সমললৈ যাওক

গংগা দেৱী (চিত্ৰশিল্পী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গংগা দেৱী (১৯২৮ – ১৯৯১) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী।[1] তেওঁ মধুবানী শৈলীত অংকন কৰে।[2] মধুবানী চিত্ৰশিল্প হ'ল বিহাৰৰ মিথিলাৰ এক লোককলা। মধুবানী চিত্ৰকলাক ভাৰতৰ বাহিৰতো জনপ্ৰিয় কৰাৰ কৃতিত্ব গংগা দেৱীৰ।[3] ১৯২৮ চনত বিহাৰৰ মিথিলাত, এটা কায়স্থ পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁ লোকশিল্পী ৰূপে পৰিচিতি লভে আৰু কাচনি (ৰেখা চিত্ৰ) শৈলীত দক্ষতা অৰ্জন কৰে।[4] নিজৰ চিত্ৰকৰ্ম লৈ তেওঁ বিদেশ ভ্ৰমণ কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ভাৰতীয় মহোৎসৱত ভাগ লৈছিল।[3]এই পৰিপ্ৰেক্ষিতত তেওঁ আমেৰিকা চিৰিজ নাম দি এলানি ছবি আঁকে য'ত মস্কো হোটেল, ফেষ্টিভেল ইন আ আমেৰিকান ফক লাইফ, ৰাইড ইন আ ৰ'লাৰ কষ্টাৰ শীৰ্ষক ছবিয়ে ঠাই পাইছিল।[2] ভাৰত চৰকাৰে গংগা দেৱীক নেচনেল মাষ্টাৰ ক্ৰাফ্‌টচ্‌মেন এৱাৰ্ড[3] আৰু ১৯৮৪ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[5]

১৯৮০ চনত গংগাদেৱীয়ে দিল্লী শিল্প সংগ্ৰহালয়ৰ মুৰাল কহবাৰ ঘৰ বা কইনা ঘৰটো আঁকি উলিয়াইছিল। এই মুৰালটো আঁকোতে তিনিৰপৰা চাৰিমাহ সময় লাগিছিল। এই সময়খিনিত গংগা দেৱীয়ে দিল্লীৰ চিকিৎসালয়ত কেম'থেৰাপি লৈ আছিল।[6] কিন্তু ২০১৫ চনত, সংগ্ৰহালয়টো পুনঃনিৰ্মাণৰ সময়ত এই মুৰালটো ভাঙি পেলোৱা হয়।[7]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

গংগা দেৱী যেতিয়া সৰু আছিল তেওঁৰ মাকে তেওঁৰ হাতত এডাল ব্ৰাচ তুলি দিছিল। ব্ৰাচডাল ধান খেৰ আৰু মাকৰ শাড়ীৰপৰা উলিওৱা সূতাৰে তৈয়াৰ কৰা হৈছিল। ৰন্ধা-বঢ়া কৰা পাত্ৰৰ তলৰপৰা আৰু হাৰিকেন লেমৰপৰা ওলোৱা ক'লা লেপ গংগা দেৱীয়ে চিয়াহী ৰূপে ব্যৱহাৰ কৰিছিল। এই ক'লা লেপটো সাধাৰণতে গৰু-ম'হৰ মূত্ৰ, একপ্ৰকাৰৰ আঠা বা কেতিয়াবা ছাগলীৰ গাখীৰৰ সৈতে মিলাই চিয়াহী প্ৰস্তুত কৰা হৈছিল। গংগাই এইবোৰ তেওঁৰ মাক, আইতাক, খুড়ীয়েক-বৰমাক বা তেওঁলোকৰ ছোৱালীহঁতৰপৰা শিকি লৈছিল। গাঁৱত কাগজ পাবলৈ অসুবিধা বাবে গংগাই স্কুলৰ বহীৰপৰা পাত ফালি কাপোৰৰ ওপৰত আঠাৰে এইবোৰ লগাই কেনভাচ প্ৰস্তুত কৰিছিল।[8]

কেৰিয়াৰ

[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা ভাৰতীয় মহোৎসৱত ভাগ ল'বলৈ গংগা দেৱী নিৰ্বাচিত হৈছিল।[9] ৰাছিয়া আৰু জাপানতো তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই সকলো অভিজ্ঞতাক তেওঁ ছবি আঁকি ব্যক্ত কৰিছিল আৰু এনে পাৰদৰ্শিতাৰ বাবেই ভাৰত চৰকাৰৰ শিল্প বঁটা লাভ কৰিছিল।[8]

১৯৮০ চনত তেওঁৰ শৰীৰত কৰ্কট অসুখ ধৰা পৰাৰ পাছত নিয়মিত কেম'থেৰাপি ল'বলগীয়া হোৱাৰ বাবে গংগা দেৱী মিথিলালৈ উভতি যাব নোৱাৰিলে।

উল্লেখযোগ্য কাম[10]

[সম্পাদনা কৰক]

ৰামায়ণ ওপৰত আধাৰিত চিত্ৰ

[সম্পাদনা কৰক]

গংগা দেৱীয়ে ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ ওপৰত ভিত্তি কৰি মধুবানী শৈলীত এটি চিৰিজ অংকন কৰিছে। এই সম্পূৰ্ণ চিৰিজটোত তেওঁ খুব কোমল ৰঙেৰে কৰিছে।

মানৱ-জীৱনৰ ওপৰত আধাৰিত চিত্ৰ

[সম্পাদনা কৰক]

এই ধাৰাৰ চিত্ৰ সমূহত তেওঁ গাঁৱলীয়া মহিলাৰ সম্পূৰ্ণ জীৱন শৈলী অংকন কৰি উলিয়াইছে।

আমেৰিকা ভ্ৰমণৰ ওপৰত আধাৰিত কৰ্ম

[সম্পাদনা কৰক]

আমেৰিকা ভ্ৰমণৰ অভিজ্ঞতাক গংগা দেৱীয়ে চিত্ৰশিল্পলৈ পৰ্যবেশিত কৰে। এই কৰ্মৰাজি চাক্ষুস অভিজ্ঞতা আৰু অনুভৱ ভিত্তিক।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গংগাৰ বৈবাহিক জীৱন আছিল পীড়িত।[9] সন্তান জন্ম দিব নোৱৰাৰ বাবে স্বামীয়ে তেওঁক এৰি দিছিল আৰু অন্য এগৰাকীক বিয়া কৰাইছিল। ইমানতে গংগাৰ বৈবাহিক জীৱনৰ অন্ত পৰিছিল। এগৰাকী ফৰাছী চিত্ৰ সংগ্ৰহকে কিছু ছবি আঁকি দিয়াৰ বাবে যেতিয়া গংগাক পাৰিশ্ৰমিক দিয়ে, তেতিয়াৰপৰাই গংগাৰ জীৱন সলনি হয় আৰু গংগা বিকশিত হ'বলৈ ধৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Jyotindra Jain (1989). "Ganga Devi: Tradition and expression in Madhubani painting". Third Text খণ্ড 3 (6): 43–50. doi:10.1080/09528828908576213.
  2. 1 2 "Riding the Rollercoaster with Ganga Devi". 50 Watts. 2015. http://50watts.com/Riding-the-Rollercoaster-with-Ganga-Devi আহৰণ কৰা হৈছে: 9 September 2015.
  3. 1 2 3 "Madhubani Magic of Gangadevi". Pitara. 2015. http://www.pitara.com/non-fiction-for-kids/features-for-kids/madhubani-magic-of-gangadevi/ আহৰণ কৰা হৈছে: 9 September 2015.
  4. "Ganga Devi - Artist Profile". Mithila Paintings. 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304074435/http://www.mithilapaintings.com/artist-profiles/52-ganga-devi-artist-profile.html আহৰণ কৰা হৈছে: 9 September 2015.
  5. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.
  6. "Museum art erased" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/india/museum-art-erased/cid/1481349 আহৰণ কৰা হৈছে: 2019-03-15.
  7. "Crafts museum 'renovation' wipes out famed Madhubani murals - Times of India". The Times of India. https://timesofindia.indiatimes.com/india/Crafts-museum-renovation-wipes-out-famed-Madhubani-murals/articleshow/48893039.cms আহৰণ কৰা হৈছে: 2019-03-15.
  8. 1 2 De, Aditi. "Madhubani Magic of Gangadevi | Pitara Kids Network" (en-US ভাষাত). https://www.pitara.com/non-fiction-for-kids/features-for-kids/madhubani-magic-of-gangadevi/ আহৰণ কৰা হৈছে: 2019-04-06.
  9. 1 2 shampasaid. "Contribution of Ganga Devi– Synonym of Madhubani Art to Culture of India" (en-US ভাষাত). Realbharat. http://www.realbharat.org/ganga-devi-madhubani-art-culture-of-india-145/ আহৰণ কৰা হৈছে: 2019-04-06.
  10. Goyal, Anuradha (2015-05-04). "Mithila's Madhubani Artist Ganga Devi & Her Paintings" (en-US ভাষাত). Inditales. https://www.inditales.com/madhubani-artist-ganga-devi-mithila/ আহৰণ কৰা হৈছে: 2019-04-06.