মাংসভোজী উদ্ভিদ
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মাংসভোজী উদ্ভিদ (ইংৰাজী: Carnivorous plants) হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰ'ট'জৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰ'জেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়। ১৮৭৫ চনত চাৰ্লছ ডাৰউইনে প্ৰথম মাংসভোজী উদ্ভিদ, পতংগভোজী উদ্ভিদৰ বিষয়ে উল্লেখ কৰিছিল।
মাংসভোজী উদ্ভিদবোৰ সাধাৰণতে সপুষ্পক উদ্ভিদ। এনে উদ্ভিদ পাঁচটা ভিন্ন বৰ্গৰ প্ৰায় বাৰটাতকৈও অধিক গণৰ অন্তৰ্গত। প্ৰায় ৬৩০টাতকৈও অধিক এনে প্ৰজাতিৰ উদ্ভিদে চিকাৰ আকৰ্ষণ কৰে আৰু বন্দী কৰে, পাচক উৎসেচক উৎপাদন কৰে আৰু পোষক দ্ৰৱ্যৰ শোষণ কৰে। ইয়াৰোপৰি বিভিন্ন গণৰ প্ৰায় তিনি শতাধিক প্ৰ'ট'জৱাভোজী উদ্ভিদে সকলো নহলেও এনে কিছুমান বৈশিষ্ট প্ৰদৰ্শন কৰে।