বহুমূত্ৰ ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মধুমেহৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
Diabetes mellitus
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

Universal blue circle symbol for diabetes.[1]
আই.চি.ডি.-10 E10E14
আই.চি.ডি.-9 250
মেডলাইন প্লাছ 001214
ইমেডিচিন med/546 emerg/134
MeSH C18.452.394.750

বহুমূত্ৰ বা মধুমেহ (ইংৰাজী: Diabetes বা Diabetes mellitus) হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানব শৰীৰপাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়। এই ৰোগ চিকিৎসাৰ দ্বাৰ আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ চিকিৎসা বহু দীঘলীয়া। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ নানা ধৰণৰ জটিলতা, দেহৰ কোষৰ লগতে অংগসমূহো বিকল হ’ব পাৰে।

শ্ৰেণী বিভাজন[সম্পাদনা কৰক]

চিকিৎসা বিজ্ঞানীসকলৰ মতে ডায়েবেটিচ ৰোগ দুই প্ৰকাৰৰ-

  • টাইপ-১ আৰু
  • টাইপ-২।

টাইপ-১ ৰোগীয়ে বাহিৰৰ পৰা ইন্‌চুলিন গ্ৰহণ কৰিব লগা হয় বাবে ইন্‌চুলিন নিৰ্ভৰশীল ডায়েবেটিচ ৰোগী বুলি কোৱা হয়। কিন্তু টাইপ-২ শ্ৰেণীৰ ডায়েবেটিচ ৰোগীয়ে বাহিৰৰ পৰা ইন্‌চুলিন গ্ৰহণ কৰিব লগা নহয় যদিও এই প্ৰকাৰৰ ৰোগীয়ে নিজৰ শৰীৰত নিঃসৰণ হোৱা ইন্‌চুলিনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বা নিঃসৰিত ইন্‌চুলিনৰ সঠিক ব্যৱহাৰৰ বাবে ঔষধ খাই থাকিব লাগে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত কোনো কোনো মহিলাৰ একপ্ৰকাৰৰ ডায়েবেটিচ ৰোগ হয়। ইয়াক গেষ্টেচনেল (Gastetional) ডায়েবেটিচ ৰোগ বুলি কোৱা হয়। অৱশ্যে প্ৰসৱৰ পাছত এনে ডায়েবেটিচ নিজে নিজে ভাল হৈ যায়।

টাইপ ১ আৰু টাইপ ২ ৰ মাজত তুলনা[2]
Feature টাইপ ১ ডায়েবেটিচ টাইপ ২ ডায়েবেটিচ
Onset Sudden Gradual
Age at onset Mostly in children Mostly in adults
Body habitus Thin or normal[3] Often obese
Ketoacidosis Common Rare
Autoantibodies Usually present Absent
Endogenous insulin Low or absent Normal, decreased
or increased
Concordance
in identical twins
50% 90%
Prevalence ~10% ~90%

বহুমূত্ৰ ৰোগৰ লক্ষণসমূহ[সম্পাদনা কৰক]

সাধাৰণতে ডায়েবেটিচ ৰোগৰ লক্ষণসমূহ হ’ল:

  • শৰীৰ দুৰ্বল অনুভৱ কৰা আৰু সামান্য পৰিশ্ৰমতে ভাগৰ লগা,
  • হাত ভৰি জিন্‌জিনোৱা,
  • কাটিলে বা যিকোনো কাৰণতে হোৱা ঘাঁ সোনকালে নুশুকুৱা,
  • দৃষ্টিশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা,
  • বেছিকৈ পিয়াহ লগা বা ভোক লগা,
  • সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি।

এনেবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। মন কৰিব লগা কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিচ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ’লে, চিকিৎসকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি।

সকলো মানুহে জীৱনত কম বেছি পৰিমাণে পৰিশ্ৰম কৰিব লাগে আৰু পৰিশ্ৰম কৰিবলৈ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। এই শক্তি কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্যৰ পৰা পোৱা যায়। ভাত, ৰুটি, আলু, চেনি ইত্যাদি হ’ল কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য। এইবোৰ খাদ্য গ্ৰহণ কৰাৰ পাছত ইয়াৰ শৰ্কৰা ভাগ তেজত জমা হয় আৰু অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা ইন্‌চুলিন নামৰ হৰম’ন বিধে তেজৰ শৰ্কৰা (Sugar) ভাগ শৰীৰে অৰ্থাত্‌ কোষে গ্ৰহণ কৰাত সহায় কৰি দিয়ে। এনেদৰে ইন্‌চুলিনৰ সহায়ত কাৰ্বহাইড্ৰেট গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত শক্তি উৎপন্ন হয় আৰু শৰীৰ কাৰ্য্যক্ষম হৈ উঠে। কিন্তু ডয়েবেটিচ ৰোগীৰ ক্ষেত্ৰত অগ্নাশয় গ্ৰন্থিয়ে ইন্‌চুলিন হৰম’ন নিঃসৰণ কৰাত অনিয়মীয়া হোৱা বাবে খাদ্যৰ পৰা তেজত জমা হোৱা শৰ্কৰা ভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰা হয় আৰু তেজত জমা হোৱা এই কাৰ্বহাইড্ৰেট বা শৰ্কৰা প্ৰসাৱৰ দ্বাৰা শৰীৰৰ পৰা ওলায় যায়। এনেদৰে শৰীৰ শৰ্কৰাৰ অভাৱত ভুগিব লগা হয় আৰু ইয়াৰ অভাৱত শৰীৰ শক্তিহীনতাত ভুগিব লগা হয়। ৰোগ কিছুদিন আগবঢ়াৰ লগে লগে চকুৰ দৃষ্টিশক্তিও কমিবলৈ ধৰে আৰু লাহে লাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাত বিভিন্ন ৰোগ ব্যাধিয়ে আগুৰি ধৰে। এনেদৰে ৰোগ ক্ৰমে জটিল হৈ গৈ থাকে।

তেজৰ শৰ্কৰাভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰাৰ ফলত শৰ্কৰাভাগ পোনে পোনে কিডনী পায়গৈ আৰু কিডনী চেকন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰসাৱ আকাৰে ওলায় যায়। অনবৰতে শৰ্কৰাৰ এটি অতিৰিক্ত চাপ পাই থাকিবলগীয়া হয় বাবে কিডনীত ক্ৰমে শৰ্কৰাৰ গেদ্ বহিবলৈ আৰম্ভ কৰে। এনে অৱস্থাতে ৰোগীৰ শৰীৰ ওখহিবলৈ আৰম্ভ কৰে। এনেদৰে ৰোগীৰ অৱস্থা ক্ৰমে জটিলৰ পৰা জটিলতৰ হৈ পৰে।

সংক্ৰমণ[সম্পাদনা কৰক]

ডায়েবেটিচ যিহেতু গ্ৰন্থিৰ ৰোগ, গতিকে ই বংশগত কাৰণতে হোৱাৰ সম্ভাৱনা বেছি থাকে। কিয়নো বংশগতিৰ জৰিয়তে পিতৃ পুৰুষৰ বেছিভাগ গুণেই উত্তৰ পুৰুষলৈ প্ৰবাহিত হয়। বংশগত কাৰণৰ উপৰিও বৰ্তমান যুগৰ মানুহে গ্ৰহণ কৰা আধুনিক জীৱন শৈলীকো ডায়েবেটিচ ৰোগৰ অন্যতম কাৰণ হিচাপে বিজ্ঞানীসকলে চিনাক্ত কৰিছে। আমাৰ সু-স্বাস্থ্যৰ বাবে শৰীৰৰ অন্তৰ্ভাগত চলা সকলো শৰীৰ ক্ৰিয়া যেনে: ৰক্ত-সঞ্চালন, ৰেচন, শ্বাস-প্ৰশ্বাস, হৰম’ন গ্ৰন্থিৰ হৰম’ন নিঃসৰণ কাৰ্য্য ইত্যাদি সঠিকভাৱে চলাটো অতি প্ৰয়োজনীয়। শৰীৰ ক্ৰিয়াসমূহ এক স্বয়ংক্ৰিয় পদ্ধতিত চলি থাকে। দেখা গৈছে মানুহৰ চিন্তাধাৰা যোগাত্মক দিশত ধাবিত হ’লে মগজুৰ ক্ৰিয়া সুস্থিৰ অৱস্থাত থাকে আৰু এনে অৱস্থাত শৰীৰ কাৰ্য্যসমূহ সঠিকভাৱে চলি থাকে। কিন্তু বিভিন্ন কাৰকৰ প্ৰভাৱত যেনে: খং বা ক্ৰোধ, মানসিক উদ্বিগ্নতা আদি ঋণাত্মক কাৰকৰ প্ৰভাৱত মানুহৰ মগজুৰ ক্ৰিয়া বা মানসিক অৱস্থা অস্থিৰ হৈ পৰিলে শৰীৰ ক্ৰিয়া সমূহত বিসঙ্গতিয়ে দেখা দিয়ে আৰু বিভিন্ন ৰোগৰ সৃষ্টি হয়। আধুনিক জীৱন শৈলী মানেই হৈছে- ভোগবাদী মানসিকতা। ভোগবাদী মানসিকতাৰ বাবে আমাৰ জীৱনত উদ্বিগ্নতাৰ সৃষ্টি হয় আৰু তাৰ ফলত মগজুৱে শৰীৰৰ অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ কৰণ কৰ্ম পৰিচালনা কৰাত বিসঙ্গতিয়ে দেখা দিয়ে। ফলস্বৰূপে অন্তঃক্ষৰা গ্ৰন্থিৰ হৰম’ন নিঃসৰণ প্ৰক্ৰিয়া অনিয়মীয়া হয় বাবে এনে হৰম’নজনিত ৰোগৰ উত্‌পত্তি হয়। চিকিত্‌সা বিজ্ঞানী সকলৰমতে অগ্নাশয় বা পেন্‌ক্ৰিয়াছ গ্ৰন্থিত থকা এক বিশেষ ধৰণৰ কোষে ইন্‌চুলিন নিঃসৰণ কৰে। এই কোষবোৰক বিটা-কোষ (B-Cell) নামকৰণ কৰা হৈছে। প্ৰকৃততে এই বিটা কোষবোৰ ধ্বংস হোৱাৰ ফলতে ইন্‌চুলিন নিঃসৰণ প্ৰক্ৰিয়া বিসঙ্গতিপূৰ্ণ হৈ পৰে। শাৰীৰিক শ্ৰম নকৰাকৈ অতিভোজন কৰাটোও ডায়েবেটিচ ৰোগৰ অন্য এক কাৰণ বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।

চিকিৎসা[সম্পাদনা কৰক]

ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ৰোগীৰ অৱস্থা শোচনীয় নোহোৱাকৈ ৰাখিব পাৰি। এই ৰোগ যিহেতু ইনচুলিন নামৰ হৰম’নৰ অভাৱত হয়। সেয়েহে এই ৰোগৰ চিকিৎসা হৈছে টাইপ-১ প্ৰকাৰৰ ৰোগীৰ ক্ষেত্ৰত বাহিৰৰ পৰা ইন্‌চুলিন যোগান ধৰা আৰু টাইপ-২ ৰোগীৰ ক্ষেত্ৰত ইন্‌চুলিনৰ উৎপাদন আৰু নিঃসৰণ নিয়মীয়া কৰণৰ বাবে নিয়মীয়াকৈ ঔষধ সেৱন কৰা। চিকিৎসা বিজ্ঞানীসকলৰ চেষ্টাত কৃত্ৰিম ইন্‌চুলিন তৈয়াৰ কৰিবলৈ সমৰ্থ হোৱা গৈছে আৰু এই ইন্‌চুলিন টাইপ-১ ডায়েবেটিচ ৰোগীৰ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰি থকা হয়। এনেদৰে ৰোগীৰ শৰীৰত এক পৰিপূৰক ব্যৱস্থাৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা ধৰি ৰাখি শক্তি উৎপাদন কৰা হয় আৰু ৰোগীৰ শৰীৰক কাৰ্য্যক্ষম কৰি তোলা হয়।

বৰ্তমান যুগত চিকিৎসা বিজ্ঞানে আশাতীতভাৱে উন্নতি কৰিছে যদিও ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে একো উন্নত চিকিৎসা উদ্ভাৱন কৰাটো পৰিলক্ষিত হোৱা নাই। অৱশ্যে শেহতীয়া খবৰ মতে এদল আমেৰিকাৰ বিজ্ঞানীয়ে চলোৱা গৱেষণাত পুৰুষৰ শুক্ৰস্থলীৰ পৰা আহৰণ কৰা ষ্টেম চেল বা শিপা কোষৰ দ্বাৰা অগ্নাশয়ৰ ধ্বংস প্ৰাপ্ত বিটা কোষৰ নিচিনাকৈ ইন্‌চুলিন নিঃসৰণ কৰোৱাত কৃতকাৰ্য্যতা লাভ কৰিছে। আকৌ কানাডাৰ এড্‌মণ্টন চহৰত অনুষ্ঠিত ডায়েবেটিচ ৰোগৰ বিশেষজ্ঞসকলৰ সন্মিলনত এগৰাকী সদ্যমৃত স্বাভাৱিক অৱস্থাযুক্ত অগ্নাশয় থকা ব্যক্তিৰ দেহৰ পৰা স্বাভাৱিক ধৰণৰ বিটা কোষবোৰ উঠাই নি ডায়েবেটিচ ৰোগীৰ দেহত সংস্থাপনেৰে ইন্‌চুলিন নিঃসৰণ প্ৰক্ৰিয়া পুনৰ জীৱিত কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰা হয়। বিজ্ঞানীসকলৰ এনে গৱেষণা আৰু চিন্তাই ভৱিষ্যতে ডায়েবেটিচ ৰোগীলৈ আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ সম্ভাৱনা আছে।[4]

নিয়ন্ত্ৰণ[সম্পাদনা কৰক]

প্ৰকৃততে ডায়েবেটিচ ৰোগৰ চিকিৎসা ব্যৱস্থাত ৰোগীক সম্পূৰ্ণৰূপে আৰোগ্য কৰাতকৈ ৰোগৰ নিয়ন্ত্ৰণ কৰি ৰখাৰহে চিকিৎসা চলে। নিয়মিত ভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে যদিও ৰোগী সকলে এক দোদুল্যমান অৱস্থাত জীৱন কটাবলগীয়া হয়। ইয়াৰ চিকিৎসা পদ্ধতি দীঘলীয়া হোৱাত বহুতো ৰোগীয়ে চিকিৎসা গ্ৰহণ প্ৰক্ৰিয়া চলাই লৈ যোৱাটো টান হৈ পৰে। ইয়াৰ ফলতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে বা মৃত্যু মুখত পৰে। ডায়েবেটিচ যিহেতু হৰম’ন জনিত ৰোগ আৰু হৰম’ন নিঃসৰণ কাৰ্য্য মগজুৰ নিৰ্দেশতে পৰিচালিত হয়, গতিকে উদ্বিগ্নতা, ক্ৰোধ বা খং আদি ঋণাত্মক কাৰকে এনে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে যিদৰে চিকিৎসালয় স্থাপন কৰা হৈছে, তাৰ সমান্তৰাল ভাবে জনসাধাৰণৰ মাজত এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰিলেহে ডায়েবেটিচ ৰোগক প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিব। এই ক্ষেত্ৰত মানুহৰ মন অস্থিৰ কৰি তুলিব পৰা জীৱন শৈলী পৰিহাৰ কৰি এক সু-শৃংখলাবদ্ধ জীৱন যাপনৰ যোগেদি ডায়েবেটিচৰ নিচিনা মহাব্যাধিক দূৰতে বিদূৰ কৰিব পৰা যায় বুলি আশা কৰিব পাৰি।

ভাৰতবৰ্ষত বহুমূত্ৰ ৰোগৰ প্ৰভাৱ[সম্পাদনা কৰক]

ভাৰতবৰ্ষত যোৱা দুটামান দশকৰ পৰা ডায়েবেটিচ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এক সমীক্ষামতে ২০০০ চনত বিশ্বত ডায়েবেটিচ ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৭১ নিযুত। কিন্তু ২০৩০ চনলৈ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে।[5] পৃথিৱীৰ সকলো ঠাইৰ মানুহৰে এইবিধ ৰোগ হয় যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মানুহ এই ৰোগত বেছি আক্ৰান্ত হোৱা দেখা যায়। ইণ্টাৰনেচনেল ডায়েবেটিচ ফেডাৰেচনে প্ৰকাশ কৰা মতে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় ৫০.৮ নিযুত লোকেই ডায়েবেটিচ ৰোগত ভুগি আছে।[6] ডায়েবেটিচ ৰোগীৰ এই পৰিসংখ্যাত ভাৰতৰ স্থান প্ৰথম। সেয়ে, ভাৰতবৰ্ষক ডায়েবেটিচৰ ৰাজধানী বুলি কোৱা হয়। বৰ্তমান ভাৰতত বিভিন্ন ঠাইত ব্যক্তিগত খণ্ডত ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে বহুতো চিকিৎসালয় স্থাপন কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Diabetes Blue Circle Symbol". International Diabetes Federation. 17 March 2006. http://www.diabetesbluecircle.org. 
  2. Williams textbook of endocrinology (12th সম্পাদনা). প্ৰকাশক Philadelphia: Elsevier/Saunders. পৃষ্ঠা. 1371–1435. ISBN 978-1-4377-0324-5. 
  3. doi:10.1383/medc.30.1.1.28264
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  4. অসমীয় খবৰ, তাং: ২৮/০৭/২০১১
  5. Davidson’s Principles & Practice of Medicine
  6. Gale, Jason (November 7, 2010). "India’s Diabetes Epidemic Cuts Down Millions Who Escape Poverty". Bloomberg. http://www.bloomberg.com/news/2010-11-07/india-s-deadly-diabetes-scourge-cuts-down-millions-rising-to-middle-class.html। আহৰণ কৰা হৈছে: 8 June 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]