মাইকুচুমফাই
মাইকুচুমফাই টাই পৰিয়ালৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। এই উৎসৱ মাঘ বিহুৰ সমসাময়িক আৰু টাই খামটি, টাই আহোম, টাই ফাকিয়াল, টাই টুৰুং, টাই আইতন আৰু টাই খাময়াংসকলে ইয়াক উদযাপন কৰে। মাইকুচুমফাই শব্দটোৰ অৰ্থ এনেধৰণৰ: 'মাই' মানে খৰি, 'কু' মানে জাপি থোৱাদম, 'চুম' সংযোগ কৰা আৰু 'ফাই' মানে জুই।[1]অৰ্থাৎ দম কৰি জাপি থোৱা খৰিত অগ্নিসংযোগ কৰা। [1]
মাইকুচুমফাই পালন কৰাৰ ৰীতি
[সম্পাদনা কৰক]অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসকলে মাঘৰ দোমাহীত উৰুকাৰ দিনা খৰিৰ মেজি সাজি জুই জ্বলোৱাৰ দৰে ঠাই খামটি, ফাকিয়াল, টুৰুং, আইতন, খাময়াংসকলে মাঘী পূৰ্ণিমাৰ দিনা মেজি সাজি মেজি জ্বলায়।[1]এই উৎসৱলৈ কেইসপ্তাহমান থাকোঁতেই টাই গাঁৱৰ ডেকাসকলে হাবিৰ পৰা খৰি কাটি আনি বৌদ্ধ বিহাৰৰ চৌহদত গোটাই শুকুৱাবলৈ দিয়ে। খৰিবোৰ শুকালে 'মাইকু'[1] (মেজি) ৰ নিৰ্দিষ্ট জোখত কাটি লয়। মেজিটো বুদ্ধ পূৰ্ণিমাৰ আগদিনা সন্ধিয়াৰ আগে আগে সাজি উলিওৱা হয়। মেজিটোৰ দৈঘ্য ৮মিটাৰ। মেজিটোৰ আগ অংশ বা শীৰ্ষ স্থান আৰু তলৰ গুৰি অংশটো কিছু পৰিমাণে সৰু কৰা হয় এটা তাঁতবোৱা মাকোৰ নিচিনা। প্ৰথমে কলপটুৱাৰে এটা মূৰত বেদীৰ দৰে নিৰ্মাণ কৰি লৈ তাৰ মাজে মাজে কাঠ খৰিবোৰ তৰপে তৰপে জাপি দি চাৰি চুকত চাৰিডাল গোটাবাঁহ পুতি তাৰ মাজত কুমলীয়া বাঁহ (দুই মূৰে গাঁঠি থকা) ৰ টুকুৰা ভৰাই দিয়ে। যাতে মেজি জ্বলিলে এইবোৰ 'ঢৌ', 'ঢৌ'কৈ শব্দ কৰি ফুটি যায়। মেজিটোৰ ওপৰৰ অংশত খেৰ দিয়া হয়। মেজিটো হাউলি নপৰিবলৈ দীঘল ৰছী মাটিত পোতা খুটিত বান্ধি দিয়ে। মেজিৰ চাৰিওকাষে ৰং-বিৰঙৰ কাগজ কাটি পুথি দিয়া হয়। মেজিটোত নানাৰঙী, ফুলৰ মালাদি সুন্দৰকৈ সজোৱা হয়। ৰাতি হোৱাৰ লগে লগে মাইকুটোৰ কাষত গাঁৱৰ ডেকাসকলে বাদ্য বজাই নৃত্য-গীত কৰে। মাঘৰ পূৰ্ণিমাৰ দিনা পুৱা পৰম্পৰাগত পদ্ধতিৰে মেজি জ্বলাই মেজিঘৰত ডেকাসকলে নানান বস্তু দি বনোৱা খাওয়া কুক (খিচিৰি ভাত) সকলোৱে মিলি জুলি খায় আৰু মাইকুটোৰ ওচৰত সন্ধিয়া ধূপ-ধূনা, মম আদি জ্বলাই। গাঁৱৰ পাঠকে মন্ত্ৰ পাঠ কৰি মেজিটো বৌদ্ধৰ নামত উছৰ্গা কৰি জ্বলাবলৈ লোৱা হয়। ভিক্ষুৱে ৰাইজৰ মঙ্গল কামনা কৰি মঙ্গল সূত্ৰ গায় আৰু সকলোকে শীল বা ব্ৰত দিয়ে। তাৰ পাছত কোনো এজনে মাইকুত ওলোমাই থোৱা এডাল ৰছীত জুইৰ শিখা বান্ধি মেজিৰ ওপৰৰ অংশত অগ্নি সংযোগ কৰে। কিছুমানে মেজিটোত উঠি গৈয়ো মেজিৰ ওপৰ অংশত জুই দিয়া হয়।
লোক বিশ্বাস
[সম্পাদনা কৰক]টাই সকলৰ মাইকুচুমফাই উৎসৱৰ অন্তৰালতো এটি তাৎপৰ্যপূৰ্ণ কাহিনী জড়িত হৈ আছে। ভগৱান বুদ্ধই তেওঁৰ জীৱনৰ শেষ কালছোৱা বৈশালী নগৰৰ চপলা চৈত্যত কটাইছিল। মাঘ মাহৰ পূৰ্ণিমা তিথিত তেওঁ তেওঁৰ শিষ্য আৰু ভক্তবৃন্দৰ আগত ধৰ্ম প্ৰকাশ কৰিছিল। তাৰ তিনিমাহৰ পিছতে তেওঁ মহা পৰি নিৰ্বাণ লাভ কৰে। সেয়ে মাঘৰ এই পূৰ্ণিমা তিথিতে টাই গোষ্ঠীৰ লোকসকলে "মাইকুচুমফাই উৎসৱ পালন কৰে।