সমললৈ যাওক

মৌলিন (ভূ-ৰূপবিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলাস্কাৰ টালকিটনা পৰ্বতমালাৰ স্নোবাৰ্ড হিমবাহৰ এটা বৃহৎ মৌলিনত এজন হাইকাৰে উকি মাৰিছে
হিমবাহৰ বৈশিষ্ট্যসমূহৰ আৰ্হিগত অংকন, যিয়ে মৌলিনে পৃষ্ঠীয় পানীক হিমবাহৰ গুৰিলৈ কেনেকৈ পৰিবহণ কৰে তাক দেখুৱাইছে
আথাবাস্কা হিমবাহৰ ওপৰত এটা মৌলিনত প্ৰৱেশ কৰা পৃষ্ঠৰ পানী

মৌলিন (ইংৰাজী: Moulin or glacier mill) বা হিমবাহ মিল মোটামুটিভাৱে বৃত্তাকাৰ, উলম্ব (বা প্ৰায় উলম্ব) কুঁৱাৰ দৰে খাদ যিটো ভূ-পৃষ্ঠৰ উষ্ণতাই বৰফৰ কঠিনতা দুৰ্বল কৰাৰ ফলত সৃষ্টি হয়। মৌলিন শব্দটো ফৰাচী শব্দ মিলৰ পৰা উদ্ভৱ হৈছে।[1][2]

ইহঁত ১০ মিটাৰ পৰ্যন্ত বহল হ’ব পাৰে আৰু সাধাৰণতে অনুপ্ৰস্থ ফাট থকা অঞ্চলত হিমবাহৰ বৰফৰ তৰপ আৰু সমতল অঞ্চলত এইবোৰ পোৱা যায়। মৌলিনে হিমবাহৰ শ শ মিটাৰ দলৈ যাব পাৰে,[3][4][5] বা সাধাৰণ ফাট গঠনৰ গভীৰতা (প্ৰায় ১০–৪০ মিটাৰ)হে পাব পাৰে। য'ত ধাৰাটো হিমবাহৰ বিপৰীতে বৈ যায়।[6] হিমবাহৰ গুহা গঠনৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল মৌলিন।

মৌলিন হৈছে হিমবাহৰ অভ্যন্তৰীণ গঠনৰ অংশ, যিয়ে গলিত পানীক পৃষ্ঠৰ পৰা যলৈকে যাব পাৰে তললৈ কঢ়িয়াই লৈ যায়।[7] মৌলিনৰ পানী প্ৰায়ে ভিত্তি স্তৰত হিমবাহৰ পৰা ওলাই যায়, কেতিয়াবা সাগৰলৈও যায় আৰু মাজে মাজে মৌলিনৰ তলৰ মূৰটো হিমবাহৰ সন্মুখত বা স্থবিৰ হৈ থকা বৰফৰ ব্লকৰ প্ৰান্তত উন্মুক্ত হ’ব পাৰে।

মৌলিনৰ পৰা ওলোৱা পানীয়ে হিমবাহৰ গুৰিঅংশ নিমজ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত হিমবাহৰ গতিত প্ৰভাৱ পৰিব পাৰে। বৰফৰ তৰপ আৰু ভূখণ্ডৰ মাজত উপযুক্ত সম্পৰ্ক থাকিলে মৌলিনত থকা পানীৰ মূৰে সুৰংগ উপত্যকা গঠন হ’ব পৰা শক্তি আৰু মাধ্যম প্ৰদান কৰিব পাৰে। বৰফৰ তৰপ আৰু হিমবাহৰ গুৰি নিমজ কৰাত এই পানীৰ ভূমিকা জটিল আৰু ই হিমবাহৰ গতি আৰু নতুন হিমবাহৰ জন্মৰ হাৰ ত্বৰান্বিত কৰাত জড়িত হৈ পৰে।[8]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Neuendorf, K.K.E., J.P. Mehl, Jr., and J.A. Jackson, J.A., eds. (2005) Glossary of Geology (5th ed.). Alexandria, Virginia, American Geological Institute. 779 pp. আই.এচ.বি.এন. 0-922152-76-4
  2. "SwissEduc - Glaciers online - Photoglossary". www.swisseduc.ch. https://www.swisseduc.ch/glaciers/glossary/moulin-en.html। আহৰণ কৰা হৈছে: 2022-10-24. 
  3. "Glacial moulin formation triggered by rapid lake drainage" (en ভাষাত). phys.org. 2018. https://phys.org/news/2018-01-glacial-moulin-formation-triggered-rapid.html. 
  4. Glacial moulin formation triggered by rapid lake drainage (Video). Archived from the original on 2021-12-21.  Unknown parameter |url-status= ignored (help)
  5. Phillips, T.; Leyk, S.; Rajaram, H.; Colgan, W.; Abdalati, W.; McGrath, D.; Steffen, K. (September 2011). "Modeling moulin distribution on Sermeq Avannarleq glacier using ASTER and WorldView imagery and fuzzy set theory". Remote Sensing of Environment খণ্ড 115 (9): 2292–2301. doi:10.1016/j.rse.2011.04.029. https://www.williamcolgan.net/pubs/S003442571100157X.pdf. 
  6. "Moulin 'Blanc': NASA Expedition Probes Deep Within a Greenland Glacier". Earth Observatory. NASA. Dec 11, 2006. https://www.nasa.gov/vision/earth/lookingatearth/moulin-20061211.html। আহৰণ কৰা হৈছে: 2009-06-17. 
  7. Amos, Jonathan (Dec 21, 2008). "Explorers dive under Greenland ice". BBC News. http://news.bbc.co.uk/2/hi/science/nature/7780200.stm। আহৰণ কৰা হৈছে: 2009-06-17. 
  8. Hoffman, Matthew J.; Perego, Mauro; Andrews, Lauren C.; Price, Stephen F.; Neumann, Thomas A.; Johnson, Jesse V.; Catania, Ginny; Lüthi, Martin P. (28 January 2018). "Widespread Moulin Formation During Supraglacial Lake Drainages in Greenland (Open Access)". Geophysical Research Letters খণ্ড 45 (2): 778–788. doi:10.1002/2017GL075659.