ভোজন মন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰাচীন ভাৰতীয় পৰম্পৰা অনুসৰি ভোজন কৰাৰ পূৰ্বে এই মন্ত্ৰটো গোৱা হয়।

ভোজন মন্ত্ৰ[সম্পাদনা কৰক]

ॐ ব্ৰহ্মাপণং ব্ৰহ্মহবিব্ৰহ্মাগ্নৌব্ৰহ্মণা হুতম্।

ব্ৰহ্মৈৱ তেন গন্তব্যং ব্ৰহ্মকৰ্মসমাধিনা॥ (গীতা)

ॐ সহ নাৱৱতু সহ নৌ ভুনক্তু। সবৱীৰ্য্যং কৰৱাৱহৈ।

তেজস্বিনাৱধীতমস্তু মা ৱিদ্বিৱহৈ। (কঠোনিষদ)

॥ ॐ শান্তিঃ শান্তিঃ শান্তিঃ॥

ভোজন মন্ত্ৰৰ অৰ্থ[সম্পাদনা কৰক]

“ব্ৰহ্মাৰ্পণংব্ৰহ্মহবিব্ৰহ্মাগ্নেী ব্ৰহ্মণা হুতম্।

ব্ৰহ্মৰ উদ্দেশ্যেৰে,ব্ৰহ্মৰূপী জুইত, ব্ৰহ্মৰূপী আহুতিৰে হৱন কৰিলে—

“ব্ৰহ্মৈৱ তেন গন্তব্য ব্ৰহ্মকৰ্মসমাধিনা॥”

এইব্ৰহ্মৰূপ সাধনৰ ফলস্বৰূপ যি পৰম ফল প্ৰাপ্ত হ'ব, ইয়ো সেই একেই ব্ৰহ্মৰূপ।

“ওঁ সহ নাৱৱতু।”

আমি পৰস্পৰ ইজনে সিজনক ৰক্ষা কৰোহক।

“সহ নৌ ভুনক্তু।”

সকলো ভোগ্য বস্তু আমি পৰস্পৰ মিলিত হৈ ভোগ কৰোহক।

“সবৱীৰ্য্যংকৰৱাৱহৈ।”

আমি মিলিত হৈ বিৰাট পৰাক্ৰম কৰোহক।

“তেজস্বিনাৱধীতমস্তু”।

আমাৰ অধ্যয়ন কৰা জ্ঞান তেজস্বী হওক।

“মা ৱিদ্বিৱহৈ।”

পৰস্পৰৰ বিদ্বেষ আমি ত্যাগ কৰোঁহক।

“॥ওঁ শান্তিঃ শান্তিঃ শান্তিঃ॥”

সকলো শান্তি হওক। অৰ্থাৎ আধিভৌতিক, আধিদৈৱিক আৰু আধ্যাত্মিক শান্তি হওক।