মালতী মেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মালতী মেম (ইংৰাজী: Maloti Mem) ওৰফে মুংৰী ওৰাং মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেঁৱেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ৷ মুংৰী ওৰাং লালমাটি চাহবাগিছাৰ শ্ৰমিক আছিল৷ অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা ’মদ নিবাৰণী’ কাৰ্যত অংশ গ্ৰহণ কৰি পুলিচৰ গুলীত মৃত্যু মুখত পৰে৷[1] মালতী মেম মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত গঢ়ি উঠা চাহ-বাগিছাৰ মদ-নিবাৰণী সংস্থাৰ কৰ্মী আছিল৷[2] এই কাৰ্যৰ বাবেই পুলিচৰ গুলীত ১৯২১ চনত মালতী মেম শ্বহীদ হৈছিল৷[3][4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰী". https://www.sarothiasom.in/2022/04/20/assamese-women-in-independence-movement/। আহৰণ কৰা হৈছে: 21 August 2023. 
  2. "স্বাধীনতাৰ বাবে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰা....". https://prathamkhabartv.com/women-mutyr-of-assam/। আহৰণ কৰা হৈছে: 21 August 2023. 
  3. "দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা.....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 21 August 2023. 
  4. "Malati Mem". https://amritmahotsav.nic.in/unsung-heroes-detail.htm?308। আহৰণ কৰা হৈছে: 21 August 2023.