সমললৈ যাওক

ভুৱা ব্যুৎপত্তিবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিছা ব্যুৎপত্তি (ইংৰাজী: False etymology) (ভুৱা ব্যুৎপত্তি, জনপ্ৰিয় ব্যুৎপত্তি, ব্যুৎপত্তি,[1] বা ছদ্ম ব্যুৎপত্তি হৈছে কোনো নিৰ্দিষ্ট শব্দৰ উৎপত্তি বা ব্যুৎপত্তিৰ বিষয়ে জনপ্ৰিয় কিন্তু ভুৱা বিশ্বাস। ইয়াক কেতিয়াবা লোক ব্যুৎপত্তি (Folk Etymology) বুলি কোৱা হয় আৰু ভাষাবিজ্ঞানত ই এটা কাৰিকৰী শব্দ।

এনে ব্যুৎপত্তিত প্ৰায়ে নগৰীয়া কিংবদন্তিৰ প্ৰভাৱ থাকে। অভিধানত পোৱা সাধাৰণ ব্যুৎপত্তিতকৈ ই অধিক অতিৰঞ্জিত আৰু কল্পনাপ্ৰসূত হ'ব পাৰে। ইয়াৰ সৈতে প্ৰায়ে বিশেষ উপসংস্কৃতিৰ অস্বাভাৱিক প্ৰথাৰ কাহিনী জড়িত হৈ থাকে (যেনেঃ অ-অভিজাত পৰিয়ালৰ অক্সফৰ্ডৰ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নামৰ সৈতে sine nobilitate লিখিবলৈ বাধ্য কৰা হয়, যি অতি সোনকালে s.nob.ৰ সংক্ষিপ্ত ৰূপ পায়। আৰু এনেকৈয়ে snob শব্দটো সৃষ্টি হয়।)।[2][3] ভুৱা ব্যুৎপত্তিৰ একেবাৰে শেহতীয়া উদাহৰণ হৈছে "backronym" (এটা শব্দৰ ব্যাখ্যাৰ বাবে নিৰ্মিত সংক্ষিপ্ত ৰূপ)। যেনেঃ "port outward,starboard homeward" ৰ বাবে posh।

উৎস আৰু প্ৰভাৱ

[সম্পাদনা কৰক]

ভুৱা ব্যুৎপত্তি বহু কাৰণত থাকিব পাৰে। তাৰে কিছুমান হৈছে অসত্য ৰূপত দৃশ্যমান হোৱা প্ৰমাণৰ যুক্তিসংগত ব্যাখ্যা। এটা শব্দৰ বাবে হয়তো সেই সময়ত উপলব্ধ উৎকৃষ্ট তথ্যৰ ভিত্তিত ব্যুৎপত্তি প্ৰস্তাৱ কৰাৰ বাবে পণ্ডিতসকলে বহু গুৰুতৰ প্ৰচেষ্টা চলাইছিল আৰু পিছলৈ ভাষিক পণ্ডিতৰ অগ্ৰগতিৰ লগে লগে এইবোৰ পৰিৱৰ্তন নাকচ কৰা হৈছে। উদাহৰণস্বৰূপে, মধ্যযুগীয় ব্যুৎপত্তিবিজ্ঞানৰ পৰিণতি সেই সময়ত উপলব্ধ অন্তৰ্দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি যুক্তিসংগত আছিল যদিও আধুনিক ভাষাবিদসকলে ইয়াক প্ৰায়ে নাকচ কৰিছে। আধুনিক যুগৰ আৰম্ভণিতে মানৱতাবাদী পণ্ডিতসকলৰ ব্যুৎপত্তিসমূহে অধিক নিৰ্ভৰযোগ্য ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছিল যদিও তেওঁলোকৰ বহু অনুমানকে অতিক্ৰম কৰা হৈছে।

আন কিছুমান ভুৱা ব্যুৎপত্তি একাংশ ব্যক্তিয়ে কৰা নৈতিক আৰু অবিশ্বাস্য দাবীৰ ফল। যেনেঃ ডেনিয়েল কেচিডিয়ে কৰা ভিত্তিহীন দাবী যে বেলনী, গ্ৰুম্বল আৰু বাংকামৰ দৰে শ শ সাধাৰণ ইংৰাজী শব্দ আইৰিছ ভাষাৰ পৰা উদ্ভৱ হৈছে।[4][5]

কিছুমান ব্যুৎপত্তি নগৰীয়া কিংবদন্তিৰ অংশ। কেতিয়াবা আনকি প্ৰতি-স্বজ্ঞা, কলংকিত কথা আৰু সাধাৰণ ৰুচিৰ প্ৰতিও সঁহাৰি জনোৱা যেন লাগে। এটা সাধাৰণ উদাহৰণ বুঢ়া আঙুলিৰ নিয়ম (Rule of thumb) বাক্যাংশৰ সৈতে জড়িত, যাৰ অৰ্থ হৈছে "এটা মোটামুটি নিৰ্দেশনা"। এটা নগৰীয়া কিংবদন্তি অনুসৰি এই বাক্যাংশটোৱে ইংৰাজী পুৰণি আইনক বুজায়, যাৰ দ্বাৰা এজন পুৰুষে আইনগতভাৱে নিজৰ পত্নীক বুঢ়া আঙুলিতকৈ কম মোটা এডাল লাঠিৰে প্ৰহাৰ কৰিব পাৰিছিল।[6]

আমেৰিকাত এই কলংকিত কিংবদন্তিৰ কিছুমানৰ সৈতে বৰ্ণবাদ আৰু দাসত্বৰ সম্পৰ্ক আছে। যেনেঃ পিকনিক,[7] বাক(buck),[8] আৰু ক্ৰাউবাৰ(Crowbar)([9] আদি সাধাৰণ শব্দবোৰ অপমানজনক শব্দ বা বৰ্ণবাদী প্ৰথাৰ পৰা উদ্ভৱ হোৱা বুলি অভিযোগ কৰা হৈছে। এই কথিত ব্যুৎপত্তিসমূহৰ "আৱিষ্কাৰ"ক লৈ প্ৰায়ে বিশ্বাস কৰা হয় যে ইয়াক প্ৰচাৰ কৰাসকলে সাধাৰণ বক্তৃতাত নিহিত হৈ থকা বৰ্ণবাদী মনোভাৱৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। এবাৰ নিগাৰ্ডলি শব্দটোৰ ব্যৱহাৰত অসন্তুষ্ট হৈ আমেৰিকাৰ এজন ৰাজহুৱা বিষয়াই পদত্যাগ কৰিছিল কাৰণ শব্দটো নিগাৰ শব্দটোৰ সৈতে মিল থকা যেন লাগিছিল।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Zuckermann, Ghil'ad (2003). Language Contact and Lexical Enrichment in Israeli Hebrew. Palgrave Macmillan. ISBN 978-1403917232. http://www.palgrave.com/br/book/9781403917232.
  2. "nouns – Etymology of "snob" – English Language & Usage Stack Exchange". English.stackexchange.com. http://english.stackexchange.com/questions/22147/etymology-of-snob আহৰণ কৰা হৈছে: 2013-08-26.
  3. "What is the origin of the word 'snob'? – Oxford Dictionaries Online". Oxforddictionaries.com. 2013-08-21. Archived from the original on 2020-04-11. https://web.archive.org/web/20200411040142/http://oxforddictionaries.com/words/what-is-the-origin-of-the-word-snob আহৰণ কৰা হৈছে: 2013-08-26.
  4. Zwicky, Arnold (2007-11-09). "Language Log: Gullibility in high places". Itre.cis.upenn.edu. http://itre.cis.upenn.edu/~myl/languagelog/archives/005098.html আহৰণ কৰা হৈছে: 2015-07-12.
  5. Liberman, Mark (2006-07-06). "Language Log: The bunkum of 'The Bunkum of Bunkum'?". Itre.cis.upenn.edu. http://itre.cis.upenn.edu/~myl/languagelog/archives/003326.html আহৰণ কৰা হৈছে: 2015-07-12.
  6. "World Wide Words: Rule of thumb". Quinion.com. 1999-11-13. https://www.worldwidewords.org/qa/qa-rul1.htm আহৰণ কৰা হৈছে: 2020-12-01.
  7. Mikkelson, David (21 January 2017). "Picnic Pique". Snopes.com. http://www.snopes.com/language/offense/picnic.htm আহৰণ কৰা হৈছে: 5 March 2018.
  8. "Etymology on the phrase 'passing the buck'". Snopes.com. 22 December 2013. http://www.snopes.com/language/offense/buck.htm আহৰণ কৰা হৈছে: 2015-07-12.
  9. "Etymology of Crowbar". Snopes.com. 14 December 2008. http://www.snopes.com/language/offense/crowbar.asp আহৰণ কৰা হৈছে: 2015-07-12.
  10. "Is 'niggardly' a racist word?". The Straight Dope. 2000-01-03. http://www.straightdope.com/mailbag/mniggard.html আহৰণ কৰা হৈছে: 2015-07-12.