সমললৈ যাওক

মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ ভাইচৰয় লৰ্ড ছেমচফৰ্ড
এডৱিন ছেমুৱেল মণ্টাগ',ভাৰতৰ ছেক্ৰেটাৰী অৱ ষ্টেট

মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ (ইংৰাজী: Montagu–Chelmsford Reforms) অথবা চমুকৈ ক'বলৈ গ'লে মণ্ট-ফৰ্ড সংস্কাৰ ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছশাসিত ভাৰতত ক্ৰমান্বয়ে স্ব-শাসিত প্ৰতিষ্ঠান প্ৰৱৰ্তন কৰাৰ পদক্ষেপ লোৱা হৈছিল৷ এই সংস্কাৰসমূহৰ নামকৰণটো এডৱিন মণ্টাগ' আৰু লৰ্ড ছেমচফৰ্ডৰ আধাৰত কৰা হৈছিল৷ এডৱিন মণ্টাগ'য়ে ১৯১৭ চনৰ পৰা ১৯২২ চনলৈকে ভাৰতৰ ছেক্ৰেটাৰী অৱ ষ্টেট হিচাপে দায়িত্ব পালন কৰিছিল৷ আনহাতে লৰ্ড ছেমচফৰ্ডে ১৯১৬ চনৰ পৰা ১৯২১ চনলৈকে ভাৰতৰ ভাইচৰয় হিচাপে নিযুক্ত হৈছিল৷ এই সংস্কাৰসমূহ মণ্টাগ'-ছেমচফৰ্ড প্ৰতিবেদনত (১৯১৮ চনত প্ৰস্তুত কৰা) লিপিবদ্ধ কৰা হৈছিল৷ এই সংস্কাৰসমূহে ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ সাৰাংশটো গঠন কৰিছিল৷ এইবোৰ নীতি জড়িত হৈছিলগৈ সাংবিধানিক সংস্কাৰৰ লগত৷ এই আইনখনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ আছিল:
১. সাম্ৰাজ্যিক বিধান পৰিষদত এতিয়াৰ পৰা দুটা গৃহ থাকিব: কেন্দ্ৰীয় বিধানসভা আৰু ৰাজ্য পৰিষদ৷
২. প্ৰদেশসমূহে দ্বৈত চৰকাৰ প্ৰণালী (Diarchy) অনুসৰণ কৰিব৷

১৯১৭ চনৰ শেষৰফালে, মণ্টাগ' ভাৰতলৈ আহি তেতিয়াৰ ভাইচৰয় লৰ্ড ছেমচফৰ্ড আৰু ভাৰতীয় সমূদায়ৰ নেতাসকলক লগ কৰিছিল৷ তেওঁলোকে ভাৰতত সীমিতভাৱে স্ব-চৰকাৰ আৰম্ভ কৰাৰ আলোচনা কৰিছিল৷ ইয়াৰ লগতে সংখ্যালঘূৰ সুৰক্ষাৰ বিষয়টোও আলোচিত হৈছিল৷ মণ্টাগ'ৱে ভূপেন্দ্ৰ নাথ বসু, ৰিচাৰ্ড হেলি-হাটছিনছন, উইলিয়াম ডিউক আৰু চাৰ্লছ ৰবাৰ্টছ সৈতে এখন প্ৰতিবেদন তৈয়াৰ কৰিছিল৷ [1]

প্ৰতিবেদনখন ১৯১৮ চনৰ ২৪ মে' আৰু ৭ জুনত কেবিনেটৰ সমুখত উপস্থাপন কৰা হৈছিল আৰু ১৯১৯ ভাৰত চৰকাৰ আইনত সংযুক্ত কৰা হৈছিল৷ ভোটাধিকাৰ সম্প্ৰসাৰিত কৰা হৈছিল৷ কেন্দ্ৰীয় আৰু প্ৰাদেশিক বিধান পৰিষদসমূহক কৰ্তৃত্বৰ বৰ্ধন ঘটোৱা হৈছিল, কিন্তু ভাইচৰয়জন কেৱল লণ্ডনৰ ওচৰতেই দায়বদ্ধ আছিল।[2]

ভাৰতত প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

প্ৰথমখন বিশ্বযুদ্ধত অনেক ভাৰতীয়ই ব্ৰিটিছৰ সৈতে যুঁজত নামিছিল৷ সেয়েহে তেওঁলোকে অধিক শিথিলতাৰ আশা কৰি আছিল৷[3] ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সৰ্বভাৰতীয় মুছলিম লীগ স্ব-শাসনৰ দাবী তুলি ইতিমধ্যেই একত্ৰিত হৈছিল৷ ১৯১৯ চনৰ সংস্কাৰসমূহে ভাৰতৰ ৰাজনৈতিক দাবীবোৰ পূৰণ কৰা নাছিল৷ ব্ৰিটিছসকলে ভাৰতীয়ৰ বিৰোধিতা দমন কৰে৷ ইয়াৰ লগতে ১৯১৯ চনত প্ৰৱৰ্তন কৰা ৰাওলাট আইনৰ জৰিয়তে সংবাদ-মাধ্যম আৰু চলাচলৰ ওপৰত থকা প্ৰতিবন্ধকতা পুনৰ প্ৰণয়ন কৰা হয়। ভাৰতীয় সদস্যসকলৰ সৰ্বসন্মত বিৰোধিতাৰে এই পদক্ষেপবোৰক বিধান পৰিষদলৈ লৈ যোৱা হৈছিল৷ জিন্নাকে ধৰি পৰিষদৰ কেইবাজনো সদস্যই প্ৰতিবাদত পদত্যাগ কৰিছিল। এই পদক্ষেপবোৰ সমগ্ৰ ভাৰততে পৰিলক্ষিত হৈছিল৷ ব্ৰিটিছৰ যুদ্ধপ্ৰচেষ্টাত ভাৰতীয় জনগণে প্ৰদান কৰা শক্তিশালী সমৰ্থনৰ বিশ্বাসঘাতকতা হিচাপে ইয়াক গণ্য কৰা হৈছিল৷ [1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Dixon, William Macneile. "Summary of Constitutional Reforms for India : being proposals of Secretary of State Montagu and the Viceroy, Lord Chelmsford". প্ৰকাশক New York: G. G. Woodwark. পৃষ্ঠা: 24. https://archive.org/stream/summaryofconstit00grea#page/24/mode/1up। আহৰণ কৰা হৈছে: 21 March 2016. 
  2. Ryland, Shane (1973). "Edwin Montagu in India, 19174918: Politics of the Montagu‐Chelmsford report". South Asia: Journal of South Asian Studies খণ্ড 3: 79–92. doi:10.1080/00856407308730678. 
  3. "From the Archives (December 2, 1919): Mr. Tilak on Reforms." (en-IN ভাষাত). The Hindu. 2019-12-02. ISSN 0971-751X. https://www.thehindu.com/archives/from-the-archives-december-2-1919-mr-tilak-on-reforms/article30131342.ece.