সমললৈ যাওক

মনোৰমা দাসমেধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মনোৰমা দাস মেধি (ইংৰাজী Monorama Das Medhi) অসমীয়া গল্প সাহিত্যৰ এক অননুকৰণীয় স্বৰ । আজীৱন প্ৰচাৰ আৰু যশস্যাৰ পৰা আতৰত থাকি নীৰৱে তেখেতে গল্পচৰ্চাৰে অসমীয়া সাহিত্যক ঋদ্ধ কৰিছে। সন্ত্ৰাসজৰ্জৰ এছোৱা সময়ৰ প্ৰান্তীয় মানুহৰ জীৱন আৰু দুৰ্দশা,লোকজীৱনৰ হেৰাব খোজা আঁতবোৰ, ৰাজনীতিয়ে কোঙা কৰা মানুহৰ তীব্ৰ শ্লেষ আৰু সংঘৰ্ষৰ জীয়া কাহিনীবোৰ তেখেতে সুন্দৰকৈ নিজৰ গল্পলৈ তুলি আনিছে ।

১৯৫০ চনত ওদালগুৰিৰ বেংবাৰী নামে গাঁৱত।

১৯৭১ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা অসমীয়াত অনাৰ্চসহ তেখেতে স্নাতক আৰু ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭৪ চনত তেখেতে টংলা কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।

ৰচনাৰাজি

[সম্পাদনা কৰক]
  • কাঠগড়াত ঈশ্বৰ(১৯৯৫)
  • সপোনৰ সোনাৰু(২০০৩)
  • প্ৰেমগাথা (২০০৩)
  • ৰাণীৰ গা ধোৱা ঘাট (২০১৬)

শেহতীয়া স্বীকৃতি

[সম্পাদনা কৰক]
  • জগন্নাথ ঠাকুৰ সাহিত্য সন্মান ২০২৪

তথ্যসূত্ৰ

[সম্পাদনা কৰক]