মুকুন্দ ৰাজবংশী
মুকুন্দ ৰাজবংশী | |
---|---|
জন্ম | ১৯৪১ , ০১ অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | অসমীয়া |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গণিত বিষয়ত পি.এইচ.ডি |
সহযোগী | অমিয়া ৰাজবংশী |
ড° মুকুন্দ ৰাজবংশী (ইংৰাজী: Dr.Mukunda Rajbongshi) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। বৰ্তমান তেখেত জিনিয়াছ একাডেমীৰ পৰিচালন সম্পাদক হিচাপে কৰ্মৰত৷
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]ডঃ মুকুন্দ ৰাজবংশীৰ জন্ম হৈছিল ১৯৪১ চনৰ ১ নৱেম্বৰ তাৰিখে ,ডিব্ৰুগড়ত।[1]
শিক্ষা
[সম্পাদনা কৰক]ডঃ মুকুন্দ ৰাজবংশীদেৱে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম. এছ.চি. আৰু ১৯৮২ চনত হায়দৰাৱাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।[2]
চাকৰি জীৱন
[সম্পাদনা কৰক]ডঃ মুকুন্দ ৰাজবংশীদেৱ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। বৰ্তমান তেওঁ উত্তৰ লখিমপুৰ অৱস্থিত জিনিয়াছ একাডেমি জুনিয়ৰ কলেজৰ পৰিচালন সম্পাদক।[3]
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]"সফল জীৱনৰ অভিমুখে", "আধুনিক শিক্ষাৰ বালিচাপৰিত"," বিজ্ঞান সংস্কৃতি" আদি।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
- ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
- ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
- ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮