সমললৈ যাওক

মেলানী চিলগাৰ্ডো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেলানী চিলগাৰ্ডো
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লেখক, প্ৰকাশক

মেলানী চিলগাৰ্ডো ((ইংৰাজী: Melanie Silgardo; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি আৰু সম্পাদক। তেওঁ লণ্ডনত বাস কৰে। বম্বেত গোৱান ৰোমান কেথলিক পিতৃ-মাতৃৰ দ্বাৰা ডাঙৰ দীঘল হোৱা মেলানীয়ে ‘ইউনিচ ডি চুজা’ৰ অধীনত অধ্যয়ন কৰিছিল আৰু ১৯৭০ ৰ দশকত ভাৰতৰ অন্যতম প্ৰধান ইংৰাজী ভাষাৰ কবি ৰূপে পৰিগণিত হৈছিল। সহকবি ছাণ্টান ৰড্ৰিগচ্‌ আৰু ৰাউল ডি’ গামা ৰ’জৰ সৈতে, তেওঁ নিউগ্ৰাউণ্ড সমবায় স্থাপন কৰিছিল যিয়ে তেওঁলোকৰ সৃষ্টিসমূহ প্ৰকাশ কৰিছিল। লণ্ডনত অধ্যয়ন কৰি থাকোঁতে, তেওঁ ১৯৮৫ চনত ‘স্কাইজ অৱ ডিজাইন’ প্ৰকাশ কৰে, যি এছিয়ান শাখাত শ্ৰেষ্ঠ প্ৰথম কিতাপৰ ‘কমনৱেলথ কবিতা পুৰস্কাৰ’ লাভ কৰিছিল। ১৯৯০ দশকৰ মাজভাগলৈকে, সৃষ্টিশীল লিখনি আৰু শিক্ষকতালৈ ঘূৰি যোৱাৰ আগতে মেলানীয়ে নাৰীবাদী ‘ভিৰাগো প্ৰেছ’ত কাম কৰিছিল।[1][2][3]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

মেলানী চিলগাৰ্ডোৱে ১৯৫৬ চনত বম্বেত জন্মগ্ৰহণ কৰিছিল। তেওঁ বম্বেৰ ‘ছেইণ্ট জেভিয়াৰ্ছ কলেজ’ত ইংৰাজী অধ্যয়ন কৰিছিল আৰু ১৯৭৬ চনত তাৰপৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৭৮ চনত, মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1]

১৯৭০ দশকৰ মাজভাগত ছাণ্টান ৰড্ৰিগচ্‌ আৰু ৰাউল ডি’ গামা ৰ’জৰ সৈতে একেলগে তেওঁ ‘নিউগ্ৰাউণ্ড সমবায়’ স্থাপন কৰে। মেলানীৰ প্ৰাৰম্ভিক কামসমূহ থ্ৰী প’য়েটচ্‌ - মেলানী চিলগাৰ্ডো, ছাণ্টান ৰড্ৰিগচ্‌, ৰাউল ডি’ গামা ৰ’জত (১৯৭৮)ত প্ৰকাশ হৈছিল।[3] ১৯৮৫ চনত, ‘লণ্ডন কলেজ অৱ প্ৰিণ্টিঙ’ত পঢ়ি থাকোঁতে তেওঁ দ্বিতীয় খন কবিতা সংকলন স্কাইজ অৱ ডিজাইন প্ৰকাশ কৰে, যিয়ে শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থৰ কমনৱেলথ কবিতা বঁটাৰ অধীনত ‘এছিয়ান বঁটা’ লাভ কৰে। [1][4]

১৯৮০ দশকৰ শেষৰ ফালৰ পৰা ১৯৯০ দশকৰ মাজভাগলৈ, তেওঁ নাৰীবাদী ‘ভিৰাগো প্ৰেছ’ৰ কমিছনিং সম্পাদক হিচাপে কাম কৰিছিল য’ত তেওঁ ভিন্নৰঙী গ্ৰাহকৰ সৈতে দিহা-পৰামৰ্শ কৰিছিল আৰু অপেনিং দ্য গেটছ (১৯৮০) শীৰ্ষক এটি বৃহৎ সংগ্ৰহ প্ৰকাশৰ কাম কৰিছিল, য’ত ইংৰাজী ভাষাৰ লিখনিলৈ আৰৱ মহিলাৰ অৱদানক সামৰা হৈছিল। ২০১২ চনত, ডি চুজাৰ সৈতে তেওঁ দিজ মাই ৱৰ্ডচ: দ্য পেংগুইন বুক অৱ ইণ্ডিয়ান প’য়েট্ৰি সংকলন সম্পাদনা কৰিছিল। যদিও তেওঁ আৰু কোনো কাব্য গ্ৰন্থ প্ৰকাশ কৰা নাই, তথাপিও তেওঁক কেৱল নিজৰ কামৰ বাবেই নহয়, মহিলাৰদ্বাৰা লিখিত লেখনিলৈ দেখুওৱা আগ্ৰহৰ বাবেই নাৰীসৃষ্ট কবিতাৰ সমৰ্থনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি গণ্য কৰা হয়। [2]

যদিও চিলগাৰ্ডোই ইউনিচ ডি চুজাৰ পদাংক অনুসৰণ কৰে, তেওঁৰ কবিতাসমূহ খুব বেছি হিংসাত্মক, এই ভাৱনা তেওঁৰ "বোম্বাই" কবিতাত দেখিবলৈ পোৱা যায়, যি চহৰখনৰ বিকাশক আক্ৰমণ কৰে।[5][6] ডি চুজাই নিজে অনুভৱ কৰে যে চিলগাৰ্ডোৰ কবিতাবোৰ "গভীৰভাৱে আৱেগিক কিন্তু কেতিয়াও ঘৃণা উদ্দীপক নহয়"। [7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Sur, Sharanya (March 2016). "The Third Generation: Melanie Silgardo and Manohar Shetty". Cambridge University Press. https://www.cambridge.org/core/books/history-of-indian-poetry-in-english/third-generation-melanie-silgardo-and-manohar-shetty/F75F3ED1CC1AC38417E3B81F0D6F3B1D আহৰণ কৰা হৈছে: 1 October 2020.
  2. 1 2 Bethala, Melony (June 2015). "Poetry Communities and Indian Womanhood". Verbal Arts Centre, Londonderry. Archived from the original on 23 April 2021. https://web.archive.org/web/20210423105449/https://humag.co/features/melony-bethala আহৰণ কৰা হৈছে: 1 October 2020.
  3. 1 2 "The Modern Poets and their Background". Shodh Ganga. https://shodhganga.inflibnet.ac.in/bitstream/10603/211629/8/08_chapter%204.pdf আহৰণ কৰা হৈছে: 1 October 2020.
  4. Papke, Renate (2008). Poems at the Edge of Differences: Mothering in New English Poetry by Women. Universitätsverlag Göttingen. পৃষ্ঠা. 72–. ISBN 978-3-940344-42-7. https://books.google.com/books?id=A2ayKA7Dq8EC&pg=PA72.
  5. "Bombay, Melanie Silgardo". Poetly. https://poetly.substack.com/p/bombay আহৰণ কৰা হৈছে: 1 October 2020.
  6. Thayil, Jeet (2008). The Bloodaxe Book of Contemporary Indian Poets. Bloodaxe. ISBN 978-1-85224-801-7. https://books.google.com/books?id=rJQgAQAAIAAJ.
  7. "Defining Modern Indian Poetry in English". Shodh Ganga. https://shodhganga.inflibnet.ac.in/bitstream/10603/211629/5/05_chapter%201.pdf আহৰণ কৰা হৈছে: 1 October 2020.
  8. Singh, Kanwar Dinesh (2004). Feminism and Postfeminism: The Context of Modern Indian Women Poets Writing in English. Sarup & Sons. পৃষ্ঠা. 99–. ISBN 978-81-7625-460-1. https://books.google.com/books?id=bQG52Iiv79sC&pg=PA99.