुरु: दक्कन हेराल्ड. http://www.deccanherald.com/content/653833/indian-army-transitions.html আহৰণ কৰা হৈছে: १५ जनवरी २०१८.