সমললৈ যাওক

মণিৰাম কছাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মণিৰাম কছাৰী (ইংৰাজী: Moniram Kachari)ৰ জন্ম হৈছিল ঢেকীয়াজুলিৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ১ নং বৰপুখুৰী গাঁৱত।[1] তেওঁৰ পিতৃৰ নাম আছিল, থথা কছাৰী৷ ১৮৮৭ চনত জন্ম গ্ৰহণ কৰা মণিৰাম কছাৰী প্ৰইমাৰী স্কুলৰ তৃতীয় শ্ৰেণীলৈকে পঢ়ি খেতি-বাতি কৰি জীৱিকা আৰ্জন কৰিছিল৷ কংগ্ৰেছৰ সক্ৰিয় কৰ্মী হিচাপে তেওঁ গয়া আৰু নাগপুৰত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিৱেশনলৈয়ো গৈছিল৷ তেওঁ এটা ল’ৰা আৰু দুজনী ছোৱালী আছিল৷[2]

স্থানীয় অঞ্চলৰ বাসিন্দাসকলৰ মাজত তেওঁ এজন আগৰণুৱা সমাজ সংগঠক আছিল৷ ভাৰতৰ অসহযোগ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল৷ ৪২ৰ ভাৰত ত্যাগ আন্দোলনত তেওঁ “মৃত্যু বাহিনী’’ত ভৰ্তি হৈ ২০ ছেপ্তেম্বৰৰ দিনা থানাত পতাকা উত্তোলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল৷[2] তেওঁ সংগী আছিল ৰতন কছাৰী। মণিৰাম কছাৰী আৰু ৰতন কছাৰীৰ নেতৃত্বত সেই অঞ্চলৰ ৰাইজে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল।  শোণিতপুৰ জিলাৰ জোহামাৰী বৰ নামঘৰত এখন সভা অনুষ্ঠিত হৈছিল।  মণিৰাম কছাৰীয়ে যোৱা ২০ ছেপ্টেম্বৰত অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত অমিয় কুমাৰ দাস, পুষ্পলতা দাস, আৰু ফণীধৰ দাসৰ সৈতে মিলি বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাইজক সংগঠিত কৰিছিল[1] বিয়াল্লিছৰ পতাকা উত্তোলন কাৰ্যসূচীত পুলিচৰ লাঠিচালনাত তিষ্ঠিব নোৱাৰি থানা চৌহদৰ পৰা ওলাই আহোঁতে পিছফালৰ পৰা পুলিচে গুলিওৱাত মণিৰামৰ পিঠিত গুলী লাগে আৰু সেই অৱস্থাতে ওচৰৰ ধাননি পথাৰলৈ তেওঁ সোমাই যায়৷ ঘটনাৰ তিনিদিন পাছতহে তেওঁৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Mochahary, Rakesh (7 November 2022). "Forgotten Heroes of Assam against British Rule". https://www.researchgate.net/publication/365181877_Forgotten_Heroes_of_Assam_against_British_Rule আহৰণ কৰা হৈছে: 19 October 2023.
  2. 1 2 3 ডেকা, কনক চন্দ্ৰ (সম্পাদিত) (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা জন্মশতবাৰ্ষিকী উদযাপন সমিতি. পৃষ্ঠা. ৪৯৫.