ভোমোৰা (বৃক্ষ)
অৱয়ব
ভোমোৰা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Myrtales |
পৰিয়াল: | Combretaceae |
গণ: | Terminalia |
প্ৰজাতি: | bellirica |
বৈজ্ঞানিক নাম | |
T. bellirica (Gaertn.) Roxb.[1] |
ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। উজনি আৰু নামনি অসমৰ বনাঞ্চলত এইগছবিদ দেখা পোৱা যায়।[2]
বিৱৰণ
[সম্পাদনা কৰক]ভোমোৰা গছৰ বাকলি ধোৱাঁবৰণীয়া অথবা মদৰুৱা। বাকলিৰ উপৰিভাগৰ পৰা সৰু সৰু নিকৰি ওলাই থাকে। বাকলিৰ ভিতৰভাগ হালধীয়া।[2]
এই গছৰ ঠাৰিবোৰৰ আগভাগত পাতবোৰ থুপপাতি ওলায়। পাতৰ আকাৰ দীঘলীয়া আৰু বহল চানেকীয়া। পাতখিলাৰ আগফালে ক্ৰমে জোঙা হৈ পৰে। এই গছৰ ফুলবোৰ সেউজ-বুলীয়া অথবা হালধীয়া। ফলৰ আকৃতি দীঘলীয়া।[2]
ব্যৱহাৰ
[সম্পাদনা কৰক]ভোমোৰাৰ ফলৰ ঔষধি গুণ আছে বুলি জনা যায়। আমলখি আৰু শিলিখাৰ লগত ভোমোৰাৰ ফলৰ গুৰি মিলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়।[2]
তথ্যউৎস
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ভোমোৰা (বৃক্ষ) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |