মেথড অভিনয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মেথড অভিনয় (ইংৰাজী: Method acting) হৈছে অভিনয় প্ৰশিক্ষণ আৰু ৰিহাৰ্ছেল কৌশলৰ এক পৰিসৰ যিয়ে আন্তৰিক আৰু আবেগিকভাৱে অভিব্যক্তি প্ৰদৰ্শনক উৎসাহিত কৰিব বিচাৰে। ৰাছিয়ান অভিনেতা-পৰিচালক তথা নাট্যকৰ্মী কনষ্টানিন ষ্টেনিসলাভাস্কিয়ে তেওঁৰ ছাত্ৰসকলক অভিনয়ৰ কলা কৌশল শিকাবৰ বাবে মেথড অভিনয়ক প্ৰথমে ব্যৱহাৰ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ এন এক্টৰ প্ৰিপেয়াৰছ, বিল্ডিং এ কেৰেক্টাৰ, আৰু ক্ৰিয়েটিং এ ৰোলত ইয়াৰ উল্লেখ আছে।[1]

এই পদ্ধতিটোৰ বিকাশত অৰিহনা যোগোৱা সকলৰ ভিতৰত তিনিজন শিক্ষক ইয়াৰ সফলতাৰ মান নিৰ্ধাৰণ কৰাৰ সৈতে জড়িত। প্ৰতিজনে পদ্ধতিটোৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়ে। এইসকল হৈছে লী ষ্ট্ৰাচবাৰ্গ (মানসিক দিশ), ষ্টেলা এডলাৰ (সমাজতাত্ত্বিক দিশ) আৰু চেনফ'ৰ্ড মেইজনাৰ(আচৰণগত দিশ)।[2] নিউয়ৰ্কৰ থিয়েটাৰ গ্ৰুপ এটাত একেলগে কাম কৰোঁতে এওঁ‌লোকে এই পদ্ধতিটোৰ বিকাশ কৰিছিল।[1]

ইতিহাস আৰু বিকাশ[সম্পাদনা কৰক]

মেথড অভিনয় হৈছে ৰাছিয়ান থিয়েটাৰ অনুশীলনকাৰী কনষ্টানিন ষ্টেনিসলাভাস্কিৰ দ্বাৰা বিকশিত অভিনয়ৰ "প্ৰণালী"ৰ এক বিৱৰণ। বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত, ষ্টানিস্লাভস্কিয়ে তেওঁৰ প্ৰশিক্ষণ, প্ৰস্তুতি আৰু ৰিহাৰ্ছেলৰ কৌশলবোৰ এক সুসংগত, প্ৰণালীবদ্ধ পদ্ধতিত আয়োজন কৰিছিল।

এই পদ্ধতিটো মূলতঃ তিনিটা ধাৰণাৰ ওপৰত নিৰ্মিত (১) মিনিংগেন কোম্পানীৰ পৰিচালক-কেন্দ্ৰিক, একত্ৰিত নান্দনিক আৰু শৃংখলাবদ্ধ, সংযোজক পদ্ধতি; (২) মালিৰ অভিনেতা-কেন্দ্ৰিক বাস্তৱবাদ; (৩) ফৰাচী অভিনেতা এণ্টোইনৰ প্ৰাকৃতিক উপস্থাপন আৰু স্বতন্ত্ৰ থিয়েটাৰ আন্দোলন। মেথড অভিনয়ে এই গোটেইকেইটা ধাৰণাক একত্ৰিত কৰে। [3]

A diagram of Stanislavski's "system", based on his "Plan of Experiencing" (1935)

এই পদ্ধতিটোক ষ্টেনিসলাভাস্কিয়ে অভিজ্ঞতাৰ কলা বুলি কয়। ই অভিনেতা এজনৰ সচেতন চিন্তাক একত্ৰিত কৰে আৰু আন কম নিয়ন্ত্ৰণযোগ্য মানসিক প্ৰক্ৰিয়া যেনে আৱেগিক অভিজ্ঞতা আৰু অৱচেতন মনৰ আচৰণক সহানুভূতিশীল আৰু পৰোক্ষভাৱে সক্ৰিয় কৰে। ৰিহাৰ্চেলত, অভিনেতাজনে চৰিত্ৰটোৱে যিকোনো মুহূৰ্তত কি প্ৰাপ্ত কৰিব বিচাৰে তাৰ সংজ্ঞাৰ বাবে অভ্যন্তৰীণ উদ্দেশ্যৰ সন্ধান কৰে। মেথড অভিনয়ত অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ আচৰণ কিছুমানক চৰিত্ৰটোৰ মনস্তত্ত্বৰ মাজত পুনৰ্জীৱিত কৰিবলৈ চেষ্টা কৰা হয়।[4] পিছত, ষ্টেনিস্লাভস্কিয়ে "শাৰীৰিক কাৰ্যৰ পদ্ধতি" বুলি জনাজাত এক প্ৰক্ৰিয়াৰ সৈতে এই পদ্ধতিটোক আৰু বিস্তৃত কৰে। তেওঁ এক "সক্ৰিয় বিশ্লেষণ"ক উৎসাহিত কৰিছিল, য'ত নাটকীয় পৰিস্থিতিৰ ক্ৰম উন্নত কৰা হয়।

কৌশল[সম্পাদনা কৰক]

মেথড অভিনয়ৰ ধাৰণা আৰু কৌশলবোৰৰ ভিতৰত প্ৰতিষ্ঠাপন, ইন্দ্ৰিয় স্মৃতি, প্ৰভাৱিত স্মৃতি উল্লেখযোগ্য। সমসাময়িক মেথড অভিনেতাসকলে তেওঁলোকৰ চৰিত্ৰটোৰ বিকাশৰ বাবে কেতিয়াবা কেতিয়াবা মনোবিজ্ঞানীসকলৰ সহায় লয়।

ষ্ট্ৰাচবাৰ্গৰ দৃষ্টিভঙ্গীত, অভিনেতাসকলে তেওঁলোকৰ চৰিত্ৰৰ অভিজ্ঞতাৰ ওচৰলৈ আনিবলৈ নিজৰ জীৱনৰ পৰা অভিজ্ঞতাৰ ব্যৱহাৰ কৰে। এই কৌশলত অভিজ্ঞতাৰ সৈতে জড়িত সংবেদনৰ স্মৰণ অন্তৰ্ভুক্ত থাকে যিয়ে অভিনেতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৱেগিক প্ৰভাৱ পেলায়। ইয়াক ষ্টেনিসলাভাস্কিয়ে আৱেগিক স্মৃতি বুলি কৈছিল। জোৰ নকৰাকৈ বা কৃত্ৰিম যেন নলগাকৈ অভিনেতাসকলে সেই সংবেদনবোৰক সহাঁ‌ৰি উদ্দীপিত কৰিবলৈ আৰু নিজকে প্ৰতিহত নকৰিবলৈ চেষ্টা কৰিবলৈ অনুমতি দিয়ে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Krasner (2000b, 130).
  2. Krasner (2000b, 129).
  3. Benedetti (1989, 5–11, 15, 18) and (1999b, 254), Braun (1982, 59), Carnicke (2000, 13, 16, 29), Counsell (1996, 24), Gordon (2006, 38, 40–41), and Innes (2000, 53–54).
  4. Benedetti (1999a, 182–183).