যতি-চিন
অৱয়ব
| এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা (,), দাৰি (।), আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰকে 'যতি-চিহ্ন' বোলা হয়।
বিভিন্ন যতি-চিন
[সম্পাদনা কৰক]- কমা (,)
- চেমিকোলন (;)
- দাৰি (। )
- সন্দেহবোধক চিন (?)
- ভাববোধক চিন (!)
- প্ৰশ্নবোধক চিন (?)
- ডেচ্ চিন বা ঢাপলি ৰেখা (_)
- কোলন চিন (:-)
- হাইফেন বা সমাস চিহ্ন (-)
- ঊৰ্ধ্ব কমা (“__”)
- বন্ধনী চিন
- চন্দ্ৰ বন্ধনী ( )
- কুটিল বন্ধনী { }
- বৰ বন্ধনী [ ]
- কাপ পো চি (^)
- লুপ্ত চিন (***)
- পাদটীকা বা ফুট নোট (*, +)
বিভিন্ন চিনবোৰৰ ব্যৱহাৰ
[সম্পাদনা কৰক]- কমা (,): এই চিহ্ন টো পঢ়ি থকাৰ মাজত কিছু বিৰতিৰ বাবে ব্যৱহাৰ কৰা হয় ।
কমাৰ ব্যৱহাৰ -
- একে ধৰণৰ কেইবাটাও শব্দ পৃথককৈ বুজাবলৈ। (যেনে— ৰাম, হৰি আৰু যদু আহিছে।)
- সম্বোধনবাচক শব্দ পৃথক কৰিবলৈ। (যেনে— হে প্ৰভু, মোক ৰক্ষা কৰা।)
- চেমিকোলন বা অৰ্দ্ধচ্ছেদ (; ): দুটা স্বতন্ত্ৰ বাক্যৰ মাজত সম্পৰ্ক ৰাখিবলৈ আৰু কমাতকৈ অলপ বেছি সময় ৰ’বলৈ চেমিকোলন ব্যৱহাৰ কৰা হয় । ইয়াত প্ৰায় দুটা সংখ্যা উচ্চাৰণ কৰা সময়খিনি ৰ’ব লাগে ।
- উদাহৰণ: তেওঁ ধনী হ’ব পাৰে; কিন্তু তেওঁ এজন কৃপণ মানুহ।
- দাৰি বা পূৰ্ণচ্ছেদ (।):কোনো বৰ্ণনামূলক সাধাৰণ বাক্য সম্পূৰ্ণৰূপে শেষ হ’লে বাক্যটোৰ অন্তত এই চিহ্ন ব্যৱহাৰ কৰা হয়। ইয়াক পূৰ্ণবিৰাম মাত্ৰা বুলিও কোৱা হয়, কাৰণ ইয়াত পঢ়োঁতে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ’ব লাগে।
- উদাহৰণ: আমি কাইলৈ গুৱাহাটীলৈ যাম।
- প্ৰশ্নবোধক চিহ্ন ( ? ): কোনো কথা জানিবলৈ বা প্ৰশ্ন সুধিবলৈ বাক্যৰ শেষত এই চিহ্ন দিয়া হয়।
- উদাহৰণ: তোমাৰ ঘৰ ক’ত?
- ভাববোধক বা বিস্ময়বোধক চিহ্ন ( ! ): আনন্দ, দুখ, ভয়, ঘৃণা বা বিস্ময় আদি মনৰ আকস্মিক ভাব প্ৰকাশ কৰিবলৈ এই চিহ্ন ব্যৱহাৰ কৰা হয়।
- উদাহৰণ: বাহ ! কি ধুনীয়া ফুল।
- কোলন ( : ):কোনো কথাৰ তালিকা দিবলৈ, উদাহৰণ দিবলৈ বা কাৰোবাৰ নাম উল্লেখ কৰি তেওঁৰ কথাখিনি ক’বলৈ কোলন ব্যৱহাৰ হয়।
- উদাহৰণ: আমাৰ ৰাজ্যৰ প্ৰধান জিলাসমূহ হ’ল: কামৰূপ, ডিব্ৰুগড়, লখিমপুৰ আদি।
- ডেশ্ব বা ঢাপলি ৰেখা ( — ):কোনো ভাব বিশদভাৱে বুজাবলৈ বা কথাৰ মাজত হঠাৎ পৰিৱৰ্তন হ’লে ডেশ্ব ব্যৱহাৰ হয়। ই হাইফেনতকৈ দীঘল।
- উদাহৰণ: ল’ৰাটো আহিল— পিছে হাতত একো নাই।
- হাইফেন বা সমাস চিহ্ন ( - ): দুটা বা ততোধিক শব্দ লগ লগাই এটা শব্দ কৰিবলৈ বা সমাসবদ্ধ পদত হাইফেন ব্যৱহাৰ হয়। ই ডেশ্বতকৈ চুটি।
- উদাহৰণ: সুখ-দুখ, ঘৰ-দুৱাৰ, খেল-ধেমালি।
- উদ্ধৃতি চিহ্ন ( “ ” বা ‘ ’ ):কাৰোবাৰ মুখৰ কথা হুবহু প্ৰকাশ কৰিবলৈ বা কোনো বিশেষ শব্দ বা বাক্যৰ ওপৰত গুৰুত্ব দিবলৈ এই চিহ্ন ব্যৱহাৰ কৰা হয়। ইয়াক ঊৰ্ধ্ব কমা বুলিও জনা যায়।
- উদাহৰণ: মহাত্মা গান্ধীয়ে কৈছিল, “অহিংসাই পৰম ধৰ্ম”।
- বন্ধনী ( Bracket ): বাক্যৰ মাজত কোনো শব্দৰ অৰ্থ বা ভাঙনি দেখুৱাবলৈ বন্ধনী ব্যৱহাৰ কৰা হয়। অসমীয়া ভাষাত চন্দ্ৰ বন্ধনী ( ), কুটিল বন্ধনী { } আৰু বৰ বন্ধনী ব্যৱহাৰ কৰা হয়।
| এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |