সমললৈ যাওক

ভাৰত আৰু বাংলাদেশৰ মাজত যাতায়ত ব্যৱস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্তমানৰ ৰেল আৰু পথ সংযোগৰ সৈতে বাংলাদেশৰ মানচিত্ৰ।

ভাৰত আৰু বাংলাদেশৰ মাজৰ পৰিবহণে দুয়োখন দেশৰ বাবে বহু ঐতিহাসিক আৰু ৰাজনৈতিক তাৎপৰ্য্য বহন কৰে। উল্লেখ্য যে বংগ আৰু ভাৰত বিভাজনৰ পৰা আৰম্ভ কৰি প্ৰায় ৪৩ বছৰ ধৰি দুয়োখন দেশৰ মাজত কোনো স্থল পৰিবহণ সংযোগ নাছিল। কলকাতা–ঢাকা বাছ (১৯৯৯) আৰু ঢাকা–আগৰতলা বাছ (২০০১) আছিল দুয়োখন দেশৰ মাজৰ প্ৰাথমিক পথ সংযোগ; পৰবৰ্তী সময়ত বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজেৰে প্ৰত্যক্ষভাৱে কলকাতা-আগৰতলা বাছ সেৱা চালু কৰা হয়। ৪৩ বছৰ ধৰি বন্ধ হৈ থকা কলকাতা আৰু ঢাকাৰ মাজত ৰেলপথ পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে মৈত্ৰী এক্সপ্ৰেছ (অনু: বন্ধুত্ব এক্সপ্ৰেছ) আৰম্ভ কৰা হয়।[1]

ৰে'ল সেৱা

[সম্পাদনা কৰক]
বৰ্তমানৰ ৰেল আৰু প্ৰস্তাৱিত ৰেল সংযোগৰ সৈতে বাংলাদেশৰ মানচিত্ৰ।

ভাৰত আৰু বাংলাদেশৰ মাজত ঐতিহাসিক সংযোগকে ধৰি সম্পূৰ্ণ ৰেল সংযোগ আৰু ইয়াৰ বৰ্তমানৰ অৱস্থা তলত দিয়া ধৰণৰ:

ভাৰতীয় ক্ৰছিংবাংলাদেশী ক্ৰছিংসীমান্ত[rail-note 1]স্থিতিবৰ্তমান ৰেল সেৱাঐতিহাসিক ৰেল সেৱা
গেদেদৰ্শনাপশ্চিমীয়াবৰ্তমানমৈত্ৰী এক্সপ্ৰেছ আৰু মালবাহী ৰে'লইষ্ট বেংগল এক্সপ্ৰেছ, ইষ্ট বেংগল[2]
পেট্ৰাপোলবেনাপোলপশ্চিমীয়াবৰ্তমানবন্ধন এক্সপ্ৰেছ আৰু মালবাহী গাড়ীবৰিশাল এক্সপ্ৰেছ[2]
সিংহাবাদৰাজশাহীপশ্চিমীয়াবৰ্তমানমালবাহী
ৰাধিকাপুৰবিৰোলপশ্চিমীয়াবৰ্তমানমালবাহী
হলদিবাড়ীচিলাহাটীউত্তৰবৰ্তমানমিতালী এক্সপ্ৰেছ
চাংৰাবন্ধাবুঢ়ীমাৰিউত্তৰনিষ্ক্ৰিয় [rail-note 2]
মহিষাসনশ্বাহবাজপুৰউত্তৰপুনৰুদ্ধাৰ কৰা হৈছে [rail-note 3]
আগৰতলাআখাউড়াউত্তৰপুনৰুদ্ধাৰ কৰা হৈছে[rail-note 4]
  1. ↑ বাংলাদেশৰ সীমান্তৰ ওপৰত ভিত্তি কৰি
  2. ↑ বৰ্তমান নিষ্ক্ৰিয় যদিও পুনৰুদ্ধাৰ কৰিবলৈ চিন্তা-চৰ্চা কৰা হৈছে
  3. ↑ এটা মিটাৰ গেজ লাইন আছিল যদিও বন্ধ কৰি দিয়া হৈছিল। যদিও, সম্প্ৰতি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
  4. ↑ IRCON দ্বাৰা এটা নতুন লাইন সত্তা বিকশিত কৰা হৈছে, আৰু ইয়াৰ খৰচ ভাৰতে বহন কৰিবলগীয়া হৈছে। বৰ্তমানে চলি থকা আগৰতলা-আখৌৰা নতুন ৰে’ল সংযোগ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ ২০১৭ চনৰ অক্টোবৰ মাহতেই দুয়োখন দেশত সম্পূৰ্ণ হৈছিল আৰু ২০১৮ চনত ট্ৰেক স্থাপন সম্পূৰ্ণ হৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]