ভঁৰালী নামঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভৰালী নামঘৰৰ পৰা পুনঃনিৰ্দেশিত)
ভঁৰালী নামঘৰ

ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাঁৱত অৱস্থিত। হাটবৰৰ পৰা ২ কিলোমিটাৰ নিলগত আছে ভৰালী গাওঁ। নগাঁও জিলাকলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ, অসম ইতিহাসৰ উল্লেখযোগ্য স্থান ভৰালী গাওঁ। গাওঁ খনৰ অধিকাংশ মানুহেই কৃষিজীবি আৰু একশৰণীয় ধৰ্মৰে দীক্ষিত। চিৰসেউজীয়া প্ৰাকৃতিক পৰিৱেশ, সৰু সৰু জান-জূৰি, সেউজীয়া পথাৰ, সৰু-ডাঙৰ ৰজাদিনীয়া পূখূৰীবোৰ, বনৰীয়া পক্ষীজাকৰ আনন্দৰ কলৰৱ, ৰাতিপুৱা চিকনি চিয়াং পাহাৰৰ ফাঁকে ফাঁকে সূৰ্যোদয়ৰ মনোৰম দৃশ্য আৰু পশ্চিম আকাশত ডূব যাব ধৰা সূৰ্যৰ হেঙূল আভাৰ দৃশ্য অপৰূপ। ৰাতিপুৱাৰে পৰা গধূলিলৈকে গ্ৰাম্য পৰিৱেশ সজীৱ কৰি ৰখা গাঁওখন- এক আনন্দৰ পৰিৱেশ- শ শ মানূহ নামঘৰলৈ আহিছে আৰু নামঘৰৰ ভাগৱত পাঠে উ‍ৎসৱমুখৰ কৰি তূলিছে নামঘৰৰ চৌপাশ, ভক্তপ্ৰাণ যাত্ৰীসকলৰ হৃদয়।

ইতিহাস[সম্পাদনা কৰক]

নামঘৰৰ মণিকূট

ভঁৰালী নামঘৰটি আগতে ভঁৰালী গাঁৱৰ পূব-দক্ষিণৰ বামগাঁৱত (দৌল পূখূৰী) আছিল। নামঘৰত ভাগৱত প্ৰতিষ্ঠা কৰিছিল বাপূৰামদেউৱে। এটা সময়ত ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীযে চটাই আলিৰ কাষৰ ঠাইবোৰ বূৰাই পেলোৱাত ওখ ঠাইত গাঁও পাতিছিল। মান সেনাই বামগাঁৱৰ নামঘৰ পূৰি পেলোৱাত তেওঁলোকে ভঁৰালী ৰাজবিষয়াৰ ওচৰত গাঁও পাতি নামঘৰ প্ৰতিষ্ঠা কৰিলে। ভঁৰালী ৰাজবিষয়াৰ নাম অনূসৰি নামঘৰটিৰ নাম হ’ল ভঁৰালী নামঘৰ। নতূনকৈ নামঘৰ প্ৰতিষ্ঠা কৰা প্ৰায় ২০০ বছৰ হ’লহি। এতিয়ালৈকে উক্ত স্থানতে নামঘৰটি চাৰিবাৰকৈ পূনৰ মেৰামতি কৰা হৈছে। নামঘৰৰ বৈশিষ্ট্যপূৰ্ণ সম্পদটি হৈছে তূলসী খূঁটাটো। খূঁটাটো মাজৰ অংশ উঁয়ে খাই নষ্ট কৰিলেও গাঁৱৰ ভক্ত-প্ৰাণ ৰাইজে অৱশিষ্ট অংশটি অতি ভক্তিভাৱে সিংহাসনৰ ওচৰত সংৰক্ষণ কৰি ৰাখিছে। অসমৰ সকলো ঠাইৰ পৰা ভক্তসকল আহি শৰাই, বন্তি দি মনৰ কামনা পূৰ্ণ কৰি সাৰ্থকতা লাভ কৰিছে। এইটো ঠিক যে, নামঘৰৰ চৌহদত সোমালে কিমান সময় তাত অতিবাহিত কৰিলে ক’ব নোৱাৰে। শান্তিৰে তাত সময় অতিবাহিত কৰিব পাৰে। গাঁৱৰ আগৰ বয়োজেষ্ঠসকলে কৈ গৈছিল- নামঘৰটি বুঢ়াডাঙৰীয়াৰ জিৰণি চ’ৰা। কেতিয়াবা নিশা বগা সাজপাৰে বগা ঘোঁৰাত উঠি পৰিভ্ৰমণ কৰি নামঘৰত বিশ্ৰাম লয়। ঘোঁৰাৰ খট্ খট্ শব্দৰ উমান পায়। এইটোও ঠিক আজিৰ এই বিজ্ঞান আৰু প্ৰযূক্তিৰ দ্ৰুত সম্প্ৰসাৰণত এই তথ্য অলৌকিক বা অসত্য বূলি গণ্য কৰিব খূজিলেও নামঘৰত ভগৱানৰ ঐশ্বৰিক শক্তিৰ উমান পোৱাটো সত্য।

সাংস্কৃতিক উৎসৱ[সম্পাদনা কৰক]

প্ৰতিবছৰে ভঁৰালী নামঘৰত মকৰ সংক্ৰান্তি বা মাঘী পূৰ্ণিমা তিথি দূদিনীয়া কাৰ্যসূচীৰে উদ্যাপন কৰি আহিছে। আকৌ ব’হাগৰ বা জেঠৰ পূৰ্ণিমাটো গাঁৱৰ ৰাইজে ভাওনা অনূস্থিত কৰে। মাঘী পূৰ্ণিমাৰ সামৰণী অনূষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ অনূষ্ঠানলৈ পৰিবৰ্তন হয়। ভঁৰালী নামঘৰত গুৰু দূজনাৰ তিথিত ভাওনা-সবাহ কৰাটো এটা ডাঙৰ পৰম্পৰা। ভাদ মাহত নামঘৰত দশম স্কন্ধ ভাগৱত পাঠ কৰাতো মনকৰিবলগীয়া। গাঁৱৰ আইসকলেও ভাদ মাহত হৰিনাম-কীৰ্তন কৰা ঐতিহ্য পুৰণি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • ভঁৰালী নামঘৰ আৰু বুৰজ্ঞীয়ে গৰকা কলিয়াবৰ - গজেন্দ্ৰ মোহন হাজৰিকা

বাহ্যিক সংযোগ[সম্পাদনা কৰক]