মেক লাভ নট স্কাৰছ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মেক লাভ নট স্কাৰছ (ইংৰাজী: Make Love Not Scars  ; অসমীয়া অৰ্থ: প্ৰেম কৰা, দাগ নহয়) হৈছে নতুন দিল্লীত অৱস্থিত এটা ভাৰতীয় অলাভজনক সংস্থা।[1] এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকৰ বাবে কাম কৰা এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল ৰিয়া শৰ্মাই। তানিয়া সিং এই সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া।[2] সংস্থাটোৱে এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ সম্পূৰ্ণ পুনৰ্বাসনত সহায় কৰে আৰু এচিদ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰা সকলক আৰ্থিক, আইনী আৰু শৈক্ষিক সহায় প্ৰদান কৰে।[3] ২০১৬ চনৰ ৬ নৱেম্বৰলৈকে ই সমগ্ৰ ভাৰততে প্ৰায় ৭০ জন জীৱিত লোকক সহায় কৰিছিল।[4] শেহতীয়াকৈ এই বেচৰকাৰী সংস্থাটোৱে ধন সংগ্ৰহ কৰি ভুক্তভোগীলৈ প্ৰেৰণ নকৰাৰ বাবে নজৰদাৰীত আছে।[5]

ইতিহাস[সম্পাদনা কৰক]

লিডছ কলেজ অৱ আৰ্টৰ ফেশ্বন ছাত্ৰী হৈ থকাৰ সময়তে ২০১৪ চনত ৰিয়া শৰ্মাই মেক লাভ নট স্কাৰছ প্ৰতিষ্ঠা কৰিছিল। চূড়ান্ত বৰ্ষৰ প্ৰকল্পৰ অংশ হিচাপে তেওঁ ভাৰতত এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ লয়। [6] কিন্তু ভাৰতত এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকৰ ভয়াবহ পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পিছত তেওঁ তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে এটা সংগঠন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ‘আইছিচ মাদ্ৰিদ পাব্লিক ৰেডিঅ’ ইণ্টাৰনেশ্যনেল’ক তেওঁ কয় যে,

“তথ্যচিত্ৰখনৰ শ্বুটিং কৰি থাকোঁতে মই চৰকাৰী হস্পিতাল এখনৰ বাৰ্নৱাৰ্ড এটাত যাবলগীয়া হৈছিল। ৱাৰ্ডত যি দেখিলো, তাৰপিছত বহু কথাই চিৰদিনৰ বাবে সলনি হৈ গ'ল। একেলগে ইমান দুখজনক কাহিনীৰ সাক্ষী কেতিয়াও হবলগীয়া হোৱা নাছিল। ইমান বেদনাদায়ক কথাই কেতিয়াও মোক স্পৰ্শ কৰা নাছিল। আপুনি যেতিয়া তেনে পৰিস্থিতি মুখামুখী হয়, আপোনাৰ হাতত দুটা বিকল্প থাকে; হয় আপুনি নিজৰ আৰামদায়ক জীৱনলৈ ঘুৰি যাব, নহ’লে আপুনি আন কাৰোবাৰ জীৱনক আৰমদায়ক কৰিবলৈ চেষ্টা কৰিব।” [7]

প্ৰতিষ্ঠাপকগৰাকীক মিথাক কাজিমীৰ কনভাৰ্চেচন শ্ব’ত দেখা গৈছিল, য’ত ৰিয়াই সামাজিক সক্ৰিয়তাৰ সৈতে যুৱক-যুৱতীসকলক সম্পৰ্কিত হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বাখ্যা কৰিছিল, যাতে যুৱক-যুৱতীসকলে বিভিন্ন সামাজিক ব্যাধি নিৰাময়ত সহায় কৰিব পাৰে।

সমলোচনা[সম্পাদনা কৰক]

এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ বাবে সংগ্ৰহ কৰা ধনৰ অপব্যৱহাৰৰ অভিযোগত সংস্থাটো নজৰদাৰীৰ আওতালৈ আহিছে। মিড-ডে নামৰ এখন বাতৰি কাকতে প্ৰকাশ কৰিছিল যে কেনেকৈ সংস্থাটোৱে ভুক্তভোগীক সহায় কৰাৰ অজুহাতত অনুদান সংগ্ৰহ কৰিছিল আৰু সকলো বা বেছিভাগ টকা আত্মসাৎ কৰিছিল। বাতৰিটো প্ৰকাশ হোৱাৰ পিছত সংস্থাটোৱে ভুক্তভোগীসকলক তেওঁলোকৰ প্ৰাপ্য ধন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। [8] প্ৰতিষ্ঠাপক ৰিয়া শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে মুম্বাই আৰক্ষীয়ে। মিড-ডেক দিয়া ভাষ্যৰ জৰিয়তে ৰিয়াই নিজৰ নিৰ্দোষতা সাব্যস্ত কৰিছিল। অনলাইন মিডিয়া এজেন্সী দ্য লজিকেল ইণ্ডিয়ানই চলোৱা এক তদন্তত দেখা গ'ল যে মিড-ডেৰ তথ্যসমূহ সত্য আধাৰিত নহয়। [9] অৱশেষত ৰিয়াই নিজৰ অফিচিয়েল ফেচবুক হেণ্ডেলত বাতৰি কাকততে অসত্য বাতৰি প্ৰকাশ কৰাক লৈ এক বিবৃতি প্ৰকাশ কৰে। তেওঁৰ পোষ্টটোৱে প্ৰচণ্ড জনসমৰ্থন লাভ কৰে আৰু যাৰ ফলত মিড-ডেই এক বুজাপৰা কৰিব বিচাৰিছিল। [10] মিড-ডেৰ বাতৰিটোত আলোকিত কৰি ডি.এন.এ কাকতে ৰিয়াৰ পক্ষ লয়। [11] ২০১৮ চনৰ জুন মাহত মুম্বাই আৰক্ষীয়ে ৰিয়াক সকলো অভিযোগৰ পৰা মুক্ত কৰে। [5]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Thomas, Maria. "An Indian acid attack survivor is taking her inspiring story to New York Fashion Week" (en-US ভাষাত). Quartz. https://qz.com/762840/an-indian-acid-attack-survivor-is-taking-her-inspiring-story-to-new-york-fashion-week/. 
  2. Shanker, K. Shiva (15 July 2019). "Attack survivors suffer trauma". Thehindu.com. https://www.thehindu.com/news/national/telangana/attack-survivors-suffer-trauma/article28452659.ece। আহৰণ কৰা হৈছে: 28 December 2021. 
  3. Madrid, Isis, Sakuntala Narasimhan, and WeNews Staff. "This 23-year-old woman just opened India’s first rehab clinic for acid attack survivors." Women's eNews. N.p., 6 April 2016. Web. 14 March 2017
  4. "Life beyond the acid burn." The New Indian Express. N.p., n.d. Web. 14 March 2017
  5. 5.0 5.1 "Mumbai: Cheating FIR against NGO founder for duping acid attack victims of lakhs" (en ভাষাত). Mid-day.com. 2018-01-03. https://www.mid-day.com/articles/mumbai-cheating-fir-against-ngo-founder-for-duping-acid-attack-victims-of-lakhs/18884198। আহৰণ কৰা হৈছে: 2019-02-23. 
  6. "Ria Sharma." Leeds College of Art. N.p., n.d. Web. 14 March 2017
  7. "This 23-year-old woman just opened India's first rehab clinic for acid attack survivors." Public Radio International. N.p., n.d. Web. 14 March 2017
  8. "Mumbai: Another acid attack victim claims money from NGO never reached her" (en ভাষাত). Mid-day.com. 2017-11-29. https://www.mid-day.com/articles/mumbai-another-acid-attack-victim-claims-money-from-ngo-never-reached-her/18781189। আহৰণ কৰা হৈছে: 2019-02-23. 
  9. Bagchi, Poorbita (1 December 2017). "Mid-Day Accuses NGO Of Fraudulent Fund Raiser; Facts Read Otherwise". Thelogicalindian.com. https://thelogicalindian.com/fact-check/make-love-not-scars/। আহৰণ কৰা হৈছে: 28 December 2021. 
  10. "Log into Facebook". Facebook.com. https://www.facebook.com/login/?next=https%3A%2F%2Fwww.facebook.com%2Fria13sharma%2Fposts%2F10156278311842990%3F__tn__%3DK-R। আহৰণ কৰা হৈছে: 28 December 2021. 
  11. "Acid attack activist Ria Sharma accuses paper of 'biased reporting' after getting booked for duping victims". Dnaindia.com. https://www.dnaindia.com/india/report-acid-attack-activist-ria-sharma-accuses-paper-of-biased-reporting-after-getting-booked-for-duping-acid-attack-victims-2592485। আহৰণ কৰা হৈছে: 28 December 2021.