মগৰদানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মগৰদানা ডিঙিত পিন্ধা এবিধ অসমীয়া অলংকাৰ । এইবিধ অলংকাৰ অভিজাত সম্প্ৰদায়ৰ পুৰুষে ডিঙিত পৰিধান কৰে।

নিৰ্মাণ শৈলী[সম্পাদনা কৰক]

পাত সোণেৰে নিৰ্মিত মগৰদানাৰ আকৃতি অৰ্ধ গোলাকাৰ আৰু কিছুমান টুকুৰাৰে গঢ়া। এই টুকুৰাবোৰ ডেৰ ইঞ্চিমান দীঘল। সোঁমাজৰ টুকুৰাকেইটা ডাঙৰ। তাৰ কাষত টুকুৰাবোৰ ক্ৰমাৎ সৰু আৰু চিঁয়া। টুকুৰাবোৰ দুয়োকাষে মূৰে মূৰে চাৰিটাকৈসৰু আঙঠি লগোৱা থাকে। এই আঙঠিবোৰৰ মাজেৰে দুয়োকাষে দুডাল শকত সূতাৰে মালাধাৰ গাঁথি লোৱা হয়। মালাৰ মূৰ দুটাত দুটা মগৰ চানেকিৰ টুকুৰা থাকে। ডিঙিৰ পিছফালে দুই মূৰৰ সূতাদুডাল বান্ধি ইয়াক পৰিধান কৰা হয়। কোনো মগৰদানাত‌ ষোল্লটা, আন কোনো টোত বত্ৰিশটা বা আন এক প্ৰকাৰত চৌষষ্ঠিটা পৰ্যন্ত টুকুৰা থাকে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ (২০০৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৬৯.