সমললৈ যাওক

ভেলক্ৰ'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেলক্ৰ' হুক
ভেলক্ৰ' হুক
ভেলক্ৰ' লুপ
ভেলক্ৰ' লুপ

ভেলক্ৰ' (ইংৰাজী: velcro) শব্দটো দুটা ফৰাচী শব্দ "Velours" (অৰ্থ - ভেলভেট) আৰু "Crocne" (অৰ্থ - ধৰি ৰখা) পৰা আহিছে। ১৯৪১ চনত ছুইছ অভিযন্তা জৰ্জ ডি মেষ্ট্ৰালে (George de Mestral) এই পদ্ধতি আবিষ্কাৰ কৰিছিল আৰু ১৯৫৫চনত তেওঁ ভেলক্ৰৰ পেটেণ্ট কৰিছিল।[1]

নিৰ্মাণ পদ্ধতি

[সম্পাদনা কৰক]

ভেলক্ৰ' পদ্ধতিত দুডোখৰ নাইলন ব্যৱহাৰ কৰা হয়। ইয়াৰে এডোখৰত থাকে নিচেই ক্ষুদ্ৰ কিছুমান "হুক" আৰু আন ডোখৰত থাকে ক্ষুদ্ৰ কিছুমান "লুপ"। হেঁচা মাৰি দিলে 'হুক'বোৰ 'লুপ'ৰ মাজত সোমাই জোৰা লাগি যায় আৰু দুয়োটা পৃষ্ঠ সংযুক্ত হৈ পৰে। সামান্য বল প্ৰয়োগ কৰি দুয়ো পৃষ্ঠ আকৌ পৃথক কৰি দিব পৰা যায়।[2]

ব্যৱহাৰ

[সম্পাদনা কৰক]

এতিয়াৰ বহুধৰণৰ জোতা-ছেণ্ডেলতে আগৰ ফিতাৰ সলনি দুডোখৰ সংযোগী দ্ৰব্য ব্যৱহাৰ কৰি ভৰিৰ লগত লাগি থকাৰ ব্যৱস্থা কৰা হয়। এই কৌশলটোক ভেলক্ৰ' বুলি কোৱা হয়। জোতা-ছেণ্ডেলৰ উপৰিও সম্প্ৰতি পোছাক-পাতিতো ভেলক্ৰ' ব্যৱহাৰ বহুল।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Suddath, Claire (15 June 2010). "A Brief History of: Velcro". Archived from the original on 20 February 2013. https://web.archive.org/web/20130220051213/http://www.time.com/time/nation/article/0,8599,1996883,00.html। আহৰণ কৰা হৈছে: 12 April 2020. 
  2. "Velcro". Merriam Webster. Retrieved 10 May 2008. 
  3. "জ্ঞানাঞ্জন". প্ৰন্তিক খণ্ড ৩১শ বছৰ (১৭শ সংখ্যা): পৃষ্ঠা ১৭. ১-১৫ আগষ্ট ২০১২.