মধুবানী চিত্ৰশিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চিত্ৰশিল্পী পদ্মশ্ৰী শ্ৰী সীতা দেৱীয়ে অংকন কৰা এখন মধুবানী চিত্ৰ।

মধুবানী চিত্ৰশিল্প (ইংৰাজী: Madhubani art) ভাৰতীয় লোক চিত্ৰকলাৰ এক অংশ। বিহাৰৰ মিথিলাত ইয়াৰ অনুশীলন কৰা হয়। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়। দৃষ্টিনন্দন জ্যামিতিক শৈলীয়েই হৈছে ছবিসমূহৰ মূল বৈশিষ্ট্য। জন্ম আৰু বিবাহ, ফাঁকুৱা, কালী পূজা, উপনয়ন, দুৰ্গা পূজা আদি বিভিন্ন অনুষ্ঠান বা উৎসৱৰ বাবে ইয়াত ৰীতিগত বিষয়বস্তু আছে।

উৎস[সম্পাদনা কৰক]

ভাৰতৰ মিথিলা অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ মহিলাসকলে ঐতিহ্যগতভাৱে মধুবানী চিত্ৰকলা বা মিথিলা চিত্ৰ নিৰ্ম্মাণ কৰে। বিহাৰৰ মধুবানী জিলাৰ মিথিলা অঞ্চল ইয়াৰ উৎপত্তিস্থল। মধুবানী এই চিত্ৰসমূহৰ এক প্ৰধান ৰপ্তানি কেন্দ্ৰ।[1] সমগ্ৰ অঞ্চলটোতে দেৱাল চিত্ৰৰূপে বহুলভাৱে এই চিত্ৰকলাৰ অনুশীলন কৰা হয়। মধুবানী জিলাৰ আশে-পাশে থকা গাঁওবোৰত সাধাৰণতে কাগজ আৰু কেনভাচত এই চিত্ৰকলাৰ বিকাশ হয় আৰু কালক্ৰমত '''মিথিলা চিত্ৰকলা'''ৰ সৈতে '''মধুবানী চিত্ৰশিল্প''' শব্দটোও ব্যৱহাৰ হ'বলৈ ধৰে।

পৰম্পৰাগতভাৱে বোকাৰে লেপা দেৱাল বা মজিয়াত এই চিত্ৰসমূহ অংকন কৰা হৈছিল। কিন্তু এতিয়া কাপোৰ, হস্তনিৰ্মিত কাগজ আৰু কেনভাচতো মধুবানী চিত্ৰ অঁকা হয়।[2] চাউলৰ গুড়িৰ পেষ্টৰপৰা মধুবানী চিত্ৰকলা নিৰ্ম্মাণ হয়।

শৈলী[সম্পাদনা কৰক]

মধুবানী চিত্ৰশিল্পৰ পাঁচটা ভিন্ন শৈলী আছে। সেইসমূহ হৈছে- ভৰ্ণি, কচ্‌নি, তান্ত্ৰিক, গোড়না আৰু কোহবাৰ। ১৯৬০ চনত ভাৰত আৰু নেপালৰ বিশেষকৈ উচ্চ বৰ্ণৰ ব্ৰাহ্মণ আৰু কায়স্থ মহিলাসকলে ভৰ্ণি, কচ্‌নি আৰু তান্ত্ৰিক শৈলী অংকন কৰিছিল। তেওঁলোকৰ বিষয়বস্তু মূলতঃ ধাৰ্মিক আছিল আৰু তেওঁলোকে সততে দেৱ-দেৱতা, গছ আৰু জীৱ-জন্তুৰ চিত্ৰ আঁকিছিল। নিম্ন বৰ্ণৰ শিল্পীসকলে ঘাইকৈ নিজৰ জীৱন শৈলী আৰু ঘটনা প্ৰৱাহক লৈ আৰু ৰাজা শৈলেশ(গাঁৱৰ ৰক্ষাকৰ্তা)ৰ কাহিনী বা অন্য বিষয়-বস্তু লৈ চিত্ৰ অংকন কৰিছিল। কিন্তু বৰ্তমান মধুবানী চিত্ৰশিল্পই এক গোলকীয় মৰ্যাদা পোৱাৰ পাছত শিল্পীসকলৰ মাজত বৰ্ণ বা জাত লৈ একো প্ৰভেদ নাথাকিল। সকলোৱে পাঁচোটা শৈলীত কাম কৰে। মধুবানী চিত্ৰশিল্পই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।[3]

অৱদান[সম্পাদনা কৰক]

বিহাৰত সঘনে বনাঞ্চল ধ্বংস হৈ থকাৰ সময়ত, ২০১২ চনত ভাৰতৰ 'পৰিৱেশ সংৰক্ষণ প্ৰয়াস'ত মধুবানী চিত্ৰশিল্পই এক মুখ্য ভূমিকা লৈছিল। ৰাস্তাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ নামত যিসমূহ গছ কটা হৈছিল সেই স্থানীয় গছবোৰ ৰক্ষাৰ বাবে 'গ্ৰাম বিকাশ কেন্দ্ৰ' নামৰ এন জি অ'টোৰ পৰিচালিকা সস্তী নাথ ঝাই এক পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ পিছত থকা মুখ্য কাৰণটো হৈছে, গছসমূহ বিভিন্ন দেৱতা যেনে ৰাম-সীতা, ৰাধা-কৃষ্ণ আৰু বিভিন্ন ঐতিহাসিক আৰু ধাৰ্ম্মিক চিত্ৰ, মহাভাৰত- ৰামায়ণৰ কাহিনী আদিৰে সজোৱা হৈছিল। গছসমূহৰ এই সাংস্কৃতিক আৰু নান্দনিক স্বীকৃতিয়ে বহুত পৰিমাণে ইয়াৰ কটা যোৱা ৰোধ কৰে।[4]

চিত্ৰশিল্পী আৰু বঁটা-বাহন[সম্পাদনা কৰক]

বিহাৰ চৰকাৰে সীতা দেৱীক ৰাজ্যিক বঁটা দিয়াৰ পাছতে মধুবানী চিত্ৰশিল্পই ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি লাভ কৰে। মিথিলা চিত্ৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা জগদম্বা দেৱী মিথিলাৰ প্ৰথমগৰাকী চিত্ৰশিল্পী। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৭৫ চনত জগদম্বা দেৱীপদ্মশ্ৰী আৰু মধুবানী জিলাৰ জিতৱাৰপুৰ গাঁৱৰ সীতা দেৱীক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে।[5]জগদম্বা দেৱীৰ তোলনীয়া ল'ৰা সত্য নাৰায়ণ লাল কৰ্ণ আৰু তেওঁৰ পত্নী মতি কৰ্ণ মিথিলাৰ নামকৰা শিল্পী। ২০০৩ চনত তেওঁলোক দুয়োগৰাকীয়ে যুটীয়াভাৱে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। সীতা দেৱীয়ে পদ্মশ্ৰী লাভ কৰে ১৯৮১ চনত। ১৯৮৪ চনত তেওঁ বিহাৰ ৰত্ন আৰু ২০০৬ চনত শিল্প গুৰু উপাধি লাভ কৰে। ১৯৮৪ চনত গংগা দেৱী[6]য়ে পদ্মশ্ৰী বঁটা লাভ কৰে।[7] মধুসুন্দৰী দেৱীয়ে পদ্মশ্ৰী লাভ কৰে ২০১১ চনত। বৌৱা দেৱী, যমুনা দেৱী, শান্তি দেৱী, চানু দেৱী, বিন্দেশ্বৰী দেৱী, চন্দ্ৰকলা দেৱী, শশীকলা দেৱী, লীলা দেৱী, গোদাবৰী দত্ত আৰু ভাৰতী দয়ালেও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[8][9][10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Madhubani Painting. Abhinav Publications. 30 September 2017. ISBN 9788170171560. Archived from the original on 21 February 2017. https://web.archive.org/web/20170221110108/https://books.google.co.uk/books?id=UvuJyvtsCjwC&pg=PA96&dq=madhubani+art+madhubani+district&hl=en&sa=X&ved=0ahUKEwj8kJ761p_SAhUrIsAKHb2ZDfYQ6AEIIzAC#v=onepage&q=madhubani+art+madhubani+district&f=false. 
  2. Krupa, Lakshmi (4 January 2013). "Madhubani walls". The Hindu. Archived from the original on 29 January 2014. https://web.archive.org/web/20140129100902/http://www.thehindu.com/features/homes-and-gardens/madhubani-walls/article4272411.ece। আহৰণ কৰা হৈছে: 5 February 2014. 
  3. "पटना के चित्रकार राजकुमार लाल ने विदेश में लाइव मधुबनी पेंटिंग बनायीं" (hi ভাষাত). 1 September 2018. https://www.atulyabihar.com/a-painter-from-patna-crafted-a-live-madhubani-painting-in-bangkok/. 
  4. "DHIRAJ SINGH SLIET". https://www.craftsvilla.com/blog/history-of-madhubani-art-paintings-will-leave-you-in-awe/. 
  5. "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014. 
  6. Jyotindra Jain (1989). "Ganga Devi: Tradition and expression in Madhubani painting". Third Text খণ্ড 3 (6): 43–50. doi:10.1080/09528828908576213. 
  7. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  8. Thakur, Upendra (1981). Madhubani painting – Upendra Thakur – Google Boeken. ISBN 9780391024113. https://books.google.com/?id=huLqAAAAMAAJ&dq=Madhubani+painting&q=1970#search_anchor। আহৰণ কৰা হৈছে: 2013-09-21. 
  9. Tripathi, Shailaja (22 November 2013). "Madhubani beyond the living rooms". The HIndu. Archived from the original on 31 January 2014. https://web.archive.org/web/20140131165843/http://www.thehindu.com/features/metroplus/events/madhubani-beyond-the-living-rooms/article5380171.ece। আহৰণ কৰা হৈছে: 3 February 2014. 
  10. "Art that subverts". The Hindu. 26 August 2013. Archived from the original on 26 August 2013. https://web.archive.org/web/20130826090447/http://www.thehindu.com/todays-paper/tp-national/art-that-subverts/article5059973.ece.