মানৱ মস্তিষ্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানৱ মস্তিষ্ক
Skull and brain normal human.svg
মানুহৰ মস্তিষ্ক আৰু কৰোটি
Cerebral lobes.png
চেৰিব্ৰামৰ পিণ্ডসমূহ: অগ্ৰ পিণ্ড (গুলপীয়া), পাৰ্শ্ব পিণ্ড (সেউজীয়া) আৰু নিম্ন পৃষ্ঠীয় পিণ্ড (নীলা)
লেটিন Cerebrum
তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
সিৰা Internal carotid arteries, vertebral arteries
ধমনী Internal jugular vein, cerebral veins, external veins, basal vein, terminal vein, choroid vein, cerebellar veins
Precursor নিউৰেল নলী (Neural tube)

মানৱ মস্তিষ্ক (human brain) মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত। ডাঙৰ প্ৰাণী যেনে তিমি আৰু হাতীৰ মগজুৰ আকাৰ ডাঙৰ, কিন্তু দেহৰ আকাৰৰ জোখক সামৰি আপেক্ষিক মস্তিষ্ক আকাৰ চালে মানুহৰ মগজু ডলফিনতকৈ প্ৰায় দুগুণ আৰু চিম্পাঞ্জীতকৈ প্ৰায় তিনিগুণ ডাঙৰ। চেৰিব্ৰেল কৰ্টেক্স, বিশেষকৈ অগ্ৰ পিণ্ডই (frontal lobe) মস্তিষ্কৰ অধিক অংশ অধিকাৰ কৰে। এই পিণ্ড আত্ম-নিয়ন্ত্ৰণ, পৰিকল্পনা, যুক্তি, বিমূৰ্ত ভাৱ আদি কাৰ্য সমাধা কৰে। দেখা পোৱা কাৰ্যত জড়িত মগজুৰ অংশ মানুহৰ ক্ষেত্ৰত আন প্ৰাণীতকৈ বহু ডাঙৰ।

মস্তিষ্কৰ অধিক অংশ আৱৰি চেৰিব্ৰেল কৰ্টেক্স নামৰ স্নায়ু কলাৰ এটা মোটা স্তৰ থাকে। একে আয়তনতে পৃষ্ঠাভাগৰ কালি বৃদ্ধি কৰিবলৈ এই স্তৰটোত বহু ভাঁজ থাকে। ভাঁজবোৰৰ শৈলী সকলোৰে মহজুতে প্ৰায় একেই, মাত্ৰ সৰু-সুৰা বিভিন্নতা থাকে। কৰ্টেক্সক চাৰিটা পিণ্ডক ভগোৱা হৈছে – অগ্ৰ পিণ্ড (frontal lobe), পাৰ্শ্ব পিণ্ড (parietal lobe), নিম্ন পাৰ্শ্বীয় পিণ্ড (temporal lobe), আৰু নিম্ন পৃষ্ঠীয় পিণ্ড (occipital lobe)। কিছুমান শ্ৰেণীবিভাজনত লিম্বিক পিণ্ড আৰু ইন্‌চুলাৰ কৰ্টেক্সকো অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিটো পিণ্ডতে অসংখ্য কৰ্টিকেল স্থান আছে যিবোৰে দেখা, চলন, ভাষা আদি ভিন্ন কাৰ্য সমাধা কৰে। কৰ্টেক্সৰ বাওঁ আৰু সোঁফালটোৰ অবয়ব প্ৰায় একেই আৰু বেছিভাগ কৰ্টিকেল স্থান দুয়োফালতে থাকে। কিন্তু কিছুমান স্থান যেনে ভাষাৰ লগত জড়িত স্থানসমূহে এটা ফালে অধিক সক্ৰিয়তা দেখুৱায়। প্ৰায়বোৰ মানুহৰে মগজুৰ বাওঁফালটো ভাষাৰ ক্ষেত্ৰত প্ৰভাৱী (dominant) আৰু সোঁফালটোৱে নূন্যতম সক্ৰিয়তা দেখুৱায়। আনহাতে দৃশ্য-স্থান ক্ষমতাৰ (visual-spatial ability) বাবে সাধাৰণতে সোঁফালটো প্ৰভাৱী।

মগজুক কৰোটিৰ শকত হাড়ে সুৰক্ষা দিয়ে, চেৰিব্ৰ'স্পাইনেল ৰসে ওপঙাই ৰাখে আৰু ৰক্ত-মস্তিষ্ক প্ৰতিবন্ধক-এ (blood–brain barrier) তেজৰ সাধাৰণ প্ৰৱাহৰ পৰা আঁতৰাই ৰাখে। তথাপিও মানুহৰ মস্তিষ্কৰ নানা ক্ষতি আৰু ৰোগ হ'ব পাৰে। যেনে শাৰীৰিকভাৱে মূৰৰ আঘাত, ষ্ট্ৰ'ক বা নিউৰ'টক্সিনৰ দৰে কাম কৰা ৰাসায়নিক পদাৰ্থই মগজুৰ ক্ষতি কৰে। জৈৱিক প্ৰতিবন্ধকে বাধা দিয়া বাবে মগজুৰ সংক্ৰমণ সতকাই নহয়। নিউৰ'ডিজেনেৰেটিভ ৰোগ যেনে পাৰ্কিন্‌ছন্‌ছ ৰোগ আৰু আল্‌ঝেইমাৰ্ছ ৰোগৰ ফলতো মগজুৰ ক্ষতি হয়। মগজুত টিউমাৰ হোৱাও দেখা যায়।

মগজুৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা কৌশল মানুহ আৰু অন্য প্ৰাণীৰ বাবে একে নহ'ব পাৰে। মানুহৰ মগজুৰ অধ্যয়নৰ বাবে চিকিৎসা বিজ্ঞানত "ফাংচনেল নিউৰ'ইমেজিং" আৰু "ইলেক্‌ট্ৰ'এন্‌চেফাল'গ্ৰাফী" আদি ব্যৱহাৰ হয়। মানৱ মস্তিষ্কৰ সম্পূৰ্ণ কাৰ্যপ্ৰণালী বুজি পোৱাটো আধুনিক স্নায়ুবিজ্ঞানৰ বাবে এক প্ৰত্যাহ্বান।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

Jump the queue or expand by hand

বাহ্যিক সংযোগ[সম্পাদনা কৰক]