মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম এখন ভূমিকম্প প্ৰৱণ ৰাজ্য। কেৱল বৰ্তমান সময়তেই নহয়, ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ বা মধ্যযুগৰ সময়ছোৱাটো এই অঞ্চলত কেইবাটাও লেখত ল'বলগীয়া ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তথ্য প্ৰাচীনকালত লিখা বুৰঞ্জীসমূহত পাব পাৰি।[1]

১৫৪৮ খ্ৰীষ্টাব্দৰ গড়গাঁৱৰ ভূমিকম্প[সম্পাদনা কৰক]

আহোম বুৰঞ্জীৰ মতে ১৫৪৮ খ্ৰীষ্টাব্দৰ গড়গাঁৱত এটা ডাঙৰ ভূমিকম্প হৈছিল যাৰ ফলত মাটিৰ পৰা শিল, বালি অৰু ছাই ওপৰলৈ ওলাই আহিছিল। এই ভূমিকম্পটো চুক্লেংমুং ৰজাৰ দিনত হৈছিল। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত IX আছিল। এই ভূমিকম্পটোৰ কথা গেইটেও তেওঁৰ বুৰঞ্জীত উল্লেখ কৰিছে।[1]

১৫৯৬ খ্ৰীষ্টাব্দৰ ভূমিকম্প[সম্পাদনা কৰক]

১৫৪৮ খ্ৰীষ্টাব্দত গজালত হোৱা ভূমিকম্পৰ ফলত মাটিৰ তলৰ পৰা গৰম পানী, বালি আৰু ছাই ওলাই আহিছিলে। সেই সময়ত ৰজা আছিল চুখাম্ফা বা খোৰা ৰজা। ভূমিকম্পৰ ফলত তেওঁৰ এটা ৰাজপ্ৰসাদ ধ্বংস হৈছিল আৰু কেইজনমান প্ৰহৰীও মৰিছিল। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত IX আছিল।[1]

১৬৪২ খ্ৰীষ্টাব্দৰ উজনি অসমৰ ভূমিকম্পসমূহ[সম্পাদনা কৰক]

গেইটৰ বুৰঞ্জীত উল্লেখ থকা মতে ১৬৪২ খ্ৰীষ্টাব্দৰ প্ৰবল বানপানীৰ মাজতে কেইবাটাও ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তীব্ৰতা সম্ভৱত III আছিল।[1]

১৬৪৯ খ্ৰীষ্টাব্দৰ উজনি অসমৰ ভূমিকম্পসমূহ[সম্পাদনা কৰক]

সাতসৰী বুৰঞ্জীৰ মতে ১৫৭১ শকৰ ব'হাগ মাহৰ এটা দিনত তিনিটা ভূমিকম্প হৈছিল। এইকেইটা মৃদু ভূমিকম্প আছিল; তীব্ৰতা সম্ভৱত III তকৈ বেছি নাছিল।[1]

১৬৬৩ খ্ৰীষ্টাব্দৰ কাজলীৰ ভূমিকম্প[সম্পাদনা কৰক]

১৬৬৩ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত কাজলীত প্ৰায় আধা ঘণ্টাৰ বাবে ভূমিকম্প অনুভূত হৈছিল। এই কথা ছিহাবুদ্দিন তালিছে ফাতেহা ই তালিছত উল্লেখ কৰিছিল। গেইটেও তেওঁৰ বুৰঞ্জীত এই ভূমিকম্পটোৰ কথা উল্লেখ কৰিছে। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত V আছিল।[1]

১৬৯৭ খ্ৰীষ্টাব্দৰ শদিয়াৰ ভূমিকম্প[সম্পাদনা কৰক]

১৬৯৭ খ্ৰীষ্টাব্দত শদিয়াত সম্ভৱ ফেব্ৰুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে ডাঙৰ ভূমিকম্প হৈছিল। এই কথা তুংখুঙীয়া বুৰঞ্জীত উল্লেখ কৰিছে। সেই সময়ত ৰজা আছিল ৰূদ্ৰসিংহ। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত X তকৈও বেছি আছিল।[1]

১৭১৪ খ্ৰীষ্টাব্দৰ ভূমিকম্প[সম্পাদনা কৰক]

১৭১৪ খ্ৰীষ্টাব্দত কেইবাটাও ভূমিকম্প হৈছিল। তুংখুঙীয়া বুৰঞ্জীত উল্লেখ থকা মতে ৰাতি কিবা ৰহস্যজনক কাৰণত দুখ্নকৈ প্ৰৱেশদ্বাৰ আৰু তিংখাং আৰু চৰাইদেউ পাহাৰৰ মন্দিৰৰ গম্বুজ ভাঙি গৈছিল। গেইটে তেওঁৰ বুৰঞ্জীত উল্লেখ কৰা মতে ১৭১৪ খ্ৰীষ্টাব্দত হোৱা ভূমিকম্পবোৰে বহুতো মন্দিৰ ভাঙিছিল। ভালকৈ বনোৱা অট্টালিকাসমূহত ফাঁট মেলালৈ চাই ভূমিকম্পবোৰৰ তীব্ৰতা সম্ভৱত IV আছিল।[1]

১৭৫৯ খ্ৰীষ্টাব্দৰ ৰংপুৰৰ ভূমিকম্প[সম্পাদনা কৰক]

১৭৫৯ খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত এটা ভূমিকম্প হৈছিল বুলি জনা যায়। এই ভূমিকম্পটোত হোৱা ক্ষয়ক্ষতি সম্পৰ্কে একো জানিব পৰা নাযায়।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 Iyenger, RN; Sharma, D & Siddiqui, JM (1999), Earthquake History of India in Medieval Times, Indian Journal of History of Science, 34(3).