সমললৈ যাওক

মগহৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মগহৰ এখন ঐতিহাসিক নগৰ। ই ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ সন্ত কবীৰ নগৰ জিলাৰ মগহৰ নগৰ পালিকাৰ অন্তৰ্গত। ইয়াৰ ইতিহাস সন্ত কবীৰ চাহাবৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে।[1]

কিংবদন্তি

[সম্পাদনা কৰক]

মগহৰৰ আমী নদী এসময়ত অভিশপ্ত হৈ শুকাই গৈছিল। কবীৰ চাহাবৰ আশীৰ্বাদ ও নিৰ্দেশ মৰ্মে আমী নদী পানীৰে উপচি পৰে যি আজিও বিদ্যমান। কবীৰ চাহাব কাশীত বাস কৰিছিল। ১২০বছৰ কাশীত বাস কৰাৰ পিছত নকলী ধাৰ্মিক গুৰুৱে প্ৰচাৰ কৰা তৎকালীন ভুল বিশ্বাস (মগহৰত শৰীৰ ত্যাগ কৰিলে নৰকলৈ আৰু কাশীত শৰীৰ ত্যাগ কৰিলে স্বৰ্গলৈ যায় বোলা কথা ) ক প্ৰত্যাহ্বান জনাবলৈ কবীৰ চাহাব মগহৰলৈ গৈছিল। তেওঁ কৈছিল যিকোনো ঠাইতে নাথাকক সকলোৱে নিজৰ কৰ্মৰ ভিত্তিত স্বৰ্গ বা নৰক পায়। ভাল কাম কৰাজনে স্বৰ্গ আৰু বেয়া, নিকৃষ্ট কাম কৰাজনে নৰক ভোগ কৰে, য'তেই মৃত্যুবৰণ কৰিলেও তেওঁ দুখ হে পাব। সেই সময়ত কাশীৰ হিন্দু ৰজা বীৰ সিং বাঘেল আৰু মগহৰ ৰাজ্যৰ মুছলমান নবাব বিজলী খান পাঠান দুয়োজনেই আছিল কবীৰৰ প্ৰিয় শিষ্য। বিজলী খান পাঠানে কবীৰ চাহাবৰ পৰা নাম উপদেশ লৈ নিজৰ ৰাজ্যত মাংস খোৱা বন্ধ কৰি দিছিল। ঠিক সেইদৰে বীৰ সিং বাঘেলে কবীৰ চাহাবৰ সকলো কথা বিশ্বাস কৰিছিল। কবীৰ চাহাবে যেতিয়া কাশীৰ পৰা মগহৰলৈ ৰাওনা হয়, তেতিয়া বীৰ সিং বাঘেলে সৈন্যবাহিনীৰ সৈতে গৈছিল। তেওঁ সিদ্ধান্ত ল’লে যে কবীৰ চাহাবে শৰীৰ এৰি যোৱাৰ পিছত তেওঁৰ শৰীৰটো কাশীলৈ আনি হিন্দু ৰীতি-নীতি অনুসৰি শেষ ৰীতি-নীতি কৰিব। যদি মুছলমানে সন্মতি নিদিয়ে যুদ্ধ কৰি নিজৰ মৃতদেহ ঘূৰাই আনিব। কিন্তু কবীৰ চাহাব যেতিয়া মগহৰৰ পৰা সোঁশৰীৰে নিজ ধাম সৎলোকলৈ গুচি যায়। তেওঁ শোৱা চাদৰৰ ওপৰত তেওঁৰ শৰীৰৰ আকাৰত ফুল পোৱা গৈছিল। তেওঁৰ অনুগামী হিন্দু আৰু মুছলমান সকলে কবীৰ চাহাবৰ আকাশবাণীৰ আদেশ মতে সেই ফুল সমানে সমানে ভগাই ললে আৰু মগহৰত ১০০ ফুটৰ ব্যৱধানত দুখন স্মাৰক( হিন্দুৰ মন্দিৰ আৰু মুছলমানৰ মজাৰ) নিৰ্মাণ কৰিলে। উল্লেখযোগ্য যে দুয়োখন স্মাৰকৰ প্ৰৱেশ দ্বাৰ এখনেই যিয়ে আজিও হিন্দু মুছলিম মিলাপ্ৰীতিৰ যথাৰ্থ সাক্ষ্য বহন কৰি আহিছে। কবীৰ চাহাবে আজিৰ পৰা ৫০৫ বছৰ পূৰ্বে মগহৰৰ পৰা সশৰীৰে সত্যলোক গৈ দুয়ো ধৰ্মৰ শত্ৰুতাৰ ভাৱ সমাপ্ত কৰিলে।[2]

মগহৰ হাউলী( বৰ্তমান জিলা কবীৰ নগৰ, উত্তৰপ্ৰদেশ) ত আজিও প্ৰমাণ বিদ্যমান আছে যে কবীৰ পৰমেশ্বৰ মাঘ মাহত শুক্ল পক্ষ ,তিথি একাদশী, বিক্ৰমাব্দ ১৫৭৫ ( ১৫১৮ চন) ত সশৰীৰে সত্যলোক যাওঁতে কবীৰ পৰমেশ্বৰৰ শৰীৰৰ স্থানত সুগন্ধিত ফুল পোৱা গৈছিল।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতৰ লোকপিয়লত মগহৰৰ জনসংখ্যা ১৯,১৮১ জন।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]