যাদু বিদ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত৷ কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত৷ প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজ সাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়৷ যাদু বিদ্যাক অন্ধবিশ্বাসৰ ফলশ্ৰুতি বুলি নকৈ পূৰ্ণমাত্ৰা বিশ্বাসৰ ফলত প্ৰাপ্ত সাধনাৰ ফল বুলি তেওঁলোকে ক’ব খোজে৷ বিজ্ঞানৰ বলত আধুনিক জগতত যেনে ধৰণৰ কাম কাজবোৰ সমাধা কৰা সম্ভৱ হৈছে অতি প্ৰাচীন কালত যাদুৰ বলত এনেবোৰ কাম সমাধা কৰিবলৈ চেষ্টা কৰা হৈছিল৷ প্ৰাচীন পুথি-পাঁজি অধ্যয়ন কৰি যাদুকৰসকলে কয় যে যাদু-মন্ত্ৰৰ প্ৰভাৱেৰে কিছুমান অসম্ভৱকো সম্ভৱ কৰা হৈছিল৷

বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি , যাদুক কলা হিচাপে লৈ মনোৰঞ্জনৰ বাবে নানা কৌশল প্ৰয়োগ কৰি যাদুকৰসকলে জীৱিকাৰ পথ কৰি লৈ সফল হৈছে৷ কেৱল ইমাণেই নহয়, যাদু শিক্ষাৰ কোনো ধৰণৰ জ্ঞান নথকা ভণ্ড বেজে নানা বেমাৰ-আজাৰ তথা সমস্যাত ভূগি মনোবল হেৰুৱাই পেলোৱা লোকক ঠগ-প্ৰৱঞ্চনা কৰাটোকেই নিজৰ জীৱিকাৰ পথ হিচাপে লৈছে আৰু এনেদৰে এচাম লোক অন্ধ বিশ্বাসৰ বলি হৈছে বুলি বহুতে অভিমত দিয়ে৷

যাদুৰ সংজ্ঞা[সম্পাদনা কৰক]

যাদু (ভ্ৰম)[সম্পাদনা কৰক]

হাতৰ কাৰ্চাজি ,তালিবাজি বা অন্য পদ্ধতিৰে আধিভৌতিক কাণ্ড আপাত দৃষ্টিত সমাপন কৰি দেখুওৱাকে যাদু বোলে৷ ইয়াক এটি পাৰফৰ্মিং আৰ্ট বা পৰিবেশনমুলক শিল্পও কোৱা হয়৷ এনে কাৰ্য্যত সম্পূৰ্ণ প্ৰাকৃতিক উপায় তথা উপকৰণ ব্যৱহাৰ কৰা হয়৷ যাদুকৰসকলে সুবিধা বুজি দৰ্শকক হাতকৰি লৈও অসম্ভৱ কাৰ্য্য সম্ভৱ কৰা প্ৰতিপন্ন কৰে৷ তাকে কৰি বিভ্ৰম ঘটাই শ্ৰোতা-দৰ্শকক চকুত ধূলি দি ঘটনা-পৰিঘটনাৰ সৃষ্টি কৰা দেখুৱাই তেওঁলোকক আমোদ দিয়ে৷ যাদু খেলৰ উদাহৰণ তলত দিয়া হ'ল৷

  • দুটা একেধৰণৰ খালি টেমা লৈ দুয়োটাকে মাজ ভাগতে সুন্দৰকৈ কাটি লোৱা হয়৷ তাৰ পিছত দুয়োটা টেমাৰে সাঁফৰ থকা অংশ দুটা লৈ দুফালে দুখন সাঁফৰ থাকিবলৈ দি মাজত খাপ খাই পৰা বিভাজক দি ইটোৰ পৰা সিটো টেমা পৃথক কৰা হয়৷ এইদৰে দৃশ্যতঃ এটা টেমা হোৱাৰ পিছত এফালে চেনি আনফালে বালি ভৰাই লৈ যাদুকৰে 'গিলি গিলি ফু--৷'ইত্যাদি কৈ দৰ্শকৰ অমনোযোগিতাৰ সুযোগ লৈ একেটা টেমাৰ পৰা এবাৰ বালি এবাৰ চেনি উলিয়াই বাহ্ বাহ্ লয়৷
  • অন্যদৰ্শকবৃন্দই নজনাকৈ দুজন দৰ্শকক হাতকৰি এজনৰ পৰা এটা বস্তু খুজি লৈ সেইটো নষ্ট কৰি বা পেলাই দি দৰ্শকক হাতচাপৰি বজাবলৈ কৈ নিজৰ নিজৰ পকেটত বস্তুটোৰ সন্ধান কৰিবলৈ ক'লে দ্বিতীয়জনে ইতিপূৰ্বে পকেটত থোৱা বস্তুটো উলিয়াই দিলেই দৰ্শক আচৰিত হয় আৰু আমোদ পায়৷

যাদু(অস্বাভাৱিক)[সম্পাদনা কৰক]

যাদু হ'ল প্ৰাকৃতিক শক্তিসমূহক কাৰ্চাজি কৰিবলৈ ব্যৱহৃত অস্বাভাৱিক(অবৈজ্ঞানিক) পদ্ধতি৷ ইয়াত বিভিন্ন প্ৰাকৃতিক ঘটনাৰ আধিভৌতিক ব্যাখ্যা দাঙি ধৰা হয়৷ ই এক ধাৰণাগত প্ৰদ্ধতি যাৰ মাধ্যমত মানুহে প্ৰকৃতিৰ স্বাভাৱিক কোনো ঘটনা , বস্তু,জীৱ বা ভূত কাৰ্য্য-কলাপৰ অতিন্দ্ৰীয় , আধিভৌতিক বা অতিপ্ৰাকৃত ব্যাখ্যা প্ৰতিষ্ঠিত কৰে৷ এনে যাদুবিদ্যাৰ বিষয়ে এইবিদ্যাৰ স'তে জড়িত পণ্ডিতসকলে বিষদ বিৱৰণ দিছে৷

“ব্যোমবক্ত্ৰং মহাকায়ং প্ৰলয়াগ্নিসমপ্ৰভম৷
অভেদ্যভেদকং স্তৌমি ক্ৰোধভৈৰবনামকম৷৷”

অৰ্থাৎ ‘আকাশৰ দৰে বদনবিশিষ্ট, প্ৰকাণ্ড দেহধাৰী আৰু প্ৰলয়কালৰ অগ্নিৰ দৰে আভাবিশিষ্ট তথা অভেদ্যভেদক উন্মত্ত ক্ৰোধ ভৈৰৱদেৱক প্ৰথমেই আৰাধনা কৰোঁ৷’-------যাদুশিক্ষাৰ পাতনিতে এইদৰে ভৈৰৱদেক আৰাধনা কৰে৷

ষট্ কৰ্ম্ম বিদ্যা[সম্পাদনা কৰক]

  1. শান্তিকৰ্ম্ম
  2. বশীকৰণ
  3. স্তম্ভন
  4. বিদ্বেষণ
  5. উ্চ্চাটন
  6. মাৰণ

এই ছয়বিধ কৰ্ম্মকে পণ্ডিতসকলে ষট্ কৰ্ম্ম নামেৰে অভিহিত কৰিছে৷ ইয়াৰ দ্বাৰা ক্ষীণবল মানৱে নানা ধৰণৰ অসাধ্য , অসম্ভৱ আৰু অদ্ভ্যুৎ কাণ্ড-কাৰাখানা অনায়াসে সাধন কৰিব পাৰে বুলি এই বিদ্যাত বিশ্বাসীসকলে মত পোষণ কৰে৷ দেৱতা আৰু মন্ত্ৰত যাৰ বিশ্বাস আছে , হৃদয়ত ভক্তি আছে , প্ৰাণত একাগ্ৰতা আছে , তেওঁলোকে উক্ত কৰ্ম্মত সিদ্ধি লাভ কৰিব পাৰে বুলি তেওঁলোকে দৃঢ়তাৰে কয়৷ যি কাৰ্য্যৰ দ্বাৰা বিষনাশ হয়, বিৰূদ্ধজনিত দোষ আৰু কুকৃত্য অৰ্থাৎ শত্ৰুৱে কৰা মাৰণাদি কাৰ্য্য নিবাৰিত হয় তাকে শান্তি আৰু বশীকৰণ কৰ্ম্ম বোলে৷ যিবোৰ কৰ্ম্মৰ দ্বাৰা আনৰ প্ৰবৃতিৰোধ অৰ্থাৎ কাৰ্য্যকাৰিতা শক্তি নষ্ট কৰা যায় তাকে স্তম্ভনকাৰ্য্য বোলে৷ পৰস্পৰ স্নেহসূত্ৰে আৱদ্ধ প্ৰণয়িবৰ্গৰ স্নেহৰ বিচ্ছেদ ঘটাই দিয়াকে বিদ্বেষণ কাৰ্য্য বোলে৷ যি কাৰ্য্যৰ দ্বাৰা কোনো লোকক স্বদেশৰ পৰা বিতাৰণ কৰা হয় , তাকে উচ্চাটন বোলে৷ অন্যহাতে যি কাৰ্য্যৰ দ্বাৰা জীৱগণক বিনষ্ট কৰা যায় ,তাকে মাৰণ বোলে৷ এইবিলাক কাৰ্য্য সাধন কৰিবলৈ হ’লে , ষট্ কৰ্ম্মৰ প্ৰত্যেক দেৱতা , দিশ,আসন ইত্যাদি বিষয়ে জানি লৈহে কামত অগ্ৰসৰ হ’য়, অন্যথাই ফলাফল লাভ কৰাৰ সম্ভাৱনা নাই৷ সকলোবিধ কাৰ্য্য সাধনৰ একোটা পৃথক অনুষ্ঠান আছে৷ ইয়াক এৰাই চলি কোনো কাম কৰিলে সেয়া সুসিদ্ধ নহয় বুলি যাদু বিদ্যাৰ গুৰুসকলে কয়৷ তন্ত্ৰশাস্ত্ৰত পৃথক পৃথক কাৰ্য্যৰ বাবে পৃথক নিয়ম নিৰ্দ্দিষ্ট কৰি থোৱা আছে৷ যি কোনো কামত কৃতকাৰ্য্য হ’বলৈ হ’লে যিধৰণে যিনিয়মে আৰু যিসময়ত তাত প্ৰবৃত্ত হ’ব লাগে সেই সেই বিষয়ে আগেয়ে জনা দৰকাৰ৷ এইবোৱ যথাযথ ভাৱে জানি যদি কাৰ্য্যক্ষেত্ৰত অগ্ৰসৰ হয় , তেনেহলে কেতিয়াও নিৰাশ হ’ব লগা নহয়৷ কেৱল মাত্ৰ মন্ত্ৰ পাঠ বা জপ কৰিলেই কাৰ্য্যসিদ্ধি নহয়৷ যিকোনো ধৰণৰ কাৰ্য্য সাধন কৰিবলৈ হ’লে চিত্তৰ একাগ্ৰতা আৰু সদ্ গুৰুৰ উপদেশ আৱশ্যক৷ সকলোবোৰ তন্তৰ-মন্ত্ৰই গুৰূপদিষ্ট নহ’লে তাৰ দ্বাৰা কোনো ফল পোৱা নাযাব৷ মূলতঃ সাধনা কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে প্ৰথমে যথাসাধ্য ইন্দ্ৰীয়-সংযমসহকাৰে নিজ-গুৰুৰ ওচৰত দী্ক্ষা গ্ৰহণ কৰিব লাগিব , পিছত তেৰাৰ উপদেশ অনুযায়ী কাৰ্য্য কৰি যাব লাগিব৷

ষট্ কৰ্ম্মৰ দেৱতা[সম্পাদনা কৰক]

ভিন্ন ভিন্ন কামৰ বাবে ভিন্ন দেৱতা,দিক্ ,কাল, আসন প্ৰভৃতি নিৰ্দ্দিষ্ট কৰি থোৱা আছে ; গতিকে প্ৰথমে এইবোৰ বিষয়ে জনা দৰকাৰ৷ কোন সময়ত কোন কাৰ্য্য কিধৰণে অনুষ্ঠিত কৰিব লাগে, কোনটো দিশত বহি কোন আসনত কেনেদৰে বহি কোন কাৰ্য্য কৰা হয় আৰু কোন কাৰ্য্য সাধনৰ আগত কোন দেৱতাৰ পূজা কৰা কৰ্ত্তব্য তাক নজনাকৈ কাৰ্য্য কৰিলে সিদ্ধি লাভৰ সম্ভাৱনা নাই বুলি এই বিদ্যাৰ গুৰুসকলে মত পোষণ কৰে৷

এতিয়া ষট্ কৰ্ম্মৰ দেৱতাসকলৰ নাম কোৱা হৈছে----

  • শান্তিকাৰ্য্যৰ দেৱতাৰ ৰতি
  • বশীকৰণৰ দেৱী ব
  • স্তম্ভন কাৰ্য্যৰ দেৱী ৰমা
  • বিদ্বেষণ কাৰ্য্যৰ জ্যেষ্ঠা
  • উচ্চাটনৰ দেৱী দূৰ্গা
  • মাৰণ কাৰ্য্যৰ দেৱী ভদ্ৰকালী

গতিকে কাৰ্য্যত প্ৰবৃত্ত হোৱাৰ আগত কৰ্ম্ম বিভাজন অনুযায়ী দেৱতা গৰাকীৰ যথাবিহিত পূজা কৰি কাৰ্য্যানুষ্ঠান কৰা হয়৷

দেৱতাৰ অৱস্থিতি ভাব[সম্পাদনা কৰক]

কোন কৰ্ম্মত দেৱতাক কি ধৰণে অৱস্থিত কৰি চিন্তা কৰা হয় তাক উল্লেখ কৰা যাওক৷ মাৰণ কাৰ্য্য কৰিবলৈ হ’লে দেৱতাক উত্থিত, উচ্চাটনত নিদ্ৰিত আৰু অন্যান্য কাৰ্য্যত সমাসীন চিন্তা কৰা হয়৷

দেৱতাৰ বৰ্ণ[সম্পাদনা কৰক]

এতিয়া ষট্ কৰ্ম্মত কোন দেৱতাক কেনে ধৰণৰ বৰ্ণবিশিষ্ট ধ্যান কৰা যায় তাক কোৱা হওক৷ বশীকৰণ,আকৰ্ষণ,উন্মাদকৰণ আৰু ক্ষোভন কাৰ্য্যত দেৱতাক শোণিতবৰ্ণ ; শান্তি, পুষ্টি আৰু নিৰ্ব্বিষীকৰণত শুক্লবৰ্ণ ; স্তম্ভন কাৰ্যভত পীতবৰ্ণ ; উচ্চাটনত ধূম্ৰবৰ্ণ ; বিদ্বেষণত মিশ্ৰবৰ্ণ আৰু মাৰণকাৰ্য্যত কৃষ্ণবৰ্ণ চিন্তা কৰা হয়৷

সাত্ত্বিকাদি ভেদে বৰ্ণ চিন্তন[সম্পাদনা কৰক]

সাত্ত্বিক কাৰ্য্যত দেৱতাক সমাসীন আৰু শুক্লবৰ্ণ চিন্তা কৰা হয়৷ ৰাজসিক কৰ্ম্মত পীত, ৰক্ত বা শ্যামবৰ্ণ চিন্তা কৰা যায়৷ তামসিক কৰ্ম্মত দেৱতাক কৃষ্ণবৰ্ণ আৰু যানমাৰ্গ পৰিস্থিতিত জ্ঞান কৰে৷ যিসকলে মোক্ষলাভ কামনা কৰে তেওঁলোকে ৰাজসিক কৰ্ম্মৰ অনুস্থান কৰে৷ তামস কৰ্ম্মৰ অনুস্থান কৰি শত্ৰুবিনাশ,ৰোগশান্তি আৰু উপদ্ৰব শান্তি কৰিব লাগে বুলি বিধান আছে৷

ষট্ কৰ্ম্মৰ দিক নিৰ্ধাৰণ

ঈশান কোণ শান্তিকৰ্ম্মত, উত্তৰ দিক বশীকৰণত, পূৰ্ব্বদিক স্তম্ভনকৰ্ম্মত, নৈঋত কোণ বিদ্বেষণ কৰ্য্যত, বয়ুকোণ উচ্চাটন কাৰ্য্যত আৰু অগ্নি কোণ মাৰণ কাৰ্য্যত প্ৰশস্ত৷ এই ধৰণেই উপবেশন কৰি কাৰ্য্য সমাপন কৰে৷ অন্যথাই কাৰ্য্য সিদ্ধি নহ’য় বুলি গুৰুসকলে কৈছে৷ চামুণ্ডাতন্ত্ৰত এইবোৰ বিতংভাৱে উল্লেখ আছে৷

ষট্ কৰ্ম্মৰ ঋতু কাল নিয়ম

দিনৰাতিৰ মাজত কৰ্ম্ম পৰম্পৰাত ছয় ঋতুৰ উদয় হয়৷ সূৰ্য্যোদয়ৰ পৰা দহ দহ দণ্ডত এটা এটা ঋতু সংঘটন হয়৷ প্ৰথম দহ দণ্ড বসন্ত ঋতু, দ্বিতীয় দহ দণ্ড গ্ৰীস্ম, তৃতীয় দহ দণ্ড বৰ্ষা ,চতুৰ্থ দহ দণ্ড শৰৎ, পঞ্চম দহ দণ্ড হেমম্ত আৰু ষষ্ঠ দহ দণ্ড শীত ঋতু বুলি ধৰা হয়৷ মুঠতে, অৰ্দ্ধ ৰাতি শৰৎ , প্ৰভাতত হেমন্ত , পূৰ্বাহ্নত বসন্ত, মধ্যাহ্নত গ্ৰীস্ম, অৰাহ্নত বৰ্ষা আৰু সন্ধ্যা শীত কাল৷ শান্তি কৰ্ম্মত হেমন্ত, বশীকৰণত বসন্ত, স্তম্ভনত শীত, বিদ্বেষণত গ্ৰীস্ম, উচ্চাটনত বৰ্ষা আৰু মাৰণ কাৰ্য্যত শৰৎ ঋতু বিহিত৷ এই ধৰণে দিনৰ কোন কোন সময়ত কোন ঋতু উদয় হয় , নিৰ্ণয় কৰি যট্ কৰ্ম্ম সমাপন কৰে৷

ষট্ কৰ্ম্মৰ তিধি বাৰ

শান্তিকৰ্ম্মত দ্বিতীয়া,পঞ্চমী আৰু সপ্তমী তিথি তথা বুধ, বৃহস্পতি আৰু সোমবাৰ প্ৰশস্ত৷ বৃহস্পতি আৰু সোমবাৰে ষষ্ঠী,চতুৰ্থী ,ত্ৰয়োদশী,নৱমী, অষ্টমী আৰু দশমী তিথি হ’লে সেইদিনা পুষ্টিকৰ্ম্ম সফল হয়৷ যি কৰ্ম্মৰ দ্বাৰা ধন-জনাদি ক্ৰমান্বয়ে বৃদ্ধিপ্ৰাপ্ত হয়, মুনিসকলে তাকেই পুষ্টিকৰ্ম্ম বুলি কৈছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • প্ৰাচীন পুথি--যাদু শিক্ষা (লেখকৰ নাম পোৱা নগ'ল)কৰুণ নাথদিপাংকৰ বৰঠাকুৰ