ভিনছেণ্ট ভেন গ’গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভিনছেণ্ট ভেন গ’গ
Impressionist portrait painting of a clean shaven man gazing to the left
ইজেলৰ সন্মুখত আত্ম প্ৰতিকৃতি, জানুৱাৰী ১৯৮৮, Oil on canvas, ৬৫ × ৫০.৫ ছে.মি., ভেন গ’গ সংগ্ৰহালয়, আমষ্টাৰদাম (F522)
নাম ভিনছেণ্ট ৱীলেম ভেন গ’গ
জন্ম ৩০ মাৰ্চ, ১৮৫৩
জুনডাৰ্ট, [নেডাৰলেণ্ড]]
মৃত্যু ২৯ জুলাই, ১৮৯০ ৩৭ বছৰ
উভাৰ্চ-চাৰ-অ‍ইজ, ফ্ৰান্স
দেশ নেডাৰলেণ্ড
পেচা চিত্ৰশিল্পী
বিপ্লৱ উত্তৰ-ইম্প্ৰেচনবাদ
কৰ্মৰাজী দা পটেট’ ইটাৰ্ছ, ছানফ্লাৱাৰ্ছ, দা ষ্টাৰী নাইট, আইৰিচেছ, পৰ্ট্ৰেইট অৱ ড: গেছেট, দা নাইট কেফে, হ্বিটফিল্ড ৱিড ক্ৰ’ৱছ
প্ৰভাৱ এণ্টন মুভ, জিন-ফ্ৰানক‍’ছ মিলেট, এল্ডফ জোছেফ থমাছ মণ্টিছেলী, ইম্প্ৰেচনবাদ, উকিঅ’-ই

ভিনচেণ্ট ৱীলেম ভেন গ'গ (৩০ মাৰ্চ, ১৮৫৩ – ২৯ জুলাই, ১৮৯০) আছিল হলেণ্ডপ’ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ । বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল । উদ্বিগ্নতা আৰু সঘনাই উক দিয়া মানসিক ৰোগত তেওঁ ভুগিছিল আৰু মাত্ৰ ৩৭ বছৰ বয়সত বিশেষ খ্যাতি পোৱাৰ আগেয়েই আত্মঘাতী বন্দুকৰ গুলিত তেওঁৰ দেহাৱসান ঘটে ।

কলাৰ প্ৰতি ভেন গ'গৰ বহু কম বয়সৰ পৰাই ৰাপ আছিল । শৈশৱৰ পৰাই তেওঁ ছবি আকিছিল আৰু চিত্ৰকলাৰ চৰ্চা সচৰাচৰ কৰি গৈছিল । শেষত তেওঁ চিত্ৰকাৰ হোৱাৰ সিদ্ধান্ত লয় । কিন্তু বিশ বছৰ বয়সলৈকে তেওঁ মানবিশিষ্ট চিত্ৰ অঁকা নাছিল । জীৱনৰ শেষ দুটি বছৰতহে তেওঁ নিজৰ বহুখনি প্ৰসিদ্ধ ছবিক সম্পূৰ্ণ কৰি তোলে । মাত্ৰ এটা দশকতকৈ অলপ বেছি সময়ৰ ভিতৰত ভেন গ'গে ২০০০তকৈও অধিক শিল্পকৃতি ৰচনা কৰিছিল, যাৰ ভিতৰত আছিল ৯০০ খন আলেখ্য আৰু ১,১০০ খন চিত্ৰ আৰু নক্সা । তেওঁৰ সৃষ্টিৰ ভিতৰত বহুকেইখন আত্ম-প্ৰতিকৃতি ,প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ, আলেখ্য আৰু হ্বিটফিল্ড ৱিড ক্ৰ’ৱছ, ছানফ্লাৱাৰ্ছ ইত্যাদি উল্লেখযোগ্য ।

ভেন গ'গে ডেকাকালৰ আৰম্ভণিতে শিল্প-বাণিজ্যৰ সৈতে জড়িত এটা প্ৰতিস্থানত কাম কৰিছিল আৰু কৰ্মসংক্ৰান্তত হেগ,লণ্ডন আৰু পেৰিছ আদি ভ্ৰমণ কৰি তেওঁ কিছুদিন ইংলেণ্ডত শিক্ষকতা কৰে । কিন্তু তেওঁৰ মনোবাঞ্ছা আছিল ধৰ্ম্ম-প্ৰচাৰক হোৱাৰ । সেইবাবে ১৮৭৯ চনৰ পৰা বেলজিয়ামৰ এটা খনিৰ এলেকাত পাদুৰী হিচাবে কাম কৰে আৰু থলুৱা বাসিন্দাসকলৰ ছবি আঁকিবলৈ আৰম্ভ কৰে । ১৮৮৫ চনত ভেন গ'গে তেওঁৰ জীৱনৰ প্ৰথমখন উল্লেখযোগ্য চিত্ৰ, "দা পটেট’ ইটাৰ্ছ" অংকন কৰে । এই সময়ত তেওঁৰ ছবিত বিশেষকৈ অনুজ্জ্বল মাটিয়া ৰঙৰ প্ৰাধান্য আছিল আৰু অনাগত দিনৰ ছবিবোৰত ব্যৱহাৰ কৰা উজ্বল ৰঙৰ চিন এই সময়ৰ ছবিসমূহত নাছিল । ১৮৮৬ চনৰ মাৰ্চ মাহত তেওঁ পেৰিছলৈ যায়, আৰু ফ্ৰেঞ্চ ইম্প্ৰেচনিষ্ট সকলক লগ পায় । পিছত তেওঁ দক্ষিণ ফ্ৰান্সলৈ যায় আৰু সেই এলেকাৰ ৰ'দৰ উজ্বল ৰশ্মিয়ে তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰে । তেওঁৰ সৃষ্টিয়ে এই সময়তে উজ্বল ৰূপ লয় আৰু তেওঁ এক অনন্য তথা বিশিষ্ট শৈলী বিকশিত কৰে । ১৮৮৮ চনৰ আৰ্লেছত থকা সময়ত এই শৈলীয়ে পূৰ্ণাংগ ৰূপ পায় ।

ভেন গ'গৰ মানসিক ৰোগে তেওঁৰ চিত্ৰকলাত কিমান প্ৰভাৱ পেলাইছিল সেইটো আজিও চৰ্চাৰ বিষয় । তেওঁৰ স্বাস্থ্যৰ বিষয়ে বহু চাঞ্চল্যৰ সৃষ্টি কৰাৰ প্ৰৱণতা স্বত্তেও আধুনিক সমালোচকসকলে এনে এজন চিত্ৰকৰৰ প্ৰতিচ্ছবি দেখা পায় যিজনে সঘনাই উক দিয়া অসুস্থতাৰ কাৰণে নিজ কাৰ্য্যৰ অকৰ্মন্যতা আৰু অস্পষ্টতাত গভীৰভাবে নিৰাশ হৈছিল । কলা সমালোচক ৰবাৰ্ট হিউজেজৰ মতে ভেন গ'গৰ শেষ জীৱনৰ শিল্পকৃতিসমূহে সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰনত থকা আৰু "স্পষ্টতা আৰু উদাৰচিত্ততাৰ সন্ধান কৰা" এজন পৰিপক্ক চিত্ৰকাৰৰ পৰিচয় দিয়ে [1]

চিঠিসমূহ[সম্পাদনা কৰক]

ভিনছেণ্ট ( ১৮৭১–১৮৭২), বয়স ১৮ । এই ছবিখন সেই সময়ত তোলা যেতিয়া তেওঁ ডী হেগত গোপীল এণ্ড ছাই গেলেৰিৰ এটি শাখাত কাৰ্য্যনিৰ্বাহ কৰি আছিল ।[2][3]
থীয়' ২১ বছৰ বয়সত, ১৮৭৮ চনত । থীয়’ ককায়েকৰ আজীৱন সমৰ্থক আৰু বন্ধু আছিল । দুয়োকে একেলগে সমাধি দিয়া হয় ঔভাৰ্ছ-ছুৰ-অইচত

ভেন গ'গৰ চিত্ৰকৰ ৰূপে পৰিচয় পোৱাৰ বিশদ অন্যতম সূত্ৰ তেওঁ আৰু তেওঁৰ কনিষ্ঠ ভাতৃৰ, থীয়'ৰ মাজত আদান-প্ৰদান হোৱা চিঠিৰ সংগ্ৰহ [4]। এই চিঠি সমুহৰ আধাৰতে চিত্ৰকৰজনৰ চিন্তন আৰু বিশ্বাসৰ বিষয়ে ধাৰণা হয় । থীয়’ই ককায়েকক আৰ্থিক আৰু মানসিকভাৱে সমৰ্থন আগবঢ়াইছিল [5][6]। তেওঁলোকৰ আজীৱন বন্ধুত্ব, আৰু ভেন গগৰ চিত্ৰকলা সম্পৰ্কীয় বেছিভাগ চিন্তাধাৰা আৰু তত্বৰ তথ্য পোৱা যায় তেওঁলোক দুয়োৰে মাজত আদান প্ৰদান হোৱা শতাধিক চিঠিৰ পৰা: ৬০০ ৰো অধিক ভিনছেণ্টে থীয়’ক লেখা, আৰু ৪০খন চিঠি থীয়’ই ভিনছেণ্টক লেখা ।

যদিও বেছিভাগ চিঠিত তাৰিখ নাই, শিল্প-বুৰঞ্জীবিদ সকলে চিঠি সমুহ কালানুক্ৰমিক ভাবে থৈছে । অসুবিধা হয় মূলতঃ আৰ্লেছৰ পৰা লেখা চিঠিবোৰৰ তাৰিখ নিৰ্ণয় কৰা, যদিও এইটো জনাজাত যে সেই মূহুৰ্ত্তত ভেন গগে ডাট্চ, ফ্ৰেন্স আৰু ইংৰাজী ভাষাত প্ৰায় ২০০ খন চিঠি তেওঁৰ বন্ধুবৰ্গক লেখিছিল। ভিনছেণ্ট পেৰিছত থকা সময় বুৰঞ্জীবিদসকলৰ বাবে বিশ্লেষণ কৰাতো অসুবিধাজনক কাৰণ দুয়োভাই ককাই একেলগে আছিল আৰু সেয়ে চিঠি বিনিময় কৰা নাছিল [7]

থীয়’ৰ সৈতে চিঠিৰ বিনিময়ৰ ওপৰিও বৰ্ত্তি থকা অন্য নথি-পত্ৰৰ মাজত আছে ভান ৰাপ্পাৰ্ড, এমিলি বাৰ্ণাৰ্দ, ভেন গ’গৰ ভগ্নি ৱীল আৰু তেওঁৰ বান্ধবী লাইন ক্ৰুৱেচ্ছলৈ লেখা চিঠি [৯] । চিঠিসমুহ সৰ্বপ্ৰথমে বাৰ্তিক কৰে থীয়’ৰ বিধবা পত্নী জোহান্না ভেন গ’গ-বঙ্গাৰএ, আৰু তেওঁ কয় যে চিঠিবোৰ অলপ ‘আশঙ্কা’ ৰে তেওঁ প্ৰকাশ কৰিছিল, কাৰণ তেওঁ বিচৰা নাছিল যে চিত্ৰকৰজনৰ নাটকীয় জীৱনে তেওঁৰ সৃষ্টিক ম্লান কৰক ।ভেন গ’গে নিজেও আন আন শিল্পীৰ জীৱনী পঢ়িছিল আৰু আশা কৰিছিল যে তেওঁলোকৰ জীৱন আৰু কলাৰ মাজত সাদৃশ্য থাকক [৪] ।

জীৱনী[সম্পাদনা কৰক]

মুখ্য প্ৰবন্ধ: ভিনছেণ্ট ভেন গ’গ কালানুক্ৰম

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hughes (1990), 144
  2. Pickvance (1986), 129
  3. Tralbaut (1981), 39
  4. Pomerans (1996), ix
  5. "Van Gogh: The Letters". Van Gogh Museum. Retrieved 7 October 2009.
  6. Van Gogh's letters, Unabridged and Annotated. Retrieved 25 June 2009.
  7. Hughes (1990), 143