মানৱ ভূগোল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক  অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।

পৰিসৰ[সম্পাদনা কৰক]

মানুহৰ ক্ৰিয়া কলাপ,অৰ্হতা আৰু ধ্যান -ধাৰণা প্ৰভৃতিৰ লগত প্ৰাকৃতিক পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু সকলোধৰণৰ মানৱীয় ক্ৰিয়াকাণ্ডৰ ক্ষেত্ৰীয় তথা কালানুক্ৰমিক লক্ষণসমূহ মানৱ ভূগোলৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

দাৰ্শনিক দৃষ্টিভংগী[সম্পাদনা কৰক]

 মানৱ ভূগোলৰ মুখ্য দৃষ্টিভংগী দুটা হ'ল

পৰিৱেশ নিৰ্ণয়বাদ[সম্পাদনা কৰক]

নিৰ্ণয়বাদৰ মতে, প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আছে। প্ৰাকৃতিক পৰিৱেশ অঞ্চলভেদে ভিন ভিন হোৱাৰ বাবেই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ কৰ্মৰাজীতো ভিন্নতা দেখা যায়। আমেৰিকাৰ ভূগোলবিদ এলেন চাৰ্চিল চেম্পলে এই মতবাদ প্ৰৱৰ্তন কৰিছিল। মেকিণ্ডাৰ,ডেভিচ, ৰবাৰ্ট মিল আদি অন্য ভূগোলবিদ সকলেও  এই মতবাদ সমৰ্থন কৰিছিল।

সম্ভাব্যবাদ[সম্পাদনা কৰক]

সম্ভাব্যবাদৰ মতে ,মানুহে পৃথিৱীত নিজৰ বাঞ্ছিত পৰিৱেশ নিজেই গঢ় দিব পাৰে। নিজৰ সুবিধাৰ্থে মানুহে প্ৰাকৃতিক পৰিৱেশৰ সাল সলনি কৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। ঘৰ-দুৱাৰ, ৰাস্তা ,দলং,খেতিপথাৰ,উদ্যোগ-প্ৰতিষ্ঠান, যান-বাহন আদি সকলোবোৰ এই সম্ভাব্যতাৰ ফলাফল। ফ্ৰান্সৰ ভূগোলবিদপল-ভিডেল-ডি-লা-ব্লাচি সম্ভাব্যবাদৰ প্ৰৱৰ্তক আছিল। মূলত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এই মতবাদে গা কৰি উঠিছিল।

এই দুটা দৃষ্টিভংগীৰ উপৰিও নৱ্যনিৰ্ণয় বাদ নামেৰে অন্য এটা দৃষ্টিভংগী গ্ৰীফিট টেইলৰ নামৰবৃটিশ ভূগোলবিদ এজনে প্ৰৱৰ্তন কৰিছিল। তেওঁৰ মতে প্ৰকৃতিপ্ৰদত্ত সম্ভাৱনাৰ পৰিসৰতহে মানুহে নিজ সামৰ্থৰে পৰিৱেশৰ সাল-সলনি কৰিব পাৰে। প্ৰকৃতিৰ অনিষ্ট ঘটিলে মানুহৰ উন্নতিতো অন্তৰায় ঘটে।

মানৱ ভূগোলৰ প্ৰধান শাখা উপশাখা সমূহ[সম্পাদনা কৰক]

জনসংখ্যা ভূগোল[সম্পাদনা কৰক]

ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে।

পৌৰ ভূগোল[সম্পাদনা কৰক]

ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে।

অৰ্থনৈতিক ভূগোল[সম্পাদনা কৰক]

কৃষি ভূগোল[সম্পাদনা কৰক]

উদ্যোগ ভূগোল[সম্পাদনা কৰক]

বাণিজ্য ভূগোল[সম্পাদনা কৰক]

পৰ্যটন ভূগোল[সম্পাদনা কৰক]

আচৰণ ভূগোল[সম্পাদনা কৰক]

কল্যাণ ভূগোল[সম্পাদনা কৰক]

সমাজ ভূগোল[সম্পাদনা কৰক]

সাংস্কৃতিক ভূগোল[সম্পাদনা কৰক]

ঐতিহাসিক ভূগোল[সম্পাদনা কৰক]

চিকিৎসা ভূগোল[সম্পাদনা কৰক]

ভূ-ৰাজনীতি[সম্পাদনা কৰক]

লিংগৰ ভূগোল[সম্পাদনা কৰক]

ৰাজনৈতিক ভূগোল[সম্পাদনা কৰক]

নিৰ্বাচন ভূগোল[সম্পাদনা কৰক]

প্ৰতিৰক্ষা ভূগোল[সম্পাদনা কৰক]

প্ৰশাসন ভূগোল[সম্পাদনা কৰক]