মাছৰ পৰিভ্ৰমণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰ্দিষ্ট কালত কিছুমান মাছ প্ৰজননৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি আকৌ উক্ত ঠাইলৈ উভতি অহাকে মাছৰ পৰিভ্ৰমণ বা মাছৰ প্ৰব্ৰজন (ইংৰাজী: Fish migration) বোলা হয়। কিছুমান পৰিভ্ৰমী মাছৰ উদাহৰণ হ'ল: ঈল (Anguilla Anguilla, A. vulgaris, A.rostra, etc.), চালমন (Salmo solar, Oncorhynchus nerka), ইলীহ মাছ (Hilsa ilisa) আদি।

পৰিভ্ৰমণৰ কাৰণ[সম্পাদনা কৰক]

বিভিন্ন কাৰণত মাছে পৰিভ্ৰমণ কৰিব পাৰে। যৌৱনাপ্ৰাপ্তি, হৰম'ন, জন্মগত প্ৰবৃত্তি, খাদ্যৰ অভাৱ, ইত্যাদিৰ কাৰণে মাছে পৰিভ্ৰমণ কৰিব পাৰে। ইয়াৰ উপৰিও পোহৰ, উষ্ণতা, লৱণতা, pH, আদিৰ তাৰতম্য আদিৰ কাৰণেও মাছে পৰিভ্ৰমণ কৰে।

পৰিভ্ৰমণৰ প্ৰকাৰ[সম্পাদনা কৰক]

সাধাৰণতে মাছৰ চাৰি প্ৰকাৰৰ পৰিভ্ৰমন দেখিবলৈ পোৱা যায়। এইবোৰ হ'ল:

  1. সাগৰীয় পৰিভ্ৰমণ (Oeceanodromous migration),
  2. পটেম'ড্ৰ'মাছ পৰিভ্ৰমণ (Potamodromous migration),
  3. সমুদ্ৰাভিগামী পৰিভ্ৰমণ (Catadromous migration) আৰু
  4. সমুদ্ৰাপগামী পৰিভ্ৰমণ (Anadromous migration)
সাগৰীয় পৰিভ্ৰমণ (Oceanodromous)

সাগৰীয় মাছে সাগৰৰ পানীতে প্ৰজননৰ বাবে বহুদূৰলৈ পৰিভ্ৰমণ কৰাকে সাগৰীয় পৰিভ্ৰমণ বোলা হয়। ক্লুপিয়া (Clupea), মেকেৰেল (Mackerel), টুনা (Tuna) আদি মাছে এনেধৰণৰ পৰিভ্ৰমণ দেখুৱায়।

পটেম'ড্ৰ'মাছ পৰিভ্ৰমণ (Potamodromous miogration)

কিছুমান অলুণীয়া পানীৰ মাছে অলুণীয়া পানীতেই বহূদূৰলৈ পৰিভ্ৰমণ কৰাকে পটেম’ড্ৰ’মাছ পৰিভ্ৰমণ বোলা হয়। কাৰ্প (Carp) ট্ৰাউত (Trout) আধি মাছে এনেকুৱা ধৰণৰ পৰিভ্ৰমণ কৰে।

সমুদ্ৰাভিমুখী পৰিভ্ৰমণ (Catadromous migration)

কিছুমান অলুণীয়া পানীৰ মাছে কণী পাৰিবলৈ সমুদ্ৰলৈ যোৱাকে সমুত্ৰাভিমুখী পৰিভ্ৰমণ বোলা হয়। ঈল (Eel) মাছবোৰে এনেকুৱা পৰিভ্ৰমণ দেখুৱায়।

সমুদ্ৰাপগামী পৰিভ্ৰমণ (Anadromous migration)

সাগৰীয় মাছে অলুণীয়া পানীলৈ পৰিভ্ৰমণ কৰাকে সমুদ্ৰপগামী পৰিভ্ৰমণ বোলা হয়। চালমন, ইলিছ ইত্যাদি মাছে এনেকুৱা পৰিভ্ৰমণ দেখুৱায়।

ঈল মাছৰ সমুদ্ৰাভিমুখী পৰিভ্ৰমণ[সম্পাদনা কৰক]

ঈলবোৰ অলুণীয়া পানীৰ মাছ। প্ৰজননৰ সময়ত ইহঁতে বহুদূৰ অতিক্ৰম কৰি সাগৰলৈ আহে। ভ্ৰমণৰ সময়ত মতা মাছটোৱে মাইকী মাছটোক অনুসৰণ কৰে। ভ্ৰমণৰ সময়ত মাছবোৰৰ জননাংগবোৰ পৰিপক্ক হয় আৰু পাচন নলীডাল ক্ষীণ হবলৈ ধৰে। এই সময়ত ইহঁতে খোৱা বোৱা নকৰে। ইহঁতে সাগৰত ৫০০০/৬০০০ কিলোমিটাৰ মান অতিক্ৰম কৰি প্ৰায় ৫০০ মিটাৰমান গভীৰতালৈ আৰু তাতে কণী পাৰে। কণী দিয়াৰ পাছত ইহঁতৰ মৃত্যু হয়। কণী ফুটি পলুৰ সৃষ্টি হয়। এই পলুবোৰক লেপ্ট’চেফালাছ (Leptocephalus) বোলা হয়। পলুবোৰ স্বচ্ছ আৰু পাতব আকৃতিৰ। কিছুমান লেপ্ট'চেফালাছ পলু ৬২ ইন্সি পৰ্যন্ত দীঘল হয়। দুই তিনি বছৰমান পাছত ইহঁতবোৰ চুঙা আকৃতিৰ এলভাৰৰ পলুলৈ (Elver’s larva) ৰূপান্তৰিত হয়। এলভাৰ পলুবোৰ আকৌ অলুণীয়া পানীলৈ পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত সিহঁতৰ পিতা-মাতাৰ আবাস্থলীত উপস্থিত হয়। অলুণীয়া পানীত ইহঁতে পূণাংগ প্ৰাপ্তি হয়। কেনেকৈ ইহঁতে পিতা মাতাৰ আবাসস্থলী চিনাক্তকৰণ কৰে সেয়া এক ৰহস্য।

চালমন মাছৰ সমুদ্ৰাপগামী পৰিভ্ৰমণ[সম্পাদনা কৰক]

চালমনবোৰ সাগৰীয় মাছ। ইহঁতে প্ৰজননৰ কাৰণে অলুণীয়া পানীলৈ পৰিভ্ৰমণ কৰে আৰু ইয়াক সমুদ্ৰাপগামী পৰিভ্ৰমণ বোলা হয়। মতা আৰু মাইকীটোৱে যোৰ পাতি কেবাহাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ইহঁতে অলুনীয়া পানীত নিজৰ প্ৰজননৰ স্থান বাছি উলিয়ায়। প্ৰজননৰ সময়ত মতাটোত ৰঙা ৰঙৰ ডাগ আৰু মাইকীটোত কলা ৰঙৰ ডাগ দেখা পোৱা যায়। অলুনীয়া পানীত প্ৰৱেশ কৰাৰ পাছতে ইহঁতে খাবলৈ বাদ দিয়ে। প্ৰজনন স্থলীত মাইকীটোৱে নদীৰ বালিত গাত খান্দি বাঁহ সাজি লৈ কণী পাৰিবলৈ ধৰে। ইয়াৰ পাছতে মতাটোৱে ইয়াৰ ওপৰত শুক্ৰ নিক্ষেপ কৰে আৰু ফলস্বৰূপে কণীবোৰ নিষিক্ত হয়। নিষিক্ত কণীৰ পৰা পোৱালী ছালমনবোৰ ওলাই আহে। কিছুদিন নদীৰ অলুণীয়া পানীত থাকি পুণৰ ইহঁতে সাগৰলৈ পৰিভ্ৰমণ কৰে। সাগৰত ইহঁতবোৰ পৈণত হৈ পুণৰ প্ৰজনন কালত ইহঁতে সেই স্থানলৈ আহি প্ৰজনন কাৰ্য সম্পাদান কৰে।