ভূমিস্খলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


২০১৮ চনৰ পেৰুৰ ভূমিস্খলন
সমগ্ৰ বিশ্বতে সম্ভাৱ্য ভূমিস্খলনৰ কাৰ্যকলাপ কেনেদৰে সলনি হৈছে, তাক চাবলৈ নাছাই প্ৰস্তুত কৰা এটা মডেল।
কেলিফোৰ্ণিয়াৰ ভূমিস্খলনৰ এনিমেচন

ভূমিস্খলন, বা যাক ইংৰাজীত landslips বুলিও কোৱা হয়,[1][2][3] মাটিৰ কেইবাধৰণৰ বৃহৎ অপচয়, য'ত মাটিৰ বিস্তৃত পৰিসৰৰ গতিবিধি, যেনে শৈল-পতন, বোকাময় প্ৰবাহ, গভীৰ বা অগভীৰভাৱে থকা ঢাল অংশ নষ্ট হোৱা আৰু ধ্বংসাৱশেষৰ প্ৰবাহ আদি অন্তৰ্ভুক্ত হ'ব পাৰে।[4] ভূমিস্খলন বিভিন্ন পৰিৱেশত হ’ব পাৰে; ইয়াৰ বৈশিষ্ট্য হৈছে ঠেক বা কোমল ঢালেৰে বৈ অহা প্ৰবাহ, ই পৰ্বতমালাৰ পৰা উপকূলীয় শিল, আনকি পানীৰ তলতো হ’ব পাৰে,[5] তেনে ক্ষেত্ৰত ইয়াক চাবমেৰিন ভূমিস্খলন বুলি কোৱা হয়।

মাধ্যাকৰ্ষণ শক্তি হৈছে ভূমিস্খলনৰ প্ৰাথমিক চালিকা শক্তি; কিন্তু ভূমিৰ উপৰিভাগৰ ঢালৰ স্থিতিক প্ৰভাৱিত কৰা আন কিছুমান কাৰক আছে যিয়ে নিৰ্দিষ্ট পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ঢালক ক্ষতিপ্ৰৱণ কৰি তোলে। বহুক্ষেত্ৰত ভূমিস্খলনৰ সূচনা কোনো নিৰ্দিষ্ট পৰিঘটনাৰ ফলত হয়, (যেনে প্ৰচণ্ড বৰষুণ, ভূমিকম্প, পথ নিৰ্মাণৰ বাবে ঢাল কাটি পেলোৱা, আৰু বহুতো), যদিও এইটো সদায় চিনাক্ত কৰিব পৰা নাযায়।

মানৱ উন্নয়ন (যেনে, নগৰীকৰণ আৰু বিস্তাৰ) আৰু সম্পদৰ শোষণ (যেনে, খনন আৰু বনাঞ্চল ধ্বংস)ৰ ফলত ভূমিস্খলনে সঘনাই ক্ষতিকাৰক হৈ পৰে। সঘনাই গছ-গছনি কটাৰ ফলত ভূমিৰ অৱক্ষয়ৰ দ্বাৰা মাটিৰ স্থিৰতা কম হৈ পৰে।[6] তদুপৰি, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ ওপৰত মানুহৰ অন্যান্য কাৰ্যৰ প্ৰভাৱৰ ফলত হোৱা গোলকীয় উষ্ণতাই প্ৰাকৃতিক পৰিঘটনাৰ (যেনে চৰম বতৰ) কম্পাঙ্ক বৃদ্ধি কৰিব পাৰে, যিয়ে ভূমিস্খলনৰ সূচনা কৰে।[7] ভূমিস্খলন প্ৰশমনত ভূমিস্খলনৰ দ্বাৰা মানুহৰ ওপৰত পৰা প্ৰভাৱৰ আশংকা হ্ৰাস কৰাৰ বাবে নীতি আৰু পদ্ধতিসমূহৰ বৰ্ণনা কৰে, যিয়ে প্ৰাকৃতিক দুৰ্যোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

ভূমিস্খলনৰ কাৰণ[সম্পাদনা কৰক]

(১৯৮৫ চনৰ প’ৰ্টেৰিকোৰ বান)মামেইৰ ভূমিস্খলন; ইয়াৰ কাৰণ ব্যাপক বৰষুণ আৰু কিছুমান সূত্ৰৰ মতে বিজুলীৰ ফলত হৈছিল। ইয়াৰ ফলত ১০০ টাতকৈও অধিক ঘৰ ভূগৰ্ভস্থ হৈছিল।
১৯৫০ চনৰ চুইডেনৰ ভূমিস্খলন৷ এজন মানুহৰ মৃত্যু হৈছিল৷

ভূমিস্খলন তেতিয়া হয় যেতিয়া ঢাল অংশ কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়; যিয়ে ইয়াৰ অৱস্থা সুস্থিৰৰ পৰা অস্থিৰলৈ কৰি তোলে। ইয়াৰ মূল কাৰণ হ’ল, ঢালযুক্ত পদাৰ্থৰ ধাৰণ শক্তি হ্ৰাস পোৱা, পদাৰ্থটোৱে বহন কৰা ছিয়াৰ(shear) চাপ বৃদ্ধি হোৱা বা দুয়োটাৰে সংমিশ্ৰণ। ঢালৰ স্থিৰতাৰ পৰিৱৰ্তন একেলগে কেইবাটাও কাৰক বা অকল এটা কাৰকৰ বাবেও হ’ব পাৰে। ভূমিস্খলনৰ প্ৰাকৃতিক কাৰণসমূহ হ’ল-

  • বৰষুণৰ পানী মাটিৰ ভিতৰলৈ সোমাই যোৱা, বৰফ গলা বা হিমবাহ গলি যোৱাৰ ফলত পানীৰ পৰিমাণ বৃদ্ধি বা পৰিপূৰ্ণ হোৱা; [8]
  • ভূগৰ্ভস্থ পানী বৃদ্ধি বা ছিদ্ৰৰ পানীৰ চাপ বৃদ্ধি (যেনে, বাৰিষা জলাধাৰ পুনৰ ভৰ্তি হোৱাৰ বাবে, বা বৰষুণৰ পানী ভিতৰলৈ সোমাই যোৱাৰ ফলত); [9]
  • ফাট আৰু ভাঙনত হাইড্ৰ'ষ্টেটিক চাপ বৃদ্ধি; [9][10]
  • উলম্ব উদ্ভিদ গঠন, মাটিৰ পুষ্টিকৰ উপাদান আৰু মাটিৰ গঠন হেৰুৱা বা নোহোৱা হৈ যোৱা (যেনে বনজুইৰ পিছত); [11]
  • নদী বা সাগৰৰ ঢৌৰ দ্বাৰা ঢালৰ ওপৰৰ অংশৰ খহনীয়া; [12]
  • ভৌতিক আৰু ৰাসায়নিক বতৰৰ পৰিৱৰ্তন (যেনে, বাৰে বাৰে জমা হোৱা আৰু গলি যোৱা, গৰম আৰু ঠাণ্ডা হোৱা, ভূগৰ্ভস্থ পানীত লৱণ নিৰ্গত হোৱা বা খনিজ দ্ৰৱণ ); [13][14][15]
  • ভূমিকম্পৰ ফলত মাটিত হোৱা কম্পন, যিয়ে ঢালটোক প্ৰত্যক্ষভাৱে অস্থিৰ কৰি তুলিব পাৰে (যেনে, মাটিৰ তৰলীকৰণৰ সৃষ্টি কৰি) বা পদাৰ্থটোক দুৰ্বল কৰি তুলিব পাৰে আৰু ফাটৰ সৃষ্টি কৰিব পাৰে যিয়ে শেষত ভূমিস্খলনৰ সৃষ্টি কৰিব; [10][16][17]
  • আগ্নেয়গিৰিৰ বিস্ফোৰণ; [18]
  • ছিদ্ৰৰ তৰল পদাৰ্থৰ গঠনৰ পৰিৱৰ্তন; [19]
  • উষ্ণতাৰ পৰিৱৰ্তন (ঋতুভিত্তিক বা জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা প্ৰৰোচিত)।[20][21]

ভূমিস্খলন হোৱাৰ কাৰণ হিচাপে মানুহে কৰা কেইবাটাও কাৰ্য আঙুলিওৱা হয়:-

  • বনাঞ্চল ধ্বংস, খেতি আৰু নিৰ্মাণকাৰ্য;
  • যন্ত্ৰপাতি বা যাতায়তৰ পৰা হোৱা কম্পন;[22]
  • ব্লাষ্টিং আৰু মাইনিং;[23]
  • মাটিৰ কাম (যেনে ঢালৰ আকৃতি সলনি কৰা বা নতুন বোজা জাপি দিয়া);
  • অগভীৰ মাটিত গভীৰ শিপা থকা গছ-গছনি আঁতৰোৱা যিয়ে মাটিৰ গাঁথনিক শিলৰ সৈতে বান্ধি ৰাখে;
  • কৃষি বা বনজ কাৰ্যকলাপ (কাঠ কটা), আৰু নগৰীকৰণ, যিয়ে মাটিৰ ভিতৰলৈ প্ৰৱেশ কৰা পানীৰ পৰিমাণ সলনি কৰে।
  • ভূমি ব্যৱহাৰ আৰু ভূমি আৱৰণৰ তাৰতম্য (LULC):- ইয়াৰ ভিতৰত কৃষি কৰা অঞ্চলসমূহ মানুহে পৰিত্যাগ কৰাটো অন্তৰ্ভুক্ত, যেনে- দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ বাবে। ভূমিৰ অৱক্ষয় আৰু অতিমাত্ৰা বৰষুণে খহনীয়া আৰু ভূমিস্খলনৰ পৰিঘটনা সঘনাই হোৱাটো সম্ভৱ কৰিব পাৰে।[6]

প্ৰকাৰ[সম্পাদনা কৰক]

ভূমিস্খলনৰ প্ৰকাৰ

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Landslide synonyms". thesaurus.com. 2013. http://www.thesaurus.com/browse/landslide। আহৰণ কৰা হৈছে: 16 March 2018. 
  2. McGraw-Hill Encyclopedia of Science & Technology, 11th Edition, আই.এচ.বি.এন. 9780071778343, 2012
  3. "USGS factsheet, Landslide Types and Processes, 2004.". https://pubs.usgs.gov/fs/2004/3072/fs-2004-3072.html। আহৰণ কৰা হৈছে: 2020-08-28. 
  4. Hungr, Oldrich; Leroueil, Serge; Picarelli, Luciano (2014-04-01). "The Varnes classification of landslide types, an update" (en ভাষাত). Landslides খণ্ড 11 (2): 167–194. doi:10.1007/s10346-013-0436-y. ISSN 1612-5118. https://doi.org/10.1007/s10346-013-0436-y. 
  5. Haflidason, Haflidi; Sejrup, Hans Petter; Nygård, Atle; Mienert, Jurgen; Bryn, Petter; Lien, Reidar; Forsberg, Carl Fredrik; Berg, Kjell et al. (2004-12-15). "The Storegga Slide: architecture, geometry and slide development" (en ভাষাত). Marine Geology. COSTA - Continental Slope Stability খণ্ড 213 (1): 201–234. doi:10.1016/j.margeo.2004.10.007. ISSN 0025-3227. https://www.sciencedirect.com/science/article/pii/S0025322704002713. 
  6. 6.0 6.1 Giacomo Pepe; Andrea Mandarino; Emanuele Raso; Patrizio Scarpellini; Pierluigi Brandolini; Andrea Cevasco (2019). "Investigation on Farmland Abandonment of Terraced Slopes Using Multitemporal Data Sources Comparison and Its Implication on Hydro-Geomorphological Processes". Water (MDPI) খণ্ড 8 (11): 1552. doi:10.3390/w11081552. ISSN 2073-4441. OCLC 8206777258. , at the introductory section.
  7. Merzdorf, Jessica. "Climate Change Could Trigger More Landslides in High Mountain Asia". NASA's Goddard Space Flight CenterClimate Change: Vital Signs of the Planet. https://climate.nasa.gov/news/2951/climate-change-could-trigger-more-landslides-in-high-mountain-asia। আহৰণ কৰা হৈছে: 2023-02-04. 
  8. Subramanian, S. Siva; Fan, X.; Yunus, A. P.; Asch, T. van; Scaringi, G.; Xu, Q.; Dai, L.; Ishikawa, T. et al. (2020). "A Sequentially Coupled Catchment-Scale Numerical Model for Snowmelt-Induced Soil Slope Instabilities" (en ভাষাত). Journal of Geophysical Research: Earth Surface খণ্ড 125 (5): e2019JF005468. doi:10.1029/2019JF005468. ISSN 2169-9011. https://agupubs.onlinelibrary.wiley.com/doi/abs/10.1029/2019JF005468। আহৰণ কৰা হৈছে: 2021-02-23. 
  9. 9.0 9.1 Hu, Wei; Scaringi, Gianvito; Xu, Qiang; Van Asch, Theo W. J. (2018-04-10). "Suction and rate-dependent behaviour of a shear-zone soil from a landslide in a gently-inclined mudstone-sandstone sequence in the Sichuan basin, China" (en ভাষাত). Engineering Geology খণ্ড 237: 1–11. doi:10.1016/j.enggeo.2018.02.005. ISSN 0013-7952. 
  10. 10.0 10.1 Fan, Xuanmei; Xu, Qiang; Scaringi, Gianvito (2017-12-01). "Failure mechanism and kinematics of the deadly June 24th 2017 Xinmo landslide, Maoxian, Sichuan, China" (en ভাষাত). Landslides খণ্ড 14 (6): 2129–2146. doi:10.1007/s10346-017-0907-7. ISSN 1612-5118. 
  11. Rengers, Francis K.; McGuire, Luke A.; Oakley, Nina S.; Kean, Jason W.; Staley, Dennis M.; Tang, Hui (2020-11-01). "Landslides after wildfire: initiation, magnitude, and mobility" (en ভাষাত). Landslides খণ্ড 17 (11): 2631–2641. doi:10.1007/s10346-020-01506-3. ISSN 1612-5118. 
  12. Edil, T. B.; Vallejo, L. E. (1980-07-01). "Mechanics of coastal landslides and the influence of slope parameters" (en ভাষাত). Engineering Geology. Special Issue Mechanics of Landslides and Slope Stability খণ্ড 16 (1): 83–96. doi:10.1016/0013-7952(80)90009-5. ISSN 0013-7952. https://dx.doi.org/10.1016/0013-7952%2880%2990009-5. 
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :0 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. Fan, Xuanmei; Xu, Qiang; Scaringi, Gianvito; Li, Shu; Peng, Dalei (2017-10-13). "A chemo-mechanical insight into the failure mechanism of frequently occurred landslides in the Loess Plateau, Gansu Province, China" (en ভাষাত). Engineering Geology খণ্ড 228: 337–345. doi:10.1016/j.enggeo.2017.09.003. ISSN 0013-7952. https://www.sciencedirect.com/science/article/pii/S001379521730889X. 
  16. Fan, Xuanmei; Scaringi, Gianvito; Domènech, Guillem; Yang, Fan; Guo, Xiaojun; Dai, Lanxin; He, Chaoyang; Xu, Qiang et al. (2019-01-09). "Two multi-temporal datasets that track the enhanced landsliding after the 2008 Wenchuan earthquake" (en ভাষাত). Earth System Science Data খণ্ড 11 (1): 35–55. doi:10.5194/essd-11-35-2019. ISSN 1866-3508. https://www.earth-syst-sci-data.net/11/35/2019/essd-11-35-2019.html। আহৰণ কৰা হৈছে: 2019-01-09. 
  17. Fan, Xuanmei; Xu, Qiang; Scaringi, Gianvito (2018-01-26). "Brief communication: Post-seismic landslides, the tough lesson of a catastrophe" (en ভাষাত). Natural Hazards and Earth System Sciences খণ্ড 18 (1): 397–403. doi:10.5194/nhess-18-397-2018. ISSN 1561-8633. 
  18. WATT, SEBASTIAN F.L.; TALLING, PETER J.; HUNT, JAMES E. (2014). "New Insights into the Emplacement Dynamics of Volcanic Island Landslides". Oceanography খণ্ড 27 (2): 46–57. doi:10.5670/oceanog.2014.39. ISSN 1042-8275. 
  19. Di Maio, C.; Scaringi, G. (2016-01-18). "Shear displacements induced by decrease in pore solution concentration on a pre-existing slip surface" (en ভাষাত). Engineering Geology খণ্ড 200: 1–9. doi:10.1016/j.enggeo.2015.11.007. ISSN 0013-7952. https://www.sciencedirect.com/science/article/pii/S0013795215300922. 
  20. Scaringi, Gianvito; Loche, Marco (2022-03-15). "A thermo-hydro-mechanical approach to soil slope stability under climate change" (en ভাষাত). Geomorphology খণ্ড 401: 108108. doi:10.1016/j.geomorph.2022.108108. ISSN 0169-555X. 
  21. Shibasaki, Tatsuya; Matsuura, Sumio; Okamoto, Takashi (2016-07-16). "Experimental evidence for shallow, slow-moving landslides activated by a decrease in ground temperature: Landslides Affected by Ground Temperature" (en ভাষাত). Geophysical Research Letters খণ্ড 43 (13): 6975–6984. doi:10.1002/2016GL069604. http://doi.wiley.com/10.1002/2016GL069604. 
  22. Laimer, Hans Jörg (2017-05-18). "Anthropogenically induced landslides – A challenge for railway infrastructure in mountainous regions" (en ভাষাত). Engineering Geology খণ্ড 222: 92–101. doi:10.1016/j.enggeo.2017.03.015. ISSN 0013-7952. https://www.sciencedirect.com/science/article/pii/S0013795216307335. 
  23. Fan, Xuanmei; Xu, Qiang; Scaringi, Gianvito (2018-10-24). "The "long" runout rock avalanche in Pusa, China, on 28 August 2017: a preliminary report" (en ভাষাত). Landslides খণ্ড 16: 139–154. doi:10.1007/s10346-018-1084-z. ISSN 1612-5118.