ভোগপুৰ সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ভোগপুৰ সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য ভাগত থকা এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। এই সত্ৰখনিৰ মুঠ মাটিকালি হৈছে ১৮৮.৫৭ হেক্টৰ। তদুপৰি এই সত্ৰৰ মুঠ জনসংখ্য়া হৈছে ১,৬৯৭ জন। প্ৰায় ৩০১ ঘৰ মানুহ ভোগপুৰ সত্ৰৰ এলেকাত বসবাস কৰি আছে। [1] এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল ১৪৫০শকত(ইংৰাজী ১৫২৮ চনত)মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মাজুলীৰ মুখ্য সত্ৰসমূহৰ বাহিৰেও এই ভোগপুৰ সত্ৰত ইতিহাসৰ বহুতো ঘটনাৰ স্বাক্ষৰ লিপিবদ্ধ হৈ আছে। ভোগপুৰ সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ হৈছে শ্ৰী শ্ৰী দত্তদেৱ গোস্বামী। বৰ্তমান এই সত্ৰত প্ৰায় ১১৫ জন শিষ্য আছে৷ ভোগপুৰ সত্ৰখন এখন নিকা সংহতিৰ অন্তৰ্গত সত্ৰ। লগতে এখন উদাসীন সত্ৰ।

ইতিহাস[সম্পাদনা কৰক]

ভোগপুৰ সত্ৰৰ পুৰণি নাম আছিল দীনাপুৰ সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বশিষ্ট গংগাইদি (বৰ্তমানৰ টুনীনদী) সোমাই উজাই আহি দীনাপুৰত জিৰণি লওতে দীননাথ প্ৰমুখ্যে ভক্তসকলে শুশ্ৰষাৰ বাবে প্ৰদান কৰা ভোগ গুৰুজনাই ভগৱন্তৰ নামত এগছি বন্তি প্ৰজ্বলন কৰি অৰ্পণ কৰিলে আৰু দীনাপুৰ নামৰ পৰিৱৰ্তে সেই ঠাইখিনি ভোগপুৰ নামেৰে ঘোষণা কৰিলে। তদুপৰি তেৰাই স্থাপন কৰা ভোগবন্তিগছিৰ দায়িত্ব সময়ত এজন বৈষ্ণৱ বিপ্ৰভক্তই আহি লবহি বুলিও জনালে। [2] বুঢ়া দামোদৰ আছিল ভোগপুৰ সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ। এই বুঢ়া দামোদৰক কৌপতীয়া ভৰালী বৰুৱাই মাতি আনি বুঢ়া দামোদৰ আতাক ভোগবন্তি প্ৰদান কৰি সত্ৰাধিকাৰ পাতিছিল। লগতে তাম্ৰপত্ৰ আৰু সত্ৰলৈ উপহাৰস্বৰূপে এটা বৰটোপ, এখন হেংদাং, দুহেজাৰ পুৰা মাটি আদি দিছিল।

সংহতি[সম্পাদনা কৰক]

ভোগপুৰ সত্ৰখন এখন নিকা সংহতিৰ সত্ৰ। চাৰিসংহতিৰ ভিতৰত নিকা সংহতিও অন্যতম এক সংহতি। শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে ধৰ্ম প্ৰচাৰৰ বাবে বদুলা পদ্ম আতা আৰু মথুৰাদাস বুঢ়া আতা, পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, গোপাল আতা আদিক দায়িত্ব প্ৰদান কৰি সত্ৰ স্থাপনৰ আজ্ঞা প্ৰদান কৰিছিল। তাৰ মাজতে তেওঁলোকৰ মাজত কিছু মতানক্য ঘটে। তেওঁলোকৰ মাজৰ পৰা মথুৰা দাস বুঢ়া আতাৰ লগতে আন লগসমূহো আঁতৰি যায়। মাধৱদেৱৰ আজ্ঞাপ্ৰাপ্ত ধৰ্মাচাৰ্য মথুৰা দাস, বদুলা পদ্ম আতা আদিয়ে ধৰ্ম বিস্তাৰ কাৰ্য আৰম্ভ কৰে। তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰা এই প্ৰথাটোক নিকা সংহতি নামেৰে জনা যায়। [3] ভোগপুৰ সত্ৰও এই নিকা সংহতিৰে এখন সত্ৰ, য'ত নাম আৰু ভকতক প্ৰাধান্য দি ধৰ্ম প্ৰচাৰ কৰা হয়।

উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

ভোগপুৰ সত্ৰত বছৰৰ বিভিন্ন সময়ত বিভিন্ন উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰি থকা হয়। শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ মহা উলহ-মালহেৰে পালন কৰে। তদুপৰি ফল্গোৎসৱ পালন কৰা হয়। মাজুলীৰ অন্যতম আকৰ্ষণ ৰাস উৎসৱ ভোগপুৰ সত্ৰত দুদিনীয়াকৈ পালন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি চাৰি দিনীয়াকৈ পালন কৰা হয়। তদুপৰি বুঢ়া দামোদৰ দেৱৰ তিৰোভাৱ তিথি তিনি দিনীয়াকৈ আৰু প্ৰয়াত সত্ৰাধিকাৰসকলৰ তিথি এদিনীয়াকৈ পালন কৰা হয়। ভোগপুৰ সত্ৰত প্ৰচলিত মূল সত্ৰীয়া নৃত্যসমূহ হল- চালি নৃত্য, ঝুমুৰা নৃত্য, নাদুভংগী, সূত্ৰধাৰ, ওজাপালি আদি। ভোগপুৰ সত্ৰই সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত ভাৰতৰ বিভিন্ন স্থানত সত্ৰীয়া কলা-কৃষ্টিসমূহ প্ৰদৰ্শন কৰি আহিছে।

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

ভোগপুৰ সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে অসমীয়া সাহিত্য় জগতলৈ বিভিন্ন বৰঙণি আগবঢ়াই আহিছে। তাৰ ভিতৰত তেওঁৰ কেইখনমান প্ৰণীত গ্ৰন্থ হল- আধ্যাত্মিক তত্ত্ব দৰ্শন, গুপ্ত মোহনী বিদ্যা, শ্ৰীমদ্ভাগৱত গীতা(প্ৰশ্ন শতোত্তৰম্) নামঘোষা আধ্যাত্মিক তত্ত্ব, দুগ্ধ ভৈলা মহাগীতামৃত ইত্যাদি৷

সত্ৰৰ ঐতিহাসিক সম্পদ[সম্পাদনা কৰক]

ভোগপুৰ সত্ৰত বিভিন্নধৰণৰ ঐতিহাসিক সম্পদ সংৰক্ষিত হৈ আছে। ভোগপুৰ সত্ৰত সংৰক্ষিত হৈ থকা আটাইতকৈ উল্লেখনীয় সম্পদ হল প্ৰায় ৪৪ খন সাঁচিপাতৰ পুথি। তদুপৰি ভোগপুৰ সত্ৰত বিষ্ণুমূৰ্তি দুখন, ভোগজৰা, বেৰাকাঁহী, কাঁহৰ বৰটেমা চাৰিটা, পিতলৰ মগৰ থকা তামোলৰ খুন্দনা, পিতলৰ মূৰ্তি পাঁচখন, হাতীখুজীয়া কাঁহৰ বানবাটি এটা, তামৰ বৰথাল দুখন, ৰাজপ্ৰদত্ত পিতলৰ শৰাই , বৰ দবা দুটা। তদুপৰি ভোগপুৰ সত্ৰত ৰজাদিনীয়া তাম্ৰ পত্ৰ, খাদ্য গ্ৰহণ কৰা পাত্ৰ অনেক আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

১মাজুলীৰ মুখ্য সত্ৰসমূহৰ ইতিবৃত্তঃ কেশৱ কাকতি, অনন্ত কলিতা

২সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰঃ উপল নাৰায়ণ গোস্বামী

৩সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্যঃ পীতাম্বৰ দেৱগোস্বামী

4https://villageinfo.in/assam/jorhat/majuli/bhogpur-satra.html

5http://majulilandscape.gov.in/sattra_bhogpurdetails.php

  1. "bhogpur satra". indian village directory. https://villageinfo.in/assam/jorhat/majuli/bhogpur-satra.html। আহৰণ কৰা হৈছে: 17 মে' 2021. 
  2. কাকতি, কেশৱ আৰু কলিতা, অনন্ত (২০১০). মাজুলীৰ মুখ্য় সত্ৰসমূহৰ ইতিবৃত্ত. ক্ষীৰোদ চেকনিধৰা. পৃষ্ঠা. ২৬. 
  3. গোস্বামী, উৎপল নাৰায়ণ (২০১৯). সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ. পূৰ্বায়ুণ প্ৰকাশন,পাণবজাৰ গুৱাহাটী-১. পৃষ্ঠা. ২৭. ISBN 978-93-88593-82-3.