মিচিং লোকগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মিচিং সকলৰ গীতি সাহিত্যৰ ভঁৰাল বিভিন্ন মৰ্মস্পৰ্শী গীতৰ সুৰেৰে সমৃদ্ধ। গ্ৰাম্য জীৱনৰ চিৰন্তন অনুভূতি, প্ৰকৃতি স্পৃহা, চহা ভাষাৰ প্ৰাচুৰ্য, তাৰুণ্যৰ ভাৱোচ্ছাস, মিলনৰ বাসনা আদি মিচিং লোকগীতৰ বৈশিষ্ট্য। চমুকৈ কবলৈ গ'লে মিচিং লোকগীতবোৰ মিচিং জনজীৱনৰ এক জীৱন্ত চিত্ৰ বহন কৰে। অজান ৰচিয়তা আৰু অনামী গায়কৰ কণ্ঠৰ পৰা নিগৰি সাধাৰণ লোকৰ মুখে মুখে বাগৰি অহা যুগ যুগান্তৰৰ প্ৰাণ প্ৰাচুৰ্যৰে ভৰি আছে মিচিং লোকগীতবোৰ। কল্পনাৰ কল্পলোকত বিচৰণ কৰা চহা জীৱনৰ সাৰুৱা হৃদয়ত সৰ্বকালে লহপহকৈ বাঢ়ি থকা লোকগীতবোৰ কল্পনা বিলাসৰ সেউজেৰে চিৰকালেই সজীৱ। বিভিন্ন পৰিৱেশত গোৱা লোকগীতবোৰৰ বিষয়বস্তুলৈ চাই মিচিং লোক গীতবোৰক পাঁচটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল -- ১\ অনুষ্ঠানমূলক ২\ কথোপ-কথনমূলক ৩\ বিননিমূলক ৪\ কৰ্মবিষয়ক ৫\ বিবিধ বিষয়ক গীত

১\ অনুষ্ঠানমূলক গীত :- অনুষ্ঠানমূলক মিচিং লোক গীত তিনিবিধ-- (ক) আঃবাং (খ) মিদাং নিঃতম্ আৰু (গ) বৃঃৰৃগ্বা বৃৰ্দুগ্নিঃতম্। (ক)আঃবাং:- মিচিং ভাষাত "আঃবাং" শব্দটো এক গুৰু গম্ভীৰ পৰিৱেশৰ সূচক। মিবুয়ে গোৱা গীতকে আঃবাং বোলা হয়। এই গীত গোৱাৰ পৰিৱেশ আৰু গীতৰ অৰ্ন্তনিহিত অৰ্থ অতি গভীৰ। আঃবাং দুই প্ৰকাৰৰ। মিবু আঃবাং আৰু মিৰৃ আঃবাং। আঃবাং সহজ সৰল জনসাধাৰণে গোৱা বাস্তৱ অভিজ্ঞতাৰ সুৰীয়া প্ৰকাশ নহয়, ই হ’ল বিশ্ব ব্ৰক্ষ্মাণ্ড সম্পৰ্কীয় মিচিং লোক বিশ্বাসৰ সুৰীয়া অভিব্যক্তি, ৰহস্যভেদ জিজ্ঞাসাত মিবুৱে অপাৰ্থিৱ জগতত বিচৰণ কৰাৰ সাৱলীল বৰ্ণনা। মিচিং সমাজে বিশ্বাস কৰে যে মিবু বা মিৰৃ সাধাৰণ মানুহৰ শাৰীৰ নহয়; দৈৱিক শক্তিসপন্ন। সেই কাৰণে মিবুৱে দৈৱিক শক্তিৰে শক্তিবান হৈ পৰ্বত পাহাৰ, নৈৰ জলধাৰ পাৰ হৈ জন্তুৰ ৰাজ্যত জন্তু হৈ, পক্ষীৰ ৰাজ্যত পক্ষী হৈ প্ৰগত আত্মাৰ লগত কথা পাতিব পাৰে, অপায় অমঙ্গলৰ কাৰণে সুধি জানিব পাৰে আৰু তাৰ নিৰাময়ৰ পথৰো সন্ধান দিব পাৰে।

মিবু আঃবাং যিকোনো সময়ত যিকোনো পৰিৱেশত গোৱা গীত নহয়। ইয়াক সধাৰণতে মিবু দাগ্নাম্বা মিবু চুম্নাম্ অনুষ্ঠানতহে গোৱা হয়। এই অনুষ্ঠান উপলক্ষে সংশ্লিষ্ট গৃহস্থ বা গাঁৱৰ ৰাইজে মিবুক যথাৰীতিৰে নিমন্ত্ৰণ কৰিব লাগে। (খ) মিদাং নিঃতম্:-- মিদাং নিঃতম্‍ হ'ল বিয়াৰ গীত বা বিয়া নাম। অসমীয়া হিন্দু বিবাহত গোৱা বিয়া নামত প্ৰকাশ কৰাৰ দৰে মিচিং মিদাং নিঃতম্ পবিত্ৰ মিলনৰ বিষয় বস্তু প্ৰকাশ কৰা নহয়। তাৰ পৰিৱৰ্তে অসমীয়া যোৰা নামৰ দৰে কন্যাৰ ৰূপ মাধুৰ্য বৰ্ণনা কৰাৰ লগতে কন্যাক ব্যঙ্গাত্মক বক্ৰোক্তিহে কৰা দেখা যায়। তদুপৰি কন্যাক আদৰিবলৈ লোৱা যাৱতীয় প্ৰস্তুতিৰ ইঙ্গিতো মিদাং নিঃতম্ অত পোৱা যায়। (গ) বৃঃৰৃগ্বা বৃৰ্দুগ্নিঃতম্:- বৃঃৰৃগ্বা বৃৰ্দুগ্মানে ঋতু। এতেকে বৃঃৰৃগ্বা বৃৰ্দুগ্ নিঃতম্ মানে ঋতুগত গীত। অৰ্থাৎ এনে ধৰণৰ গীতবোৰে বছৰৰ সকলো সময়তে গোৱা নহয়, বিশেষ এটা ঋতুত বিশেষ এক অনুষ্ঠান আৰু উত্সৱ উপলক্ষেহে গোৱা হয়। মিচিং সকলৰ কৃষি উত্সৱ আলিয়াই লৃগাঙত গোৱা হুঁচৰি গীতটো তেনে ধৰণৰ গীত।

মদাৰ ফুলিলে, শিমলু ফুলিলে, বাউলী বতাহ ছাটিয়ে মিচিং কনেঙৰ আঁচল খহালে লৃগাঙৰ দিন আহে। ফাগুনৰ প্ৰথম বুধবাৰে ঢোলৰ "গুম্ৰাগ্ গুম্ৰাগ্" ধ্বনিৰে মুখৰিত হয় মিচিং গাঁও। ফাগুনৰ পচোৱাত গছ-বিৰিখবোৰ হালিজালি থকাৰ দৰে প্ৰাণোচ্ছল ডেকা গাভৰুৱে হাতে হাতে ধৰি বৃত্তাকাৰে ঘূৰি এক বিশেষ ভঙ্গিমাত নাচি নাচি গায় বৃৰ্দুগ্নিঃতম্। কেৱল সেয়ে নহয়; মৰণশীল মানুহৰ জীৱনৰ নিষ্ঠুৰতম সত্যও বৃৰ্দুগ্নিঃতমৰ যোগেদি প্ৰকাশ কৰা হয়। ২\ কথোপ-কথনমূলক গীত:-

এই শ্ৰেণীৰ গীত হ'ল প্ৰেমিক-প্ৰেমিকা বা গায়ক-গায়িকাৰ দলৰ মাজত গীতেৰে প্ৰকাশ কৰা প্ৰশ্নোত্তৰ। মিচিং ভাষাত এই শ্ৰেণীৰ গীতক “লুপ নিঃতম্” বোলা হয়। এই শ্ৰেণীৰ গীতৰ বিষয়-বস্তু প্ৰশ্নোত্তৰৰ মাজেদি আগবাঢ়ি যায়। "তৌব- তৌবাং" নামৰ গীতটি এই শ্ৰেণীৰ গীতৰ উত্কৃষ্ট উদাহৰণ। সেইদৰে "চৌললই" নামৰ প্ৰব্ৰজন বিষয়ক গীতৰ প্ৰথম অংশটোৱেও এই শ্ৰেণীৰ গীতৰ বৈশিষ্ট্য বহন কৰে।

৩\ বিননিমূলক গীত :-

বিননিমূলক গীতবোৰক মিচিং ভাষাত "কাবান্" বোলা হয়। কাবান্‍ গীতবোৰ বিষাদ বেদনাৰ চকুলোৰ সদায়েই সিক্ত। ৰূপতাত্বিক দিশৰ পৰা চালে "কাবান্" শব্দটো "কাব (কান্দ)" ধাতুৰ লগত 'আন' প্ৰত্যয় যোগ হৈ গঠন হৈছে। সেয়েহে অতি স্বাভাৱিকভাৱে কাবান্‍ গীতৰ যোগেদি মিচিং লোক জীৱনৰ কৰুণ দিশটো উন্মোচিত হয়। বিষয় বস্তুৰ ফালৰ পৰা কাবান্ গীত সমূহক দুভাগত ভগাব পাৰি-কাহিনীমূলক আৰু বৰ্ণনামূলক।

কাহিনীমূলক কাবান্‍ গীত:- কাহিনীমূলক কাবান্‍ গীতক মিচিং ভাষাত দঃয়িং কাবান্‍ বোলা হয়। দঃয়িং কাবান্‍ অৰ বাহিৰে আনবিলাক কাবান্‍ কাহিনী গীতৰ গুণগত বৈশিষ্ট্য সমূহ, যেনে- আৰম্ভণি, মধ্য আৰু পৰিণতি নাথাকে। সেইবোৰ পৰিকাঠামোৰ দিশৰ পৰা খাণ্ডিক আৰু অতীতৰ ৰোমন্থনৰ যোগেদি একোটা অশ্ৰুসিক্ত বৰ্ণনা দিয়ে।

আনহাতে বিষয় বস্তুৰ ফালৰ পৰা দঃয়িং কাবান্‍ বোৰ কাহিনী গীত বা মালিতা বা বেলাডৰ সৈতে একে। সাধাৰণতে সমাজৰ কোনো ব্যক্তি অথবা এহাল তৰুণ তৰুণীৰ প্ৰণয়মূলক কাহিনীক কেন্দ্ৰ কৰি একোটা কৰুণ কাহিনী ৰচিত হয় আৰু তাকে মৰ্মভেদী সুৰত সহজ সৰল ভাষাত গীতৰ আকাৰত ব্যক্ত কৰা হয়। অসাধাৰণতা আৰু দুঃসাহসিকতা এই ধৰণৰ গীতৰ উপজীৱ্য। বিষয়বস্তু কোনো ব্যক্তি বিশেষৰ মাজত সীমাবদ্ধ হ'লেও ই মানৱ জীৱনৰ দুঃখ বেদনাৰ সাৰ্বজনীন অনুভূতিৰ অভিব্যক্তি। "গে'লা গাঃম'ৰ গীত", "বিনোদ-পিপ্লি'ৰ গীত", "দেউলৰ-দেন্তালিঃ'ৰ গীত" অদি এই ধৰণৰ গীত।

বৰ্ণনামূলক কাবান্‍ গীত :- বৰ্ণনামূলক কাবান্‍ গীতবোৰ হ'ল -

১\ দঃব কাবান্ ২\ মেঃব বা চৃঃচাং কাবান্ আৰু ৩\ য়াবান্


১\ দঃব কাবান্:- প্ৰ্কৃতিগতভাৱেই মানুহ সামাজিক প্ৰাণী। কোনো ব্যক্তি সমাজৰ উৰ্দ্ধত নহয়। একে সময়ত মানুহে সমান্তৰালভাৱে দুটা সংগ্ৰাম কৰিবলগীয়া হয়- ব্যক্তিগত আৰু সামূহিক বা সামাজিক। সামগ্ৰিক সমাজ ব্যৱস্থাই ব্যক্তিগত প্ৰয়াসক নিয়ন্ত্ৰন কৰে। এই সামগ্ৰিক সমাজ ব্যৱস্থাৰ ফলস্বৰূপে ব্যক্তিগত জীৱনৰ আশা আকাংক্ষা স্তিমিত হয়, ব্যক্তি বিশেষে ভৱাৰ দৰে বাস্তৱ পৰিচালিত নহয়। সপোন ভাঙি যায়, সপোন আৰু বাস্তৱৰ মাজত বিসঙ্গতিয়ে দেখা দিয়ে। তেনে বিসঙ্গতি কিম্বা দুখ দাৰিদ্ৰ্য আৰু সপোন ভঙাৰ বেদনাদায়ক পৰিঘটনাৰাজি মিচিং লোক সমাজে পিতৃ-মাতৃৰ ভুল কৰ্ম নাইবা আপোন ভাগ্যৰ পৰিহাস বুলি বিশ্বাস কৰে। তেনে বিশ্বাসৰ আধাৰতে চৰম আত্মধিক্কাৰত দুৰ্দশাৰ বৰ্ণনা দি কৰুণ সুৰেৰে গোৱা গীতবোৰেই হৈছে "দঃব কাবান্"। দঃব কাবানৰ বিষয় বস্তু আৰু প্ৰকাশভঙ্গী ব্যক্তিনিষ্ঠ।

২\ মেঃব চৃচাং কাবান্:- অনাবিল প্ৰেম, অকৃত্ৰিম ভালপোৱাৰ মাজেদি হিয়া দিয়া হোৱাৰ পাচতো বাস্তৱৰ সংঘাতে প্ৰেমিক প্ৰেমিকাৰ সপোনৰ সাতৰঙী কাৰেং ভাঙি চুৰমাৰ কৰে। ফলত স্বপ্নৰ গতিপথ ৰুদ্ধ হয়, প্ৰণয়ৰ সমুদ্ৰ মন্থনত গৰলৰ আবিৰ্ভাৱ হয়। ব্যৰ্থ প্ৰেমৰ অসহনীয় যন্ত্ৰণাত প্ৰেমিক অথৱা প্ৰেমিকাৰ স্মৃতি বিজড়িত মনটো ধাৱিত হয় সেই মধুভৰা অতীতৰ সোণালী দিনবোৰলৈ। ৰোমন্থনৰ ছন্দে ছন্দে বিৰহী মনটো উভতি যায় সেই বালিঘৰ সজা, বালিৰ ভাত আৰু বালিৰ আপং খোৱা, প্ৰণয় আৰু যুগ্ম জীৱনৰ আখৰা কৰা, দৰা কইনা সাজি ধেমালি কৰা নিস্পাপ শৈশৱৰ মুহূৰ্তবোৰলৈ। তুলনা হয় - সেই অনায়স সঙ্গময় হাঁহিভৰা অতীতটো জনভিৰৰ মাজতো অনুভৱ কৰা শূণ্যময় নিঃসঙ্গতাৰে ভৰা বৰ্তমানটোৰ লগত। স্বাভাৱ কবি মিচিং ডেকা-গাভৰুৱে তাকেই একোটা বেদনাদায়ক সুৰেৰে গাই বিষাদৰ বোজা পাতলায়। এই ধৰণৰ কাবান্‍ গীতবোৰক মৌঃব বা মেঃব বা চৃঃচাং কাবান্‍ বোলা হয়। যাবান্…: যাবান্…বোৰ দৰাচলতে গীত নহয়; কান্দোনহে। এক বিশেষ শৈলীত মৰ্মস্পৰ্শী সুৰত প্ৰকাশ কৰাৰ কাৰণে এইবোৰকো গীতৰ শাৰীত অৰ্ন্তভুক্ত কৰা হৈছে। যাবান্‍ বোৰ পুৰষৰ কান্দোন নহয়; নাৰীৰহে কান্দোন। যাবানবোৰক দুভাগে ভগাব পাৰি—যাম্…নী কাৱনাম্… আৰু কাবনাম্…।

মানুহৰ জীৱন পৰিক্ৰমাত জন্মৰ পাচত বিবাহ আৰু মৃত্যু হৈছে আটাইতকৈ উল্লেখযোগ্য পৰিঘটনা। শৈশৱ গ’লে কৈশোৰ আহে, আহে যৌৱন। বাৎসল্য প্ৰেমৰ ডেউকাৰ ছাঁত ডাঙৰ দীঘল হৈ মিচিং হৈ পৰে বিবাহযোগ্যা। বিয়াত কইনাক উলিয়াই দিওঁতে কইনাই শৈশৱৰে পৰা খেলি অহা ঘৰৰ ধূলি-বালি, প্ৰতিবেশীৰ স’তে কৰা ধেমালি প্ৰতিখিলা দুবৰিৰ পাত আত্মীয় স্বজনৰ মৰমৰ মাত, নিতৌ গধূলি পানী তোলা ঘাট, আবেলি সাজি কাচি দাপোন চোৱা চাং আদিত আহিব লগা সম্ভাৱ্য শূণ্যতা আদিৰ কৰুণ বৰ্ণনাৰে এক বি…শেষ সুৰত বিনায়। সেয়ে হৈছে ‘যাম্…নী কাৱ…নাম’।

মৃত্যু মানুহৰ অনাবৃত তথ্য, সৰ্বজ্ঞাত সত্য অতি আপোনজনকো এদিন কালে হৰি নিয়ে। তথাপি মৃত্যু সকলোৰে বাবে সদায়েই বেদনাদায়ক। প্ৰিয়জনক হেৰুৱাৰ বেদনাই জীৱিতজনৰ হিয়া শোকজৰ্জৰ কৰে। তেতিয়াই জী…ৱিত নাৰীয়ে মৃত্যুক জীৱিত অৱস্থাত কৰা কাম কাজ আৰু তেওঁৰ মাত কথা, ভাৱ-ভঙ্গী, প্ৰেম-প্ৰীতি আদিৰ হৃদয়বিদাৰক বৰ্ণনাৰে এক বিশেষ সুৰত কান্দে। তাকে কাব্…নাম বোলা হয়। …৪/ কৰ্মবিষয়ক গীত--

মিচিং লোকগীত সমূহৰ ভিতৰত ভালে সংখ্যক গীত কৰ্মবিষয়ক আওতাত সামৰা হৈছে। এই দুবিধ হৈছে কঃ নিঃনাম (নিচুকনি গীত) আৰু লত্…তা চঃমান (চোতালত ধেমালি কৰা গীত)। এই দুবিধৰ উপৰিও শিশু উমলোৱা, ধেমেলীয়া গীত আদি অলেখ গীত এতিয়াও অসংগৃহীত অৱস্থাত আছে।

কঃ নিঃনাম বা বৃনি নিঃতম্…-

ক নিঃনাম বা বৃনি নিঃতম্… হল নিচুকনি গীত। উল্লেখযোগ্য যে মিচিং তিৰোতা সদায় কৰ্ম ব্যস্ত। সেয়েহে, তেওঁলোকে শিশু ওমলাবলৈ আহৰি নাপায়। শিশু ওমলাবৰ বাবে প্ৰতিৱেশী বা কোনো আত্মীয় লোকৰ পৰা এজনী কম বয়সীয়া ছোৱালী আনি ৰাখে। সেই ছোৱালীজনীক ‘নীবৃং’ বোলা হয়। মাক বাপেকৰ অনুপস্থিতিত শিশুটি কান্দিলে নীবৃঙে প্ৰকৃতিৰ নানা তৰহৰ বস্তুৰ ৰিজনি দি যিয়ে কন্দুৱাইছে তাৰ উপৰত প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দি নিস্পাপ শিশুমনত শান্ত্বনা দিয়ে। লত্…তা চঃমান- ‘লত্…তা চঃমান’ শব্দৰ শব্দগত অৰ্থৰ ফালৰ পৰা বিচাৰ কৰিলে ইয়াত যি ধৰনৰ গীতৰ বিষয়ে আলোচনা কৰা হৈছে সি পৰিস্কাৰ নহয়। ‘লত্…তা চঃমান’ৰ শব্দগত অৰ্থ হল- ‘লত্…তা’ মানে চোতাল আৰু ‘চঃমান’ মানে ধেমালি। কিন্তু এই গীতৰ বিষয় বস্তু হল পাহাৰৰ পৰা ভৈয়ামলৈ মিচিং সকলৰ আগমন। তাকে বৰ্ণনা কৰোঁতে বাটত লগ পোৱা বাধা বিঘিনি, পৰিধান কৰা সাজ পোছাক আদিৰ বিষয়েও উল্লেখ কৰি প্ৰশ্নোত্তৰৰ ৰূপত পৰিৱেশন কৰা হয়। এই গীতটো কৰ্মব্যস্ত লোক-সমাজে পৰিশ্ৰম কৰি কৰি ভাগৰি পৰিলত পথাৰতে জিৰণি লওঁতে গাইছিল। কেতিয়াবা জোনাক ৰাতি ঘৰৰ চোতালত একেলগে বহি গাইছিল। সেই কাৰণে এই গীতটিৰ লগত কোনো ধৰণৰ বাদ্য সঙ্গত কৰা নহয়। মাত্ৰা খৰ হোৱাৰ লগে লগে মাটিত চাপৰি বাই বাই তাল ৰক্ষা কৰা হয়। এই গীতটো ‘চলিলই নিঃতম’ নামেৰেও খ্যাত। ইয়াৰ আৰম্ভণী অংশ কথোপ-কথনমূলক আৰু শেষাংশ প্ৰেৰণামূলক। এই গীতটি শ্ৰম ক্লান্তিৰ সময়ত আকৌ কৰ্মপ্ৰেৰণা লাভৰ বাবে গোৱা হৈছিল। ৫/ বিবিধ বিষয়ক গীত--

বিবিধ বিষয়ক গীতৰ শাৰীত প্ৰধানকৈ ‘অই নিঃতম্…’, ‘লীৰীলি’ আৰু ধেমেলীয়া গীতবোৰ সামৰিব পাৰি। কাৰণ অই নিঃতমবোৰ মূলতঃ প্ৰণয়মূলক গীত যদিও সেইবোৰ কোনো বিশেষ বিষয়ৰ পৰিধিৰ ভিতৰত সীমাৱদ্ধ নহয়। সেইদৰে ‘লীৰীলিঃ’ গীতবোৰ বৰ্ণনামূলক আৰু ধেমেলীয়া গীতবোৰৰ বিষয়বস্তুও ভিন্নমুখী। অই নিঃতম- ‘অই নিঃতম’ৰ শব্দগত অৰ্থ এনেধৰণৰ—‘অই’ মানে কনিষ্ঠজন, প্ৰিয়জন, আপোনজন, চেনেহী ইত্যাদি। আনহাতে ‘নিঃ তম্…’ শব্দটো ‘নিঃ’ বা ‘নিং’ ধাতুৰ লগত ‘–তম্’ প্ৰত্যয় যোগ হৈ ‘নিঃতম্…’ শব্দটো গঠিত হৈছে। নি বা নিং ধাতুৰ অৰ্থ হ’ল--নিচুকা, শান্ত্বনা দে, প্ৰবোধ দে। ‘–তম্…’ প্ৰত্যয়টো সাধাৰণতে কাৰোবাৰ উদ্দেশ্যে নিৰ্দিষ্ট বা উসৰ্গিত সূচাবৰ বাবে ধাতুত যোগ দিয়া হয়। এতেকে ‘অই নিঃতম’ৰ ৰূপকাৰ্য হ’ল প্ৰিয়জনৰ উদ্দেশ্য গো…ৱা গীত বা সংক্ষেপে প্ৰণয় গীত।

মিচিং লোকগীত সমূহৰ ভিতৰত অই নিঃতম হল সৰ্বাধিক জনপ্ৰিয় গীত। অৱশ্য একালত ইয়াক অশালীন গীতৰূপে বিবেচনা কৰা হৈছিল। সেয়েহে ইয়াক জনসমাজত গোৱাটো লজ্জাৰ বিষয় আছিল। মিচিং সমাজখন কৃষিজীৱি সমাজ। প্ৰকৃতি জগতৰ অফুৰন্ত বৈচিত্ৰ্যই তেওঁলোকৰ মন উদ্বাউল কৰে। স্বভাৱ কবি মিচিং ডেকা গাভৰুৱে প্ৰকৃতিৰ সৌন্দৰ্য-সুষমাত নিজক আৱিস্কাৰ কৰাৰ প্ৰয়াস কৰি আৱেগৰ বীণৰ তাঁৰত অজানিতেই তোলে সুৰৰ ঝংকাৰ। ধেমেলীয়া গীত--

ধেমেলীয়া গীতবোৰ সাধাৰণতে সৰু লৰা-ছোৱালীৰ মাজতে আৱদ্ধ যদিও বহু সময়ত বয়সস্থ লোকেও অতীত ৰোমন্থন কৰি গোৱা দেখা যায়। তদুপৰি ককাক বা আইতাকে নাতি-নাতিনীয়েকহঁক গাই শুনাই আনন্দ কৰে। ডেকা সকলেও তেনে গীত গাই পৰিৱেশ হাঁহিমুখৰ কৰি তোলে। লীৰীলি-

‘লীৰীলি’ গীতবোৰ সাধাৰণতে ৰূপে ৰসে ভৰা প্ৰকৃতিৰ সৌন্দৰ্য-সুষমাৰ পৰিৱৰ্তনশীলতাৰ লগত মানৱ জীৱনৰ ক্ষণভঙ্গুৰতাৰ তুলনা বুলিব পাৰি। দেহত যৌৱন থাকোঁতে, প্ৰাণ প্ৰাচুৰ্য থাকোঁতে উপভোগ কৰিবলগীয়া আনন্দ-উছাহ, পালিব লগীয়া কৰ্তব্য আদিৰ বৰ্ণনাৰে এই গীতবোৰত জীৱনৰ আত্মানুসন্ধান কৰা হয়। এই গীতবোৰ একক গীত নহয়, এজাক ডেকা গাভৰুৱে মিলি গোৱা গীতহে। এজনে গাই যায় আৰু অন্য ডেকা গাভৰু সকলে পদ আওৰাই যাব গীতৰ ভাষা ৰূপকাত্মক।

এই সমূহ লোকগীতবোৰে মিচিংৰ সংস্কৃতিৰ পথাৰ ৰসাল কৰি তুলিছে।

তথ্য সূত্ৰ-- ১/ অসমৰ জনগোষ্ঠীয় লোকগীত- ডঃ বসন্ত কুমাৰ দলে ২/ মিচিং জনসংস্কৃতিৰ আঁহে আঁহে- ডঃ গণেশ পেগু

আৰু চাওক[সম্পাদনা কৰক]