সমললৈ যাওক

মাৰুণী নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰুনী নৃত্য পৰিবেশন কৰি থকা এগৰাকী যুৱতী

মাৰুনী নৃত্য (ইংৰাজী: Maruni) অসমত বসবাস কৰা গোৰ্খা নেপালীসকলৰ এক লোকনৃত্য৷ এই নৃত্য অসমৰ উপৰি নেপাল, দাৰ্জিলিং, ভূটান, ম্যানমাৰ আদিত যথেষ্ট জনপ্ৰিয়৷ মাৰুণী নৃত্য আদিতে মগৰ সম্প্ৰদায়ৰ নৃত্য আছিল, কিন্তু পাছলৈ নেপালী জনগোষ্ঠীৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ লোকেও ইয়াক গ্ৰহণ কৰে৷[1] নেপালী সংস্কৃতিৰ প্ৰায়বোৰতে বৈদিক সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা যায় যদিও জাতীয় স্বকীয়তা বৰ্তি থকা মাৰুণী নৃত্যৰ নেপালী লোকসংস্কৃতিত এক বিশেষ স্থান আছে৷ এই নৃত্য আঁউসীত আৰম্ভ কৰি একাদশীত শেষ কৰা হয়৷ ’দশৈ’ বা দুৰ্গাপূজা আৰু তিহাৰ বা দীপাৱলীৰ সন্ধিক্ষণত এই নৃত্য অনুষ্ঠিত কৰা হয়৷ এই সময়ত মাদলে নৃত্য আৰু সোৰঠী নৃত্য আদিও অনুষ্ঠিত কৰা হয়৷ [2] মাৰুনী নৃত্যৰ লুপ্তপ্ৰায় অৱস্থালৈ চাই এই নৃত্য বৰ্তমান বিভিন্ন পৰিৱেশত পৰিৱেশন কৰা হয়৷ মাৰুণী নৃত্য পুনৰুজ্জীৱিত কৰাৰ বাবে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী নানা ঠাইত অনুস্থিত কৰা হয়৷[3] এই নৃত্য পৰিৱেশন কৰাৰ আগতে (ঢটৱাৰ)বহুৱা ওলোৱা নিয়ম৷ বহুৱাই নানা হাস্যকৰ অংগীভংগীৰে নাচটোক অধিক আকৰ্ষণীয় কৰি তোলে৷ এই নৃত্য তিনিটা প্ৰধান চৰিত্ৰ হ’ল, মাদল বাদক, বহুৱা আৰু মাৰুণী৷ বাকী সহযোগী নৃত্য শিল্পীয়ে নৃত্যটিৰ ভাৱ প্ৰকাশত সহযোগ কৰে৷

বিশেষত্ব[সম্পাদনা কৰক]

মাৰুনী নৃত্যৰ বিশেষ বৈশিষ্ট হ’ল, আদিতে মহিলাৰ সাজ পিন্ধি পুৰুষসকলেহে নৃত্য কৰিছিল৷ অৱশ্যে বৰ্তমান এই নৃত্যত পুৰুষ, মহিলা উভয়েই অংশ গ্ৰহণ কৰে৷ আন এক বৈশিষ্ট হ’ল, এই নৃত্য আৰম্ভণি এটা গীতেৰে, নৃত্যৰে বস্ত্ৰ পৰিধান কৰোঁতে এটা গীতেৰে আৰু সামৰণী আন এটা গীতেৰে কৰা হয়৷ বহুৱাৰ লগতে ঢুলীয়া আৰু নৃত্যশিল্পীসকল আঁতৰি যাওঁতে বেলেগ বেলেগ গীত গাই আঁতৰি যায়৷ মাদল বাদকৰ নিৰ্দেশ অনুসাৰে নৃত্যশিল্পীসকলে বৃত্তাকাৰে নৃত্য পৰিৱেশন কৰে৷ নেপালীসকলৰ জনপ্ৰিয় ’শোৰঠী’ নৃত্য-গীতো এই মাৰুনী নৃত্যৰে ভিতৰুৱা৷[4]

বস্ত্ৰ-অলংকাৰ[সম্পাদনা কৰক]

মাৰুণী নৃত্যৰ শিল্পীসকলে কেৱল সোঁভৰিত ঘুংগৰু পিন্ধাৰ নিয়ম৷ নৃত্যশিল্পীসকলে কপালত পিন্ধা অলংকাৰ ’শিৰবন্ধী’, কাণৰ অলংকাৰ ’ঢুংৰী’, ডিঙিৰ অলংকাৰ ’কণ্ঠচূৰা’, ভৰিত পিন্ধা ’কল্লী’, নাকৰ অলংকাৰ ’বুলাকী’ পিন্ধি মহিলাৰ বিভিন্ন সাজো পৰিধান কৰে৷ এই নৃত্যত ’ঢোলী’ (নেপালী মহিলাই ব্যৱহাৰ কৰা জাতীয় কাপোৰ), ’ঘাগ্ৰা’ (কঁকালৰ পৰা ভৰিলৈকে পৰা এবিধ কাপোৰ, ’পচৌৰী’ (চেলেং) আৰু মূৰত এডোখৰ ৰঙীন কাপোৰ মাৰে৷[5]

বাদ্য[সম্পাদনা কৰক]

মাৰুণী নৃত্যৰ প্ৰধান বাদ্য মাদল৷ মাদল আৰু বহুৱা অবিহনে এই নৃত্য অসম্পূৰ্ণ হৈ ৰয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lalwani, Ramesh. "Maruni Dance Sikkim-005". https://www.flickr.com/photos/ramesh_lalwani/10817827785. >
  2. নেপালী জনজীৱনৰ ৰূপৰেখা, ডম্বৰ ডাহাল, অসম সাহিত্য সভা পত্ৰিকা, সমন্বয় বিশেষ সংখ্যা, ২০১০
  3. অগ্ৰদূত, ১৯ জুন ২০১৯
  4. অসমৰ থলুৱা নেপালী সংস্কৃতিত ঝাউৰে আৰু শোৰঠী গীতি-নৃত্য, শ্ৰীমন বাহাদুৰ চেত্ৰী, অসমৰ সংস্কৃতি: বৈচিত্ৰ আৰু সমন্বয়; সম্পা: বগেন গগৈ
  5. নেপালী লোকসংস্কৃতিত গোটাচেৰেক কথা, খগেন্দ্ৰ দাহাল, অসম সাহিত্য সভা পত্ৰিকা, সমন্বয় বিশেষ সংখ্যা, ২০১০