মেজেঙা (উদ্ভিদ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মেজেঙা (শাক)ৰ পৰা পুনঃনিৰ্দেশিত)
মেজেঙা
Zanthoxylum oxyphyllum
মেজেঙা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Magnoliopsida
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Zanthoxylum
প্ৰজাতি: Zanthoxylum oxyphyllum
সমাৰ্থক
  • Fagara oxyphylla
  • Zanthoxylum alpinum
  • Z. taliense
  • Z. tibetanum

মেজেঙা বা মেজেঙা পাত (বৈজ্ঞানিক নাম: Zanthoxylum oxyphyllum) এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অংগাৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়। মেজেঙা ঘাইকৈ গুল্মজাতীয় উদ্ভিদ যদিও কেতিয়াবা ইয়াৰ লতাৰ দৰে বগাই যোৱাৰ প্ৰৱণতাও দেখা যায়। পূব এচিয়াৰ দেশসমূহ যেনে দক্ষিণ চীন, ভাৰত, ভূটান, নেপাল, ম্যানমাৰ আদি দেশত মেজেঙা প্ৰাকৃতিকভাৱে হয়। মেজেঙাৰ পাত আৰু ফল ৰন্ধন প্ৰকৰণত সোৱাদ বৃদ্ধি কৰিবলৈ আৰু ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।[1]

বিৱৰণ[সম্পাদনা কৰক]

মেজেঙা গুল্মজাতীয় উদ্ভিদ আৰু ইয়াৰ ঠেঙুলিসমূহ বগাই যোৱাও দেখা যায়। সেমেকা আৰু গ্ৰীষ্মপ্ৰধান ঠাইত এই উদ্ভিদবিধ পৰিলক্ষিত হয়। ইয়াৰ পাতসমূহ দীঘলীয়া আকাৰৰ আৰু মূৰ অংশ জোঙা। পাতত এডাল মুখ্যশিৰাৰ লগতে কেইবাডালো উপশিৰা থাকে। কুমলীয়া পাতসমূহ ৰঙচুৱা বৰণৰ। মেজেঙাৰ ফুলসমূহত পুং আৰু স্ত্ৰী উভয় বিধৰ পুষ্পদণ্ড থাকে আৰু পতংগৰ দ্বাৰা ইয়াৰ পৰাগসংযোগ ঘটে। ফলসমূহ জালুকৰ সমান আকাৰৰ আৰু থোকা হিচাপে লাগে। পূৰঠ ফলসমূহত ৰঙা বৰণ ধৰে। মেজেঙাৰ কাঠ হালধীয়া-বগা ৰঙৰ হয়। চীনা জালুক বা চিছুৱান পিপাৰৰ সৈতে ইয়াৰ ওচৰ-সম্পৰ্ক আছে।[1][2]

ব্যৱহাৰ[সম্পাদনা কৰক]

মেজেঙাৰ কুমলীয়া পাতসমূহ শাক হিচাপে বা জন্তু আদিৰ মঙহৰ লগত ৰান্ধি খোৱা হয়। ইয়াৰ ফলসমূহো ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ বাবে ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা হয়। ফলসমূহ বিভিন্ন ঔষধি গুণসম্পন্ন বুলি গণ্য কৰা হয়। বহু লোকে দাঁ‌তৰ বিষ, হজম নোহোৱা, বাতবিষ আদিৰ উপশম পাবলৈ ইয়াৰ ব্যৱহাৰ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Zanthoxylum oxyphyllum". tropical.theferns.info. http://tropical.theferns.info/viewtropical.php?id=Zanthoxylum+oxyphyllum। আহৰণ কৰা হৈছে: 2 August 2020. 
  2. "Zanthoxylum oxyphyllum". Flora of China (Efloras.org). http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=242355593। আহৰণ কৰা হৈছে: 2 August 2020.